বৰ্ষাপাৰাৰ স্মৃতি মধুৰ নহ'ল বিস্ফোৰক বেটাৰ জয়ছোৱালৰ...

বৰ্ষাপাৰাৰ স্মৃতি মধুৰ নহ'ল বিস্ফোৰক বেটাৰ জয়ছোৱালৰ...
Published on
Updated on

ডিজিটেল ডেস্ক : বুধবাৰে ৭-৩০বজাৰ লগে লগে বৰ্ষাপাৰাৰ পিটছত পৰিল প্ৰথমটো বল। বৰ্ষাপাৰাত অনুষ্ঠিত হৈছে ঘৰুৱা দল ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাৱ কিংছৰ মেচ।

বেটিংবান্ধৱ বৰ্ষাপাৰাৰ পিটছৰ সুযোগ লৈ টছত জয়ী হৈ পোনতে বেট ধৰে ঘৰুৱা দলটোৱে। অৱশ্যে বিগত বৰ্ষত ৰানৰ ধুমুহা সৃষ্টি কৰা ৰাজস্থানৰ যশস্বী জয়ছোৱালৰ এইবাৰ পিছে সুখকৰ নহ'ল।

তেঁও মাত্ৰ ৪ৰান কৰিয়েই চেম কুৰানৰ বলত বল্ড আউট হৈ পেভিলিয়নমুখী হয়। বাতৰি লিখা সময়লৈকে ৰাজস্থানে ২ অ'ভাৰত ১টা উইকেটৰ বিনিময়ত ১৫ ৰান সংগ্ৰহ কৰিছে। ক্ৰিজত আছে টম ক'হলৰ আৰু অধিনায়ক সঞ্জু ছেমছন।

বৰ্ষাপাৰাৰ স্মৃতি মধুৰ নহ'ল বিস্ফোৰক বেটাৰ জয়ছোৱালৰ...
হঠাৎ সলনি হৈছে গুৱাহাটীৰ আকাশঃ আই পি এলৰ মেচৰ সময়তে আহিব পাৰে বৰষুণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in