ডিজিটেল সংবাদ নগাঁও: ৰাজ্যখনৰ ভিতৰতে অন্যতম পুৰণি তথা সম্ভ্ৰান্ত ক্ৰীড়া সংগঠন নগাঁও ক্রীড়া সংস্থাৰ আজি বাৰ্ষিক সাধাৰণ সভাখন স্প’ৰ্টছ ক্লাব পেভিলিয়নত জ্যেষ্ঠ উপ সভাপতি তপন কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায়৷ এই সভাত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হোৱাৰ উপৰিও আগন্তুক চাৰি বছৰীয়া কাৰ্যকালৰ বাবে নতুনকৈ কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয়৷
এই সমিতিখনলৈ বিধায়ক ৰূপক শৰ্মা বিনাপ্ৰতিদ্বন্দিতাৰে সভাপতিৰূপে নিৰ্বাচিত হোৱাৰ লগতে গুৰুত্বপূৰ্ণ সাধাৰণ সম্পাদকৰ পদত বিশিষ্ট ক্ৰীড়া সংগঠক তপন কুমাৰ দাসে ৩৯ টা ভোট লাভ কৰাৰ বিপৰীতে সাধাৰণ সম্পাদক প্লাৱন বৰুৱাই ১৩ টা ভোট লাভ কৰে। মুঠ ২৬টা ভোটৰ ব্যৱধানত তপন কুমাৰ দাস সম্পাদক হিচাপে নিৰ্বাচিত হয়।
ইফালে কোষাধ্যক্ষৰ পদত অসীম কুমাৰ ভাৱালে আমিনুল ইছলাম বক্সীক ২০টা ভোটৰ ব্যৱধানত পৰাজিত কৰে৷ আনহাতে পাঁচজন উপ সভাপতিৰ পদত অভিজিৎ কুমাৰ নাথ, ডাঃ কৃষ্ণ কুমাৰ বৰা, তপন কুমাৰ শৰ্মা, প্ৰশান্ত কুমাৰ বৰা আৰু প্ৰদীপ কুমাৰ হাজৰিকা নিৰ্বাচিত হৈছে৷
নগাঁও ক্রীড়া সংস্থাৰ মনোনীত নির্বাচনী বিষয়া গুণদা কান্ত শৰ্মাই জানিবলৈ দিয়ামতে দুজন যুটীয়া সম্পাদকৰ পদত উজ্জল বৰুৱা আৰু অমিতাভ বৰা, দুজন সহকাৰী সম্পাদকৰ পদত অৰ্পণ দাস আৰু সুৰুজউদ্দিন আহমেদ নিৰ্বাচিত হয়৷
ক্ৰিকেট শাখাৰ সম্পাদকৰ পদত মৃণাল কুমাৰ হাজৰিকাই শোণিত কুমাৰ বৰুৱাক ২২টা ভোটত, এথলেটিকছ শাখাৰ সম্পাদক পদত প্ৰনৱ কুমাৰ বৰদলৈয়ে অ’হিদুজ জামানক ১৮টা ভোটত, ভলীবল শাখা সম্পাদকৰ পদত প্ৰশান্ত কুমাৰ দাসে পৰশুৰাম মহেশ্বৰীক ২২টা ভোটত, বেডমিণ্টন শাখাৰ সম্পাদকৰ পদত অনিল দাসে ৰনেন্দ্ৰ মোহন পণ্ডিতক ২৬টা ভোটৰ ব্যৱধানত পৰাজিত কৰি নিৰ্বাচিত হৈছে৷
৯ জন কাৰ্যনিৰ্বাহক সদস্যৰ পদত আজহাৰউদ্দিন আহমেদ, বীৰেন কুণ্ডু, গৌৰীশংকৰ ৰয়, দেৱজ্যোতি গোস্বামী, সঞ্জয় কুমাৰ মাহাতু, তাপস ভাৱাল, হীৰকজ্যোতি বৰা, শুভ্ৰজ্যোতি শইকীয়া আৰু নিৰুপম মজুমদাৰ নিৰ্বাচিত হয়৷ ইতিপূৰ্বেই বিধায়ক ৰূপক শৰ্মা সভাপতিৰূপে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱাৰ উপৰিও খেলপথাৰ সম্পাদকৰ পদত দেৱজিৎ দাস, ফুটবল শাখাৰ সম্পাদকৰূপে প্ৰান্তৰ কুমাৰ ভট্টাচাৰ্য, জিমনাষ্টিকছ শাখাৰ সম্পাদক ৰূপে এইছ কে এম ৰহমান, সাঁতোৰ শাখাৰ সম্পাদকৰূপে সমীৰ হাজৰিকা, টেবুল টেনিছ শাখাৰ সম্পাদকৰূপে ভৱজ্যোতি দাস, বাস্কেটবল শাখাৰ সম্পাদকৰূপে দিগন্ত বৰা, কেৰম শাখাৰ সম্পাদকৰ পদত প্ৰেম কুমাৰ দাস আৰু কাবাডী শাখাৰ সম্পাদকৰ পদত ৰজৎ বৰদলৈ বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছিল৷
বৰ্তমানৰ কাৰ্যবাহী সভাপতি তথা বিধায়ক ৰূপক শৰ্মাকে ধৰি সমাজ সংগঠক ব্ৰজেন কাকতি, ডাঃ মুকুট গোস্বামীকে ধৰি বিভিন্ন ক্লাবৰ পৰা ৫২গৰাকী প্ৰতিনিধি সদস্য উপস্থিত থকা আজিৰ সাধাৰণ সভাত অসম অলিম্পিক সন্থাৰ পৰা ৰাজ কাকতি আৰু ধ্ৰুৱজোতি কলিতা পৰ্যবেক্ষকৰূপে আছিল৷
নগাঁও ক্ৰীড়া সংস্থাৰ বাৰ্ষিক আয়-ব্যয়ৰো হিচাপ দাখিল হোৱা সভাত চাৰিটা উপ-ক্ৰীড়া সংস্থা আৰু নতুনকৈ ৮ টা ক্লাবক স্বীকৃতি প্ৰদান কৰাৰ লগতে আন কেইবাটাও বিষয়ৰ ওপৰতো আলোচনা কৰা হয়৷
Also Read: জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ প্ৰতিষ্ঠা দিৱসঃ শিল্পী দ্বীপেন বৰুৱালৈ 'উদ্দীপনা বটাঁ'...