ডিজিটেল ডেস্ক : অৱশেষত জল্পনা- কল্পনাৰ অন্ত পেলাই প্ৰকাশ পালে আই পি এল ২০২৫ৰ ফ্ৰেন্সাইজিসমূহৰ ৰিটেইন খেলুৱৈৰ তালিকা। চৰ্চা চলি থকাৰ দৰেই এইবাৰ নিজ নিজ ফ্ৰেন্সাইজিয়ে এৰিছে ভাৰতীয় ক্ৰিকেটৰ তিনি তাৰকা ঋষভ পণ্ট, কে এল ৰাহুল আৰু শ্ৰেয়স আয়াৰক।
আনহাতে অধিনায়ক হিচাপে দায়িত্বত নাথাকিলেও মুম্বাই ইণ্ডিয়ানছৰ সৈতেই থকাৰ সিদ্ধান্ত লৈছে ৰোহিত শৰ্মাই। ইয়াৰ উপৰি হাৰ্ডিক পাণ্ডিয়া, বুমৰাহ, সূৰ্যকুমাৰ যাদৱকো এৰি দিয়া নাই মুম্বাই ইণ্ডিয়ানছে। তেঁওলোকৰ দাম হৈছে- যশপ্ৰীত বুমৰাহ ১৮ কোটি, সূৰ্যকুমাৰ যাদৱ ১৬.৩৫ কোটি, হাৰ্দিক পাণ্ডিয়া ১৬. ৩৫ কোটি আৰু ৰোহিত শৰ্মা ১৬.৩০ কোটি।
আগন্তুক ছিজনৰ আই পি এলৰ নিলামত দাম বাঢ়িছে অসম সন্তান ৰিয়ান পৰাগৰ। আন্তৰ্জাতিক পৰ্যায়ত উপনীত হোৱাৰ পাছতে বৃদ্ধি হৈছে ৰিয়ানৰ দাম। ৰিয়ানক এইবাৰ ৰাজস্থান ৰয়লছে পূৰ্বতকৈ বহু পৰিমাণৰ ধনৰে ক্ৰয় কৰিব লগা হৈছে।
ৰিয়ানক ফ্ৰেন্সাইজিটোৱে ১৪ কোটি টকাৰ বিনিময়ত দলত পুনৰ ৰাখিবলৈ বাধ্য হয়। তেঁওৰ লগতে সঞ্জু ছেমছনক ১৮ কোটি আৰু যশস্বী জয়ছোৱালকো ১৮ কোটি টকাত ক্ৰয় কৰিছে ফ্ৰেন্সাইজিটোৱে।
একেদৰে দাম বাঢ়িছে ৰিংকু সিঙৰ। ১৩ কোটি টকাৰ বিনিময়ত কলকাতা নাইট ৰাইডাৰ্ছতে থাকিল ৰিংকু সিং। কলকাতা নাইট ৰাইডাৰ্ছৰ আন কেইগৰাকীৰ দাম এনেধৰণৰ- বৰুণ চক্ৰৱৰ্তী ১২ কোটি, সুনীল নাৰিন ১২ কোটি, আন্দ্ৰে ৰাছেল ১২ কোটি, হৰ্ষিত ৰাণা ৪ কোটি আৰু ৰমনদীপ সিঙক ৪ কোটি টকা।
প্ৰকাশিত তালিকা মতে চেন্নাই চুপাৰ কিংছতে থাকিল মহেন্দ্ৰ সিং ধোনী, শিৱম ডুবেকে ধৰি আন কেইবাগৰাকী খেলুৱৈ। তেঁওলোকক ফ্ৰেন্সাইজিটোৱে ভালেসংখ্যক ধনৰ বিনিময়ত দলত ৰাখিব লগা হৈছে। ৰুতুৰাজ গাইকোৱাড়ৰ মূল্য হৈছে ১৮ কোটি টকা।
একেদৰে শিৱম ডুবে ১২ কোটি, ৰবীন্দ্ৰ জাদেজা ১৮ কোটি আৰু এম এছ ধোনীক ৪ কোটি টকাত চেন্নাই দলে ক্ৰয় কৰিছে। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ হৈ পুনৰ খেলিব বিৰাট কোহলিয়ে। তেঁওক ২১ কোটি টকাৰ বিনিময়ত দলটোৱে ক্ৰয় কৰিছে। তেঁওৰ উপৰি ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুত ৰজত পাটিদাৰ ১১ কোটি, যশ দয়ালক ৫ কোটি টকাত দলটোৱে ক্ৰয় কৰিছে।
আনহাতে দিল্লী কেপিটেলছে অক্ষৰ পেটেলক ১৬.৫ কোটি আৰু কুলদীপ যাদৱক ১৩.২৫ কোটি টকাত ক্ৰয় কৰিছে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টেছে ৫ জন খেলুৱৈক ৰিটেইন কৰিছে। তেঁওলোক হৈছে- নিকোলাছ পুৰাণ ২১ কোটি, ৰবি বিষ্ণই ১১ কোটি, মায়ংক যাদৱ ১১ কোটি, মহছিন খান ৪ কোটি আৰু আয়ুষ বাদনিক ৪ কোটি টকাত দলত ৰাখিছে।
ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ক্ষেত্ৰত এটা কথা উল্লেখ কৰিব লাগিব। সেয়া হৈছে এইবাৰৰ আই পি এলত সৰ্বাধিক ধনৰ বিনিময়ত হেনৰি ক্লাছেনক ক্ৰয় কৰিছে ফ্ৰেন্সাইজিটোৱে। ক্লাছেনক ২৩ কোটি টকাৰে ক্ৰয় কৰিছে। ইয়াৰ উপৰি পেট কামিন্স ১৮ কোটি, অভিষেক শৰ্মা ১৪ কোটি আৰু নিতিশ ৰেড্ডীক ৬ কোটি টকাত ক্ৰয় কৰা হৈছে।
অন্যহাতে গুজৰাট টাইটানছে ৰছিদ খানক ১৮ কোটি টকাৰ বিনিময়ত ক্ৰয় কৰিছে। শুভমন গীলক ১৬.৫ কোটি টকাত ক্ৰয় কৰিছে গুজৰাটে। পঞ্জাৱ কিংছত ২ জন খেলুৱৈক ৰখা হৈছে। তেঁওলোক হৈছে- শশাংক সিং ৫.৫ কোটি আৰু প্ৰভসিমৰন সিং ৪ কোটি টকা।
Also Read: কাৰ কাৰ মাজত হ'ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ? ভাৰতৰ সন্মুখত আছে ডাঙৰ প্ৰত্যাহ্বান...