আই পি এলৰ আৰ্হিত প্ৰথমবাৰৰ বাবে যোৰহাট প্ৰীমিয়াৰ লীগঃ জাৰ্চি উন্মোচন...

ক্ৰিকেটাৰ্ছ অব যোৰহাটৰ উদ্যোগত বিশেষ প্ৰচেষ্টা
আই পি এলৰ আৰ্হিত প্ৰথমবাৰৰ বাবে যোৰহাট প্ৰীমিয়াৰ লীগঃ জাৰ্চি উন্মোচন...
আই পি এলৰ আৰ্হিত প্ৰথমবাৰৰ বাবে যোৰহাট প্ৰীমিয়াৰ লীগঃ জাৰ্চি উন্মোচন...
Published on
Updated on

ডিজিটেল সংবাদ, যোৰহাটঃ নৱপ্ৰজন্মক টেনিছ বল ক্ৰিকেটৰ পৰিবৰ্তে ডিউছ বল ক্রিকেটৰ প্ৰতি আকৰ্ষিত কৰাৰ লক্ষ্য আৰু উদ্দেশ্য আগত লৈ যোৰহাটৰ প্ৰাক্তন ক্ৰিকেটাৰ আৰু যোৰহাটৰ বৰ্তমানৰ ক্ৰিকেটাৰসকলক লগত লৈ গঠন কৰা ক্ৰিকেটাৰ্ছ অব যোৰহাটৰ উদ্যোগত যোৰহাটত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব যোৰহাট প্ৰীমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতা।

অহা ২৫ অক্টোবৰৰ পৰা যোৰহাট ষ্টেডিয়ামত মুঠ ৯ টা দলৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হ’ব ক্ৰিকেট প্ৰতিযোগিতাখন। আই পি এল আৰ্হিত টুৱেন্টি টুৱেন্টি ফৰ্মেতত অনুষ্ঠিত হ’বলগীয়া প্ৰীমিয়াৰ লীগ প্রতিযোগিতাখনত ইতিমধ্যেই খেলুৱৈৰ নিলাম যোৱা ১৫ ছেপ্টেম্বৰত অনুষ্ঠিত হৈ যায়।

আজি যোৰহাট জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত এই বিষয়ে উল্লেখ কৰে আয়োজক সমিতিৰ সভাপতি দয়াল কৃষ্ণ দত্তই। সংবাদমেলত দত্তই লগতে কয় যে, এই প্ৰতিযোগিতাৰ নিলামত যোৰহাট, তিতাবৰ, মৰিয়নিৰ ক্ৰীড়া সংস্থাৰ স্বীকৃতিপ্ৰাপ্ত মুঠ ২০৭ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল।

বিভিন্ন দলৰ স্বত্বাধিকাৰীসকলে মুঠ ১৫০ গৰাকী ক্ৰিকেটাৰক ক্ৰয় কৰিছে আৰু এই প্ৰতিযোগিতা আয়োজন কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা প্ৰাৰম্ভিক পৰ্যায়ত হৈছিল যদিও যোৰহাট জিলা ক্ৰীড়া সন্থা, চিটি বয়জ ক্লাবৰ সহযোগত এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ সক্ষম হোৱাৰ উপৰিও কিছু স্পন্সৰ লাভ কৰিছে বুলি লগতে জনাইছে।

এই প্ৰতিযোগিতাত মুঠ ডেৰ লক্ষ টকাৰ প্ৰাইজমানি প্ৰদান কৰা হ'ব। প্ৰতিযোগিতাখনত চেম্পিয়ন দলক ৭০ হাজাৰ, ৰানাৰ্ছ আপ দলক ৫০ হাজাৰ টকা প্ৰদান কৰাৰ লগতে মেন অফ দ্য মেচ, মেন অফ দ্য ছিৰিজ, শ্ৰেষ্ঠ বেটছমেন, শ্ৰেষ্ঠ বলাৰ আদি ট্ৰফীও প্ৰদান কৰিব।

মুঠ ১০ লাখ টকা বাজেট লৈ এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব আৰু প্ৰত্যেক দিনাই দুখনকৈ খেল অনুষ্ঠিত হ’ব। এখন খেল পুৱা ৮.৩০ বজাত আৰু আনখন দুপৰীয়া ১২.৩০ বজাৰ পৰা অনুষ্ঠিত হোৱাৰ লগতে প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অহা ১২ নৱেম্বৰ অনুষ্ঠিত হ’ব।

প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া দলসমূহ হৈছে ক্ৰমে যোৰহাট ফেলকন, জয়হিন্দ ৱাৰীয়ৰছ, ৰেডিয়েন্ট ৰাইন'জ, যোৰহাট চুপাৰ জায়েন্টছ, লিকান ৱাৰীয়ৰছ, মৰিয়নি টাইটানছ, কাইনেটিক কিংছ, ৰেডিয়েন্ট ষ্ট্ৰাইকাৰ আৰু ইলাইট ইগলছ। আজিৰ সংবাদমেত ক্ৰিকেটাৰ্ছ অব যোৰহাটৰ সম্পাদক টুচেনফা বুঢ়াগোহাঁই, প্ৰাক্তন ৰঞ্জি খেলুৱৈ নৰেন সভাপণ্ডিত, দেবৰ্ষী শৰ্মা, শংকৰ জ্যোতি শ্ৰুতিকৰ, উৎপল বৰা প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

আনহাতে আজিৰ সংবাদমেলৰ পাছতে অংশগ্ৰহণ কৰিবলগীয়া ৯ টা দলৰ জাৰ্ছিসমূহ উন্মোচন কৰে প্ৰত্যেকটো দলৰ স্বত্বাধিকাৰী আৰু খেলুৱৈসকলৰ উপস্থিতিত বিশিষ্ট ব্যক্তি সকলে। খেল উপভোগৰ বাবে দৰ্শকে সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰৱেশ কৰিব পাৰিব বুলিও আয়োজক সমিতিয়ে জনাইছে।

আই পি এলৰ আৰ্হিত প্ৰথমবাৰৰ বাবে যোৰহাট প্ৰীমিয়াৰ লীগঃ জাৰ্চি উন্মোচন...
টুপিয়াত অবৈধ সুৰাৰ সৈতে ৩ জনক আটক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in