ডিজিটেল সংবাদ, যোৰহাট : ক্ৰিকেটাৰ্ছ অৱ যোৰহাটৰ উদ্যোগত যোৰহাট ষ্টেডিয়ামত চলি আছে প্ৰথম বাৰ্ষিক যোৰহাট প্ৰিমিয়াৰ লীগ (চিজন-১)। এই ক্ৰিকেট প্ৰতিযোগিতাখনৰ দেওবাৰে অনুষ্ঠিত হয় প্ৰথমখন ছেমি ফাইনেল খেল।
যোৰহাট চুপাৰ জায়েণ্ট আৰু কাইনেটিক কিংছৰ মাজত অনুষ্ঠিত প্ৰথম ছেমিত যোৰহাট চুপাৰ জায়েণ্টে ৬ উইকেটত জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰিছে। খেলখনত কাইনেটিক কিংছে টছত জিকি প্ৰথমে বেটিং কৰি শুভম আগৰৱালাৰ ১৯, শুভ্ৰদীপ তামুলীৰ ১৮ আৰু ৰক্তোপাল মহন্তৰ ১৬ ৰানৰ সহায়ত নিৰ্ধাৰিত অ’ভাৰত ৮টা উইকেট হেৰুৱাই ১০২ ৰান সংগ্ৰহ কৰে।
চুপাৰ জায়েণ্টৰ হৈ দেৱাশীষ শইকীয়া, মানস কছাৰী আৰু অমৃত দত্তই দুটাকৈ উইকেট লাভ কৰে। প্ৰত্যুত্তৰত যোৰহাট চুপাৰ জায়েণ্টে নিউটন সুত্ৰধাৰৰ ২৩, অমৃত দত্তৰ অপৰাজিত ১৮ আৰু দেৱাশীষ শইকীয়াৰ ১৬ ৰানৰ সহায়ত ১৬.১ অ’ভাৰত ৪টা উইকেটৰ বিনিময়তে ১০৭ ৰান কৰি বিজয় সাব্যস্ত কৰি ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰে।
কিংছ দলৰ হৈ অলকেশ শৰ্মাই ২টা উইকেট লাভ কৰে। খেলখনত মেন অব দা মেচৰ সন্মান লাভ কৰে চুপাৰ জায়েণ্ট দলৰ অমৃত দত্তই। ইফালে সোমবাৰে অনুষ্ঠিত হ’বলগা প্ৰতিযোগিতাখনৰ দ্বিতীয়খন ছেমিত মুখামুখি হ’ব যোৰহাট ফেলকন আৰু জয়হিন্দ ৱাৰিয়ৰ্ছ।
Also Read: মহাৰজত জয়ন্তীঃ উদুলি মুদুলি মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পদুলি...