যশপ্ৰীত বুমৰাহ, ঋষভ পন্টৰ ওপৰত খং কপিল দেৱৰ...

যশপ্ৰীত বুমৰাহ, ঋষভ পন্টৰ ওপৰত খং কপিল দেৱৰ...
যশপ্ৰীত বুমৰাহ, ঋষভ পন্টৰ ওপৰত খং কপিল দেৱৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেটৰ তাৰকা যশপ্ৰীত বুমৰাহ আৰু ঋষভ পন্টৰ ওপৰত ক্ষোভ ১৯৮৩ ৰ বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক কিংবদন্তি খেলুৱৈ কপিল দেৱৰ। সাধাৰণতে ভাৰতীয় ক্ৰিকেটৰ সকলো বিষয়তে নিৰ্ভয়ে মন্তব্য কৰা খেলুৱৈগৰাকী যোৱা কেইবাবছৰত ভাৰতীয় ক্ৰিকেটৰ অগ্ৰগতিক লৈ সন্তুষ্ট নহয় প্ৰাক্তন ক্ৰিকেটাৰগৰাকী।

'দ্য উইক' নামৰ আলোচনীখনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰাক্তন অধিনায়কগৰাকীয়ে কয় যে, দলৰ গুৰুত্বপূৰ্ণ খেলুৱৈসকলৰ আঘাতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ গুৰুত্বপূৰ্ণ শৃংখলাসমূহত ভাৰতীয় দলটোৰ প্ৰদৰ্শনত যঠেষ্ট প্ৰভাৱ পেলাইছে। কপিলদেৱে ভাৰতীয় খেলুৱৈসকলৰ দেশৰ প্ৰতি থকা প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি কয় যে, সামান্য আঘাতৰ লগত তেওঁলোকে যদি ইণ্ডিয়ান প্ৰিমিয়াৰ লিগ (আই পি এল)ত অংশগ্ৰহণ কৰিব পাৰে তেন্তে আন্তঃৰাষ্ট্ৰীয় খেলৰ ক্ষেত্ৰত এই স্পৃহা নাথাকে কিয়?

প্ৰায় এবছৰ ধৰি শাৰীৰিক আঘাতৰ বাবে ভাৰতীয় দলৰ পৰা আঁতৰি থকা পেচ বলাৰ যশপ্ৰীত বুমৰাহৰ শাৰীৰিক অৱস্থাৰ বিষয়ে প্ৰশ্ন তুলি কপিল দেৱে কয়, আই চি চিৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ দৰে মেগা ইভেন্ট এটাৰ মাজত মাত্ৰ কেইটিমান মাহ বাকী থকাৰ সময়তো যদি বুমৰাহ সুস্থ হৈ উঠা নাই তেন্তে এইয়া কেৱল সময়ৰ অপচয়।

ইয়াৰ লগতে তেওঁ কয় যে, বুমৰাহে যি উৎসাহ আৰু পৰাক্ৰমেৰে ভাৰতীয় ক্ৰিকেটক এক নতুন দিশ প্ৰদান কৰিছিল, সেই পৰিপ্ৰেক্ষিতত তেওঁ যদি ক্ৰিকেট বিশ্বকাপৰ গুৰুত্বপূৰ্ণ খেলসমূহত অংশগ্ৰহণ কৰিব নোৱাৰে তেন্তে ই দলটোৰ বাবে ক্ষতিকাৰক হ’ব।

সমান্তৰালভাৱে এক বাহন দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ বহুদিনধৰি ভাৰতীয় ক্ৰিকেটৰ পৰা আঁতৰি থকা ঋষভ পন্টৰ বিষয়েও প্ৰশ্ন তুলিছে প্ৰাক্তন অধিনায়কগৰাকীয়ে। ঋষভ পন্টক এগৰাকী মহান খেলুৱৈ বুলি অভিহিত কৰি কপিল দেৱে কয়, তেওঁৰ এই বিৰতিয়েও দলটোত যঠেষ্ট প্ৰভাৱ পেলাইছে। তেওঁ থকা হ'লে বিশ্ব টেষ্ট চিৰিজত ভাৰতীয় দলটোৰ প্ৰদৰ্শন আৰু অধিক উন্নত হ’লহেতেন।

আইপিএল সন্দৰ্ভত মন্তব্য কৰি কপিল দেৱে কয় যে, নিশ্চয়কৈ ই এক গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্ট। কিন্তু ভাৰতীয় খেলুৱৈসকলে আন্তঃৰাষ্ট্ৰীয় খেলসমূহতকৈ আই পি এলক অধিক গুৰুত্ব দিয়াৰ বাবে তেওঁ সন্তুষ্ট নহয়। লগতে বছৰি ১০ মাহ ক্ৰিকেট খেলাৰ বাবে খেলুৱৈসকলৰ দেহৰ যত্নৰ প্ৰতি থকা সচেতনতাৰ প্ৰতিও তেওঁ প্ৰশ্ন উত্থাপন কৰে।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডক সমালোচলা কৰি তেওঁ কয় যে, ভাৰতীয় খেলুৱৈসকলৰ কৰ্মবোজা নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ক্ৰিকেট ব'ৰ্ড। বৰ্তমান ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ হাতত থকা অৰ্থনৈতিক চচ্চলতা আৰু ক্ষমতাক ব'ৰ্ডে সঠিক ব্যৱহাৰ কৰিব পৰা ।

যশপ্ৰীত বুমৰাহ, ঋষভ পন্টৰ ওপৰত খং কপিল দেৱৰ...
ঘৰ ঘৰ কী বাত, হেৰাই মাত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in