ডিজিটেল সংবাদ শিৱসাগৰঃ আজি শিৱসাগৰ চহৰত থকা চাওল্যুং চুকাফা ইণ্ডৰ ষ্টেডিয়াম পৰিচালনা সমিতিয়ে ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাত সফলতা অৰ্জন কৰা খেলুৱৈক অভিনন্দন জ্ঞাপন কৰে ৷ ইতিপূৰ্বে ডিব্ৰুগড়ত অনুষ্ঠিত হৈ যোৱা অল ইণ্ডিয়া ৰেংকিং বেডমিণ্টন টুৰ্ণামেন্টত শিৱসাগৰৰ চাওলুং চ্যুকাফা ইণ্ডৰ ষ্টেডিয়ামৰ প্ৰশিক্ষাৰ্থী বেদাগ্নি গগৈয়ে চমক সৃষ্টি কৰে ৷
বেদাগ্নি গগৈ ১৩ বছৰ অনুৰ্ধ শাখাত চেম্পিয়ন হৈ গৌৰৱ অৰ্জন কৰে ৷ এই ষ্টেডিয়ামৰ খেলুৱৈ অভিজ্ঞান দত্তই ১৩ বছৰ অনুৰ্ধ শাখাত তৃতীয় স্থান লাভ কৰে।
শিৱসাগৰৰ চাওলুং চ্যুকাফা ইণ্ডৰ ষ্টেডিয়ামৰ বেদাগ্নি গগৈ, প্ৰশিক্ষাৰ্থী শুভাশীষ নৌকাক্ষৰ আৰু অভিজ্ঞান দত্তই আগন্তুক জন্মুত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় বেডমিণ্টন টুৰ্ণামেন্ট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। এই তিনিগৰাকী ৰাষ্ট্ৰীয় বেডমিণ্টন খেলুৱৈক শিৱসাগৰ চাওলুং চ্যুকাফা ইণ্ডৰ ষ্টেডিয়ামত আনুষ্ঠানিকভাৱে অভিনন্দন জ্ঞাপন কৰে।
বিশিষ্ট সমাজকৰ্মী তথা ক্ৰীড়া সংগঠক সৌৰভ চলিহাই পৰিচালনা কৰা অনুষ্ঠানত চাওলুং চ্যুকাফা ইণ্ডৰ ষ্টেডিয়ামৰ তৰফৰ পৰা দিলীপ ডেকা, মনোজ কুমাৰ গগৈ আৰু সঞ্জীৱ দে' য়ে উপহাৰ প্ৰদান কৰি কৃতীমান ৰাষ্ট্ৰীয় বেডমিণ্টন খেলুৱৈ তিনিগৰাকীক অভিনন্দন জ্ঞাপন কৰে।
তদুপৰি কৌশিক গগৈ, শুভম ফুকন, কৌশিক দত্ত, মৌচম গোহাঁই, নিলোৎপল দত্ত প্ৰশিক্ষকসকলকো সম্বৰ্ধনা জনায়। অনুষ্ঠানত প্ৰশিক্ষাৰ্থী, অভিভাৱকসকলৰ লগতে শতাধিক বেডমিণ্টন প্ৰশিক্ষাৰ্থী তথা খেলুৱৈ উপস্থিত থাকে।
সৌৰভ চলিহাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা এই ষ্টেডিয়ামৰ খেলুৱৈক জিলিকাই তুলিব পৰাকৈ প্ৰচেষ্টা অব্যাহত ৰখাৰ কথা ব্যক্ত কৰে। অল ইণ্ডিয়া ৰেংকিঙ বেডমিণ্টন প্ৰতিযোগিতাৰ ১৩ বছৰৰ অনুৰ্ধ্বৰ শাখাত চেম্পিয়ন হোৱা বেদাগ্নি গগৈয়ে ইতিপূৰ্বে গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা ৭২ সংখ্যক সদৌ অসম আন্তঃজিলা বেডমিণ্টন চেম্পিয়নশ্বিপত দ্বি-মুকুট অৰ্জন কৰিছিল ৷
বেদাগ্নী গগৈয়ে ১৩ বছৰৰ অনুৰ্ধ্বৰ আৰু ১৫ বছৰৰ অনুৰ্ধ্বৰ প্ৰতিযোগিতাত চেম্পিয়ন ৰূপে খিতাপ অৰ্জন কৰিছিল ৷ বেদাগ্নি গগৈৰ ঘৰ শিৱসাগৰ চহৰৰ মেলাচকৰৰ হীৰালাল বৰুৱা পথৰ কাষত ৷