আঘাতৰ সমস্যাত ভূগি আছে ধোনীঃ বেন ষ্টোকছ হ'ব নেকি CSK ৰ অধিনায়ক...

আঘাতৰ সমস্যাত ভূগি আছে ধোনীঃ বেন ষ্টোকছ হ'ব নেকি CSK ৰ অধিনায়ক...
আঘাতৰ সমস্যাত ভূগি আছে ধোনীঃ বেন ষ্টোকছ হ'ব নেকি CSK ৰ অধিনায়ক...
Published on
Updated on

ডিজিটেল ডেস্কঃ আজিৰে পৰা আৰম্ভ হ'ব আই পি এল ২০২৩ । উদ্বোধনী মেচখন খেলিব ডিফেণ্ডিং চেম্পিয়ন গুজৰাট টাইটানছ আৰু ৰানাৰ্ছ আপ চেন্নই চুপাৰ কিংছৰ মাজত।

গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত হবলগীয়া মেচখনৰ পূৰ্বে ক্ৰিকেট প্ৰেমীৰ মাজত দেখা গৈছে ব্যাপক উত্তেজনা। তাৰ মাজতে চি এছ কেৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনিক লৈ সৃষ্টি হৈছে বিশেষ চৰ্চা।

খবৰ প্ৰকাশ পোৱা অনুসৰি আজিৰ মেচখন নেখেলে ধোনীয়ে। এক ইণ্টাৰভিউত চি এছ কেৰ অধিনায়কগৰাকীয়ে কৈছিল ঘৰুৱা খেলপথাৰত খেলি তেওঁ আই পি এলৰ পৰা বিদায় ল'ব।

তেওঁ ইতিমধ্যে বেন ষ্ট্ৰোকছৰ ৰূপত এজন অভিজ্ঞ অলৰাউণ্ডাৰ লাভ কৰিছে। চি এছ কেত বেন ষ্ট্ৰোকছে নিজস্ব দক্ষতাৰ প্ৰমাণ দাঙি ধৰিব পাৰিব বুলি আশা কৰা হৈছে।

ইফালে আজিৰ মেচখনত দুয়োটা দলেই ফেভাৰিট আখ্যা পাইছে। ষ্টেডিয়ামৰ পীটছ দুয়োটা দলৰ পেছাৰ আৰু স্পীন আক্ৰমণৰ বাবে সুবিধাজনক। মেচৰ পূৰ্বে প্ৰকাশ পোৱা এক খবৰ অনুসৰি আঘাতৰ সমস্যাত ভূগি আছে মহেন্দ্ৰ সিং ধোনি।

বাওঁ আঠুৰ সমস্যাত ভূগি থকা ধোনিয়ে অনুশীলনো সম্পূৰ্ণ কৰিব পৰা নাই। ধোনিৰ অনুপস্থিতিত বেন ষ্টোকছে দলটোক নেতৃত্ব দিব। অৱশ্যে এয়া এক উৰা বাতৰিহে।

চি এছ কেৰ চি ই অ' কাশী বিশ্বনাথে এই সকলোবোৰ উৰা বাতৰি বুলি উল্লেখ কৰিছে। তেওঁ কয়, অধিনায়ক ধোনিয়ে খেলাটো ১০০ শতাংশ নিশ্চিত।

আঘাতৰ সমস্যাত ভূগি আছে ধোনীঃ বেন ষ্টোকছ হ'ব নেকি CSK ৰ অধিনায়ক...
মহ খেদা ধূপৰ পৰা অগ্নিৰ সূত্ৰপাত! এটা পৰিয়ালৰে ৬ জনৰ মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in