পেৰিছ অলিম্পিকত উপস্থিত লাভলীনাঃ ৩১ জুলাইত নামিব ৰিঙত...

৬৯ কেজিৰ পৰিবৰ্তে এইবাৰ ৭৫ কেজি শাখাত কৰিব প্ৰতিদ্বন্দিতা
পেৰিছ অলিম্পিকত উপস্থিত লাভলীনাঃ ৩১ জুলাইত নামিব ৰিঙত...
পেৰিছ অলিম্পিকত উপস্থিত লাভলীনাঃ ৩১ জুলাইত নামিব ৰিঙত...
Published on
Updated on

ডিজিটেল ডেস্কঃ শুকুৰবাৰৰ পৰা ফ্ৰান্সৰ ঐতিহাসিক চহৰ পেৰিছত অনুষ্ঠিত হ'ব 'দ্যা গ্ৰেটেষ্ট শ্ব' অন আৰ্থ' হিচাপে পৰিচিত অলিম্পিক প্ৰতিযোগিতা। প্ৰতিযোগিতাখনত দ্বিতীয়বাৰৰ বাবে অংশগ্ৰহণ কৰিবলৈ মঙ্গলবাৰে পেৰিছ অলিম্পিকস্থলীত গৈ উপস্থিত হয় অসম কন্যা লাভলীনা বৰগঁহোই

তেওঁৰ লগত আছে ভাৰতীয় বক্সিং দলটোৰ প্ৰশিক্ষক মণ্ডলীৰ অন্যতম সদস্য তথা আন এগৰাকী অসম কন্যা প্ৰণামিকা বৰা। টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনাৰ এইবাৰ সোণৰ পদক অৰ্জন দৃঢ় লক্ষ্যৰে অলিম্পিকস্থলীত উপস্থিত হৈছে। তেওঁ ৩১ জুলাইত অলিম্পিকৰ ৰিঙত নামিব।

টকিঅ' অলিম্পিকত ৬৯ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰা লাভলীনাই অৱশ্যে এইবাৰ ৭৫ কেজি শখাতহে প্ৰতিদ্বন্দিতা কৰিব। অলিম্পিকৰ পৰা ৬৯ কেজি শাখা বাদ দিয়াৰ বাবে লাভলীনাই ওজন বৃদ্ধি কৰি ৭৫ কেজি শাখালৈ নিজকে সাজু কৰিছে।

মন কৰিবলগীয়া যৈ ৭৫ কেজি শাখাত লাভলীনাই পূৰ্বতকৈ ভাল প্ৰদৰ্শন কৰাৰ লগতে সফলতাও লাভ কৰিছে। ৬৯ কেজি শাখাত ২০১৮ আৰু ২০১৯ চনত দুবাৰকৈ বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰা লাভলীনাই ৭৫ কেজি শাখাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। ৭৫ কেজি শাখাত লাভলীনাই ২০২৩ ত অৰ্জন কৰিছে বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ।

২০২২ ত চীনৰ হাংজৌ প্ৰদেশত অনুষ্ঠিত হোৱা এছিয়ান গেমছতো লাভলীনাই ৭৫ কেজি শাখাতেই প্ৰতিদ্বন্দিতা কৰি লাভ কৰিছিল ৰূপৰ পদক। একেবছৰে তেওঁ এছিয়ান চেম্পিয়নশ্বিপত অৰ্জন কৰিছে সোণৰ পদক। সেয়ে স্বাভাৱিকতে লাভলীনাক লৈ এতিয়া অধিক আশা সজীৱ হৈ পৰিছে ভাৰতীয় বক্সিং ফেডাৰেচনৰ।

অসম কন্যা লাভলীনা এতিয়া দেশৰ বক্সিং ক্ষেত্ৰখনৰ গ্লেমাৰ গাৰ্ল। কথাৰ পৰিবৰ্তে ৰিঙত পাঞ্চেৰে উত্তৰ দিয়া লাভলীনাক লৈ কেৱল অসমবাসীয়েই নহয়, দেশবাসীও যথেষ্ট আশাবাদী।

৭৫ কেজি শাখাত বিশ্ব ক্ৰমত লাভলীনা বৰ্তমান চতুৰ্থস্থানৰ খেলুৱৈ। ৰাষ্ট্ৰীয় চেম্পিয়ন লাভলীনাই টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক পোৱাৰ আগলৈকে দুবাৰকৈ বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। যোৱা জুনত চেক গণৰাজ্যত অনুষ্ঠিত হোৱা গ্ৰেণ্ড প্ৰীক্সত লাভলীনাই জয় কৰিছে ৰূপৰ পদক।

এইদৰে লাভলীনাই ৱেইট কেটেগৰী পৰিৱৰ্তন কৰাৰ পাছতে তেওঁৰ প্ৰদৰ্শনত অধিক উন্নতি হোৱাৰ লগতে বিশ্ব চেম্পিয়নো হ'বলৈ সক্ষম হৈছে। সেয়ে এইবাৰ লাভলীনাক লৈ অধিক আশাবাদী বক্সিং ফেডাৰেচন অফ ইণ্ডিয়া।

এইগৰাকী প্ৰতিভাৱান বক্সাৰে এইবাৰ পেৰিছ অলিম্পিকত সোণৰ পদক পোৱাটো আশা কৰিছে তেওঁৰ অনুৰাগীসকলেও। অতি নম্ৰ আৰু সৰল ব্যক্তিত্বৰ অধিকাৰী লাভলীনা ৰিঙত নামিলেই হৈ পৰে দুৰ্দান্ত। এইগৰাকী অসম সন্তান ভাৰতীয় অলিম্পিক দলটোৰো অন্যতম শক্তি।

তেওঁক সাম্ভাব্য পদক প্ৰাপ্তৰ তালিতকাত শীৰ্ষত ৰাখিছে ক্ৰীড়া বিশেষজ্ঞমহলে। টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাৰ লগে লগেই অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া মহিলা হৈ পৰা লাভলীনাই প্ৰতিযোগিতাখনত পদক লাভেৰে অলিম্পিক পদক জয়ী প্ৰথম অসমীয়া হৈ পৰিছিল। এইবাৰ তেওঁ স্বৰ্ণ পদক জয় কৰি আন এক ইতিহাস ৰচনা কৰক। সৰ্বত্ৰে সকলোৰে এয়াই আশা।

পেৰিছ অলিম্পিকত উপস্থিত লাভলীনাঃ ৩১ জুলাইত নামিব ৰিঙত...
ৰাজ্যিক সাঁতোৰ প্ৰতিযোগিতাত তিনিটা সোণ, এটা ৰূপৰ পদক লাভ জ্ঞানম হাজৰিকা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in