আই পি এলৰ দৰে টি-২০ ফ্ৰেন্সাইজি লীগে ধ্বংস কৰি আনিছে ক্ৰিকেটক : ইংলেণ্ড ক্ৰিকেট ব'ৰ্ড

author-image
Asomiya Pratidin
New Update
আই পি এলৰ দৰে টি-২০ ফ্ৰেন্সাইজি লীগে ধ্বংস কৰি আনিছে ক্ৰিকেটক : ইংলেণ্ড ক্ৰিকেট ব'ৰ্ড

ডিজিটেল ডেস্ক : সম্ভৱত সমগ্ৰ বিশ্বৰ টি-২০ ফ্ৰেন্সাইজি লীগ সমূহৰ ভিতৰত সকলোতকৈ জনপ্ৰিয় আৰু ব্যয়বহুল হৈছে আই পি এল, অৰ্থাৎ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ । কি নাই এই প্ৰতিযোগিতাত ? প্ৰচুৰ ধন, গ্লেমাৰ, জনপ্ৰিয়তাৰ উপৰিও আই পি এল কেন্দ্ৰিক জুৱাৰ এক বৃহৎ বজাৰ । কিন্তু আই পি এলৰ দৰে সংস্কৰণে যেন এফালৰ পৰা গ্ৰাস কৰি আহিছে ক্ৰিকেটক । এই মন্তব্য ইংলেণ্ড ক্ৰিকেট ব'ৰ্ডৰ ।

ইংলেণ্ড ক্ৰিকেট ব'ৰ্ডৰ ভাষ্য অনুসৰি, বিশ্বৰ বিভিন্ন প্ৰান্তত গঢ় লৈ উঠা টি-২০ ফ্ৰেন্সাইজি লীগসমূহত আৰ্জন আৰু ব্যয় হোৱা ধনৰ পৰিমাণে লাহে লাহে লালসা জগাইছে ক্ৰিকেটাৰসকলৰ মাজত । যাৰ বাবে বিগত বছৰটোত ইংলেণ্ডৰ ক্ৰিকেটাৰসকলৰ পাৰিশ্ৰমিকৰ নামত অতিৰিক্ত ৫৭ মিলিয়ন ইউৰো ব্যয় কৰিব লগীয়া হৈছিল ই চি বিয়ে ।

কেৱল এয়াই নহয়, বৰং টি-২০ ফ্ৰেন্সাইজি লীগৰ বহু দলে খেলুৱৈসকলক ১২ মাহৰ বাবেই ক্ৰয় কৰিব বিচাৰে । শেহতীয়াকৈ হেনো ক'লকাতা নাইট ৰাইডাৰ্ছৰ মুখ্য কাৰ্যবাহী বিষয়া ভেংকী মাইছোৰে প্ৰকাশ কৰিছিল এক নিৰ্দিষ্ট সংখ্যক খেলুৱৈক ১২ মাহৰ বাবেই ক্ৰয় কৰি বিশ্বৰ বিভিন্ন টি-২০ ফ্ৰেন্সাইজ লীগত ব্যস্ত ৰখাৰ পৰিকল্পনা ।

কি ভয়ংকৰ এই পৰিকল্পনা ! অৰ্থাৎ সমগ্ৰ বছৰটো খেলুৱৈ একোগৰাকী কেৱল দৰ্শকৰ মনোৰঞ্জন আৰু টকা আৰ্জন কৰাৰ আহিলা হৈ থাকি যাব । খেলৰ ব্যৱসায়ীকৰণে যে ভৱিষ্যতে এক ভয়ংকৰ বিপদ কঢ়িয়াই আনিব ক্ৰিকেটলৈ সেইয়া নিশ্চিত ।

কেৱল এয়াই নহয় বৰং টি-২০ ক্ৰিকেটৰ সেই স্পন্দনে শেহতীয়াকৈ ধ্ৰুপদী টেষ্ট ক্ৰিকেটৰ প্ৰতিও যে এক ভাবুকি কঢ়িয়াই আনিব সেইয়া নিশ্চিত । তেনেস্থলত ইংলেণ্ড ক্ৰিকেট ব'ৰ্ডৰ এই অভিযোগ অথবা আশংকা নিশ্চয়কৈ অসত্য নহয় ।

Also Read: মোকাঃ প্ৰতি ঘন্টাত ১৭৫ কিলোমিটাৰ! উত্তৰ-পূৱত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱণা...

IPL 2023