ডিজিটেল ডেস্ক : ভাৰতত অনুষ্ঠিতব্য এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ একাধিক মেচৰ সময়সূচী সলনি কৰা হৈছে। ভাৰত-পাকিস্তানৰ মেচসহ ৯খন মেচৰ সূচী সলনি কৰা হৈছে।
পূৰ্বে ঘোষিত সূচী অনুসৰি ১৫ অক্টোবৰত ভাৰত-পাকিস্তানৰ হাইভ'ল্টেজ মেচখন অনুষ্ঠিত কৰাৰ কথা আছিল। কিন্তু এই দিনটোৰ পৰিৱৰ্তে জল্পনা-কল্পনাৰ অন্ত পেলাই এদিন পূৰ্বে অৰ্থাৎ ১৪ অক্টোবৰত হাইভ'ল্টেজ মেচখন আয়োজন কৰা হ'ব বুলি বি চি চি আয়ে সদৰি কৰে।
অৱশ্যে মেচখনৰ স্থানৰ সলনি কৰা হোৱা নাই। আহমেডাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামতে মেচখন আয়োজন কৰা হ'ব। ইয়াৰোপৰি ৯খন মেচৰ দিন সলনি কৰা হৈছে।
১১ নৱেম্বৰত অনুষ্ঠিত হ'ব লগা ভাৰত-নেডাৰলেণ্ডছৰ মেচখন ১২ নৱেম্বৰত আয়োজন কৰা হ'ব। ইয়াৰ পৰিৱৰ্তে ১১ নৱেম্বৰত ইডেন গাৰ্ডেনত ইংলেণ্ড আৰু পাকিস্তানৰ মেচখন অনুষ্ঠিত কৰা হ'ব।
উল্লেখ্য যে, এই মেচখন কালী পূজাৰ বাবে বংগ ক্ৰিকেট সংস্থাই সূচী সলনি কৰাৰ বাবে ব'ৰ্ডক অনুৰোধ জনাইছিল। বংগ ক্ৰিকেট সংস্থাৰ এই অনুৰোধৰ প্ৰতি সন্মান জনাই ব'ৰ্ডে ১২ নৱেম্বৰৰ পৰিৱৰ্তে ১১ নৱেম্বৰত অনুষ্ঠিত কৰাৰ বাবে সন্মতি জনায়।
Also Read: গুজৰাটৰ পৰা মেঘালয়লৈ হ'ব ভাৰত জোড়োৰ দ্বিতীয় অভিযান