ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত জনপ্ৰিয় ভাৰতীয় ক্ৰিকেটাৰ...

আজমগড়ৰ পৰা লক্ষ্ণৌ অভিমুখে যোৱাৰ পথতে দুৰ্ঘটনা
ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত জনপ্ৰিয় ভাৰতীয় ক্ৰিকেটাৰ...
ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত জনপ্ৰিয় ভাৰতীয় ক্ৰিকেটাৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ সন্মুখীন হ'ল ভাৰতীয় ক্ৰিকেটাৰ মুছিৰ খান। আজমগড়ৰ পৰা লক্ষ্ণৌলৈ যোৱাৰ পথতে দুৰ্ঘটনাত পতিত হয় মুছিৰ খান। দুৰ্ঘটনাৰ সময়ত তেওঁৰ সৈতে আছিল তেওঁৰ পিতৃ নৌছাদ খানো।

খবৰ অনুসৰি শুকুৰবাৰে আজমগড়ৰ পৰা লক্ষ্ণৌলৈ যোৱাৰ পথত মুছিৰ খানৰ বাহনে পথৰ কাষৰ এটা ডিভাইডাৰত খুন্দা মাৰে। এই দুৰ্ঘটনাত মুছিৰ আৰু তেওঁৰ পিতৃ দুয়ো অতি আহত হৈছে।

মুছিৰ খানে মূৰত আঘাত পাইছে। ডিঙিত বিষ অনুভৱ কৰিছে। দুৰ্ঘটনাৰ পাছতে দুয়োকে এখন স্থানীয় হাস্পতাললৈ লৈ যোৱা হয়। তেওঁৰ দেহৰ হাঁড় ভাঙিছে বুলিও জানিব পৰা গৈছে। চিকিৎসকে জনোৱা মতে মুছিৰ খানক সম্পূৰ্ণ সুস্থ হৈ উঠিবলৈ অতি কমেও ১৬ সপ্তাহৰ প্ৰয়োজন হ'ব।

অহা দেওবাৰে মুছিৰক উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ লৈ যোৱা হ'ব। তাতেই তেওঁক বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত চিকিৎসা প্ৰদান কৰা হ'ব। এই সন্দৰ্ভত মুম্বাই ক্ৰিকেট এছ'চিয়েছনৰ এজন বিষয়ববীয়াই কয় যে, শুকুৰবাৰে নিশা মুছিৰ দুৰ্ঘটনাত পতিত হয়। তেওঁ অহা ইৰাণী কাপত খেলিব নোৱাৰিব। দেওবাৰে তেওঁক মুম্বাইলৈ লৈ অনা হ'ব।মুম্বাই ক্ৰিকেট এছ'চিয়েছন আৰু বি চি চি আইৰ চিকিৎসকৰ দলে তেওঁক পৰীক্ষা কৰিব।

উল্লেখ্য, অহা ১ অক্টোবৰৰ পৰা আৰম্ভ হ'ব ইৰাণী কাপ। ইয়াৰ বাবে ঘোষণা কৰা মুম্বাই দলটোৰ সদস্য আছিল মুছিৰ খান। সেই মেচত অংশল'বলৈকে তেওঁ লক্ষ্ণৌলৈ যাত্ৰা কৰিছিল।

এই দুৰ্ঘটনাৰ পাছত মুছিৰৰ এতিয়া অহা ৰঞ্জী ক্ৰিকেটক লৈয়ো অনিশ্চয়তাই দেখা দিছে। অহা ১১ অক্টোবৰৰ পৰা আছে ৰঞ্জী ট্ৰফী। উল্লেখ্য, এই পৰ্যন্ত মুছিৰে ৯ খনকৈ প্ৰথম শ্ৰেণীৰ মেচ খেলিছে। এই ৯ খন মেচত গড়ে ৫১.১৪ কৈ ৭১৬ ৰাণ সংগ্ৰহ কৰিছে।

সদ্য সমাপ্ত দুলীপ ট্ৰফীত ভাৰত-বি দলৰ হৈ খেলি প্ৰথম মেচতে ১৮১ ৰাণৰ দৰ্শনীয় ইনিংছ উপহাৰ দিছিল মুছিৰে। স্মৰ্তব্য মুছিৰ খান ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ ক্ৰিকেটাৰ ছৰফৰাজ খানৰ ভাতৃ।

ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত জনপ্ৰিয় ভাৰতীয় ক্ৰিকেটাৰ...
কানপুৰত ৰবিচন্দ্ৰন অশ্বিনৰ কৃতিত্ব

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in