ডিজিটেল সংবাদ যোৰহাটঃ যোৰহাট ষ্টেডিয়ামত জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত যোৰহাট ‘বি’ ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাখনৰ আজি অনুষ্ঠিত চূড়ান্ত খেলখনত অসম ৰেঞ্জাৰ এফ চি দলে অনিৰুদ্ধদেৱ স্প’ৰ্টছ ক্লাবক ২-০ গ’লৰ ব্যৱধানত পৰাজিত কৰি প্ৰতিযোগিতাখনৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে। তীব্ৰ প্ৰতিদ্বন্দিতাৰ আজিৰ চূড়ান্ত খেলখনত অনিৰুদ্ধদেৱ স্প’ৰ্টছ ক্লাৱক আৰম্ভণিৰ পৰাই চাপত ৰাখি অসম ৰেঞ্জাৰ দলৰ অনমিত্ৰ বৰাই খেলৰ প্ৰথম তিনি মিনিটতে এটা গ’ল দি দলটোক ১-০ গ’লৰ অগ্ৰগতি দিয়ে।
প্ৰথমাৰ্ধত ১-০ গ’লত আগুৱাই থকা অসম ৰেঞ্জাৰ দলে দ্বিতীয়াৰ্ধত বিপক্ষ দলক আৰু অধিক চাপত ৰাখি আক্ৰমণ তীব্ৰতৰ কৰি তোলে। খেলখনৰ ৭৯ মিনিটত অসম ৰেঞ্জাৰ দলৰ ঋতুপল্লৱ চলিহাই এটা গ’ল দিয়াত দলটোৱে ২-০ গ’লৰ অগ্ৰগতি লাভ কৰি জয়লাভ কৰে।
খেলৰ অন্তত ঠাইতে অনুষ্ঠিত বঁটা বিতৰণি অনুষ্ঠানত চেম্পিয়ন দল অসম ৰেঞ্জাৰ এফ চিক বাপুৰাম কটকী সোঁৱৰণী বঁটা প্ৰদান কৰে ক্ৰীড়া সংগঠক বিপুল দুৱাৰা আৰু জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জুল খাউণ্ডে। ৰাণাৰ আপ দল অনিৰুদ্ধ দেৱ স্প’ৰ্টছ ক্লাবক বঁটা প্ৰদান কৰে প্ৰাক্তন ৰাজ্যিক ফুটবল খেলুৱৈ নবীন চন্দ্ৰ বৰা আৰু জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি ললিত চন্দ্ৰ বৰাই।
চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰে অসম ৰেঞ্জাৰ দলৰ মানস সোণোৱালে আৰু এই বঁটা প্ৰদান কৰে ফুটবল বিভাগৰ চেয়াৰমেন দ্বিজেন শইকীয়াই। ক্ৰীড়া সন্থাৰ ফুটবল বিভাগে লগতে জানিবলৈ দিয়ে যে, আজিৰ চেম্পিয়ন আৰু ৰাণাৰ আপ দল দুয়োটাই আগন্তক ২০২৫ বৰ্ষত ‘এ’ ডিভিজন খেলাৰ যোগ্যতা অৰ্জন কৰিছে।
আজিৰ খেলখন পৰিচালনা কৰে ৰঞ্জিত দত্তই। লাইনত সহায় কৰে প্ৰাঞ্জল গটক, আমিৰ হুছেইন শইকীয়া আৰু চতুৰ্থত অনন্ত বৰাই।
Also Read: বিশিষ্ট শিক্ষাবিদ বিমল বৰাৰ মৃত্যুত নগাঁৱত শোক...