ডিজিটেল ডেস্কঃ পুনৰ বিশ্ববাসীৰ আগত ৰাজ্যবাসীৰ লগতে দেশবাসীক গৌৰৱান্বিত কৰিলে অসম কন্যা লাভলীনা বৰগোহাঁইয়ে। থাইলেণ্ডৰ প্ৰতিদ্বন্দ্বিৰ বিৰুদ্ধে জয়ী হৈ এছিয়ান গেমছৰ বক্সিঙৰ ফাইনেলত প্ৰৱেশ কৰিলে লাভলীনাই।
৭৫ কেজি শাখাত থাইলেণ্ডৰ বাইছন মণিকনক হৰুৱাই এছিয়ান গেমছৰ ফাইনেলত প্ৰৱেশ কৰে লাভলীনাই। ইয়াৰ লগতে পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰে অসম কন্যাগৰাকীয়ে।
চলিত বছৰতে অনুষ্ঠিত হোৱা বিশ্ব বক্সিং চেম্পিয়নশ্বপত সোণৰ পদক অৰ্জন কৰিছিল লাভলীনাই। পূৰ্বে দুবাৰকৈ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল লাভলীনাই। কিন্তু টকিঅ' অলিম্পিকৰ পদক জয়ৰে গঢ়ি উঠা আত্মবিশ্বাস আৰু অভিজ্ঞতাৰে পুষ্টহৈ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাগ লৈ লাভলীনাই এইবাৰ লাভ কৰিছিল সোণৰ পদক।
বিশ্ব চেম্পিয়নশ্বি লাভলীনাৰ হাতত আছে বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ, অলিম্পিকৰ পদক আৰু লগতে সংযোজিত হ'ল এছিয়ান গেমছৰ পদক। অৱশ্যে এছিয়ান গেমছত তেওঁৰ যাত্ৰা এতিয়াও শেষ হোৱা নাই।পৰৱৰ্তী সময়ত ফাইনেলত অৱতীৰ্ণ হ'ব অসম কন্যাগৰাকী।আশা এটাই এছিয়ান গেমছত সোণৰ পদক লৈ দেশলৈ উভতিভ অসম কন্যা লাভলীনা।
Also Read: চৰকাৰী চিকিৎসালয়ত মৃত্যুৰ কিৰিলী: ৪৮ ঘন্টাত প্ৰাণ গ'ল ৩১ জনৰ...