বিধ্বস্ত মালদ্বীপৰ অৰ্থনীতিঃ লাগে ভাৰতীয় ক্ৰিকেট দলৰ সহাৰি...

মালদ্বীপলৈ ভাৰতীয় বিশ্বকাপ জয়ী ক্ৰিকেট দলক আমন্ত্ৰণ দেশখনৰ পৰ্যটন বিভাগৰ
বিধ্বস্ত মালদ্বীপৰ অৰ্থনীতিঃ লাগে ভাৰতীয় ক্ৰিকেট দলৰ সহাৰি...
বিধ্বস্ত মালদ্বীপৰ অৰ্থনীতিঃ লাগে ভাৰতীয় ক্ৰিকেট দলৰ সহাৰি...
Published on
Updated on

ডিজিটেল ডেস্কঃ ভাৰতীয়ই ভৰসা মালদ্বীপৰ। ভাঙি পৰা অৰ্থনীতি পুনৰ উদ্ধাৰৰ বাবে লাগে এতিয়া ভাৰতীয় ক্ৰিকেট দলৰ সহাৰি। দ্বীপ ৰাষ্ট্ৰ মালদ্বীপৰ অৰ্থীনিত পৰ্যটনৰ ওপৰতেই নিৰ্ভৰশীল। এই দ্বীপৰাষ্ট্ৰখনলৈ ভাৰতৰ পৰা প্ৰতিবছৰে এক বুজন পৰিমাণৰ পৰ্যটক যায় যদিও শেহতীয়াকৈ এই ৰাষ্ট্ৰখনলৈ ভাৰতীয় পৰ্যটকৰ আগমণ হ্ৰাস পাইছে। ইয়াৰ আঁৰতো আছে এক বিশেষ কাৰণ।

প্ৰায় এটা বছৰৰ পূৰ্বে ৰাষ্ট্ৰখনৰ তিনিজন মন্ত্ৰীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰসংগত কৰিছিল বিৰূপ মন্তব্য। তাৰ পাছতেই সামাজিক মাধ্যমত ট্ৰেণ্ডিঙলৈ আহিছিল বয়কট মালদ্বীপ। ইয়াৰ পিছতেই মালদ্বীপলৈ ভাৰতৰ পৰ্যটকৰ আগমণ যথেষ্ট হ্ৰাস পাইছে। ফলত এতিয়া যথেষ্ট অৰ্থনৈতীক বিপৰ্যয়ৰ সন্মুখীন হৈছে দ্বীপ ৰাষ্ট্ৰখন।

ৰেকৰ্ড সংখ্যক ভাৰতীয় পৰ্যটকৰ আগমণ হ্ৰাস পোৱাত এতিয়া মালদ্বীপ চৰকাৰৰ মাজতেই ক্ষোভৰ সৃষ্টি হৈছে। ভাৰতৰ সৈতে সম্পৰ্ক অৱনতিৰ পৰিণাম ভূগিবলগীয়া হোৱা বিষয়টোত সহজভাৱে লোৱা নাই একাংশ মন্ত্ৰীয়ে। ইয়াৰোপৰি দিল্লীৰ ওপৰত মালদ্বীপৰ ঋণৰ পৰিমাণো যথেষ্ট।

এনে পৰিস্থিতিত পৰি মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জুৱে মুকলিকৈয়ে ভাৰত দেশখনৰ পৰম মিত্ৰ বুলি উল্লেখ কৰি ভাৰতীয় মন জয়ৰো চেষ্টা চলাইছিল। তাৰ মাজতে এতিয়া টি-২০ বিশ্বকাপ বিজয়ী ভাৰতীয় দলটোক মালদ্বীপলৈ আমন্ত্ৰণ জনাইছে দেশখনৰ পৰ্যটন বিভাগে।

তেওঁলোকে ভাৰতীয় ক্ৰিকেট দলটোক দেশখনলৈ মুকলি আমন্ত্ৰণ জনাই কয়, আপোনালোকক স্বাগতম জনাব পাৰিলে আমি অত্যন্ত সন্মানিত বোধ কৰিম। আপোনালোকে যাতে মালদ্বীপৰ পৰা সুন্দৰ অভিজ্ঞতা সঞ্চয় কৰিব পাৰে সেয়া নিশ্চিত কৰাৰ দায়িত্ব আমাৰ। ভাৰতীয় ক্ৰিকেট দলে মালদ্বীপলৈ আহি বিশ্বকাপ জয়ৰ আনন্দ উপভোগ কৰক। তাৰ বাবে প্ৰয়োজনীয় সকলো আয়োজন আমি কৰিম।

অৱশ্যে বি চি চি আইয়ে এতিয়ালৈকে মালদ্বীপৰ এই প্ৰস্তাৱ গ্ৰহণ কৰা নাই। এই প্ৰস্তাৱ সন্দৰ্ভত কোনো কথাই আলোচনা হোৱা নাই। তথাপিও মালদ্বীপ আশাবাদী।

একাংশ বিশেষজ্ঞৰ মতে ভাৰতীয়সকলে মালদ্বীপ ভ্ৰমণলৈ পিঠি দিয়াত ভাৰতীয় ক্ৰিকেট দলটোক মালদ্বীপলৈ আমন্ত্ৰণ জনাই ভাৰতীয় পৰ্যটকৰ মন জয় কৰাৰ চেষ্টা কৰিছে দেশখনে। কিন্তু ভাৰতীয়সকলে মালদ্বীপৰ এই প্ৰচেষ্টাৰ প্ৰতি কিমান আকৰ্ষিত হয় সেয়াহে হ’ব লক্ষ্যণীয়।

এই কথা সম্পূৰ্ণৰূপে সত্য যে, মালদ্বীপলৈ যোৱা ভাৰতীয়ৰ সংখ্যা হ্ৰাস পাইছে। সেয়ে এতিয়া পৰ্যটনৰ ওপৰতেই নিৰ্ভৰশীল দেশখনৰ অৰ্থনীতিলৈ আহি পৰিছে যথেষ্ট প্ৰত্যাহ্বান।

বিধ্বস্ত মালদ্বীপৰ অৰ্থনীতিঃ লাগে ভাৰতীয় ক্ৰিকেট দলৰ সহাৰি...
ADRE ক নকৰিব APSC...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in