ডিজিটেল ডেস্কঃ অসম টাইকোৱাণ্ড সন্থাই অনুষ্ঠিত কৰা ৩৯ সংখ্যক টাইকোৱাণ্ড চেম্পিয়নশ্বিপ-২০২৪ ৰ অনুৰ্ধ্বৰ ৮ বছৰৰ শাখাত কৃঞ্চি কলিতা আৰু নাফিচা কাউছাৰে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। ১১ নৱেম্বৰৰ পৰা গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই ৰাজ্যিক প্ৰতিযোগিতাখনত দুয়োগৰাকী খেলুৱৈয়ে নলবাৰী জিলাক প্ৰতিনিধিত্ব কৰিছিল।
নলবাৰীৰ নিউ জুনিয়ৰ টাইকোৱাণ্ড ট্ৰেইনিং চেণ্টাৰৰ প্ৰশিক্ষকক শ্যাম কুমাৰ শৰ্মাৰ তত্বাৱধানত মুঠ ৮ গৰাকী খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। ইয়াৰে কঞ্চি কলিতা আৰু নাফিচা কাউছাৰে অনুৰ্ধ্বৰ ৮ বছৰ শাখাত এই সফলতা অৰ্জন কৰিছে।
তাৰোপৰি দ্বীপনয়ন হালৈ, মায়ং তালুকদাৰে ৰূপৰ পদক, ডিব্যাঞ্ছ তালুকদাৰ আৰু ৰুহি শৰ্মাই ব্ৰঞ্জৰ পদক লাভ কৰিছে। ছাব জুনিয়ৰ পৰ্যায়ত ল’ৰাৰ দীপনয়ন হালৈয়ে ৰূপৰ আৰু নিশান্ত বৈশ্যই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।