ডিজিটেল সংবাদ, যোৰহাটঃ জয়হিন্দ ৱাৰিয়ৰ্ছ দলে জয়ৰ কাষ চাপিও অন্তিম মুহূৰ্তত যোৰহাট ছুপাৰ জায়েণ্টে জয়হিন্দক মাত্ৰ পাঁচ ৰাণত পৰাজিত কৰি যোৰহাট প্ৰীমিয়াৰ লীগ প্ৰতিযোগিতাৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে। ক্ৰিকেটাৰ্ছ অফ যোৰহাটৰ উদ্যোগত যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথম বাৰ্ষিক যোৰহাট প্ৰিমিয়াৰ লীগ (চিজন-১) ক্ৰিকেট প্ৰতিযোগিতাখন আজি সফলতাৰে সামৰণি পৰিছে।
যোৰহাট ছুপাৰ জায়েণ্ট আৰু জয়হিন্দ ৱাৰিয়ৰ্ছ দলৰ মাজত আজি অনুষ্ঠিত প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখনত টছত জিকি যোৰহাট চুপাৰ জায়েণ্ট দলে প্ৰথমে বেটিং কৰি অমৃত দত্তৰ ২৪ আৰু লিলাংকৰ পণ্ডিতৰ ১৭ ৰাণৰ সহায়ত নিৰ্ধাৰিত অ’ভাৰত ৯টা উইকেটৰ বিনিময়ত ৯৮ ৰাণ সংগ্ৰহ কৰে। জয়হিন্দ ৱাৰিয়ৰ্ছ দলৰ হৈ জয়ন্ত মাধৱ শৰ্মা আৰু অভিজিৎ বৰুৱাই দুটাকৈ উইকেট লাভ কৰে।
প্ৰত্যুত্তৰত জয়হিন্দ ৱাৰিয়ৰ্ছ দলে দীপু শইকীয়াৰ ৩১ আৰু পাৰ্থপ্ৰতীম বৰাৰ ২৭ ৰাণৰ সহায়ত ৮টা উইকেটৰ বিনিময়ত ৯৩ ৰাণ সংগ্ৰহ কৰোতেই নিৰ্ধাৰিত অভাৰ সমাপ্ত হোৱাত অন্তিম ক্ষণত মাত্ৰ পাঁচ ৰাণত পৰাজয় স্বীকাৰ কৰে। চুপাৰ জায়েণ্টৰ হৈ মানস কছাৰী আৰু দশৰথ কুমাৰে দুটাকৈ উইকেট লাভ কৰে।
চূড়ান্ত খেলখনত মেন অফ দ্যা মেছ সন্মান লাভ কৰে যোৰহাট ছুপাৰ জায়েণ্ট দলৰ মানস কছাৰীয়ে। আনহাতে প্ৰতিযোগিতাখনত মেন অফ দ্যা ছিৰিজৰ লগতে বেষ্ট বলাৰ অফ দ্যা টুৰ্ণামেণ্ট সন্মান লাভ কৰে জয়হিন্দ ৱাৰিয়ৰ্ছ দলৰ দীপু শইকীয়াই।
বেষ্ট বেটছমেন অফ দ্যা টুৰ্ণামেণ্ট সন্মান লাভ কৰে কাইনেটিক কিংছ দলৰ ৰক্তোপাল মহন্তই, বেষ্ট ফিল্ডাৰ অফ দ্যা টুৰ্ণামেণ্ট সন্মান লাভ কৰে জয়হিন্দ ৱাৰিয়ৰ্ছ দলৰ পাৰ্থপ্ৰতীম বৰাই আৰু প্ৰমিছিং প্লেয়াৰ অফ দ্যা টুৰ্ণামেণ্ট সন্মান লাভ কৰে ৰেডিয়েণ্ট ষ্ট্ৰাইকাৰ দলৰ অনুজ ৰায়ে।