National Sports Day: সমগ্ৰ দেশতে ২৯ আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয়। ভাৰতৰ কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ জন্মদিন উপলক্ষে প্ৰতি বছৰে এই দিনটো ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰা হয়। ‘হকীৰ যাদুকৰ’ খ্যাত মেজৰ ধ্যানচান্দক সুঁৱৰি তথা প্ৰতিজন ব্যক্তিৰ জীৱনত ক্ৰীড়া আৰু শাৰীৰিক কাৰ্যকলাপ অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজনীয়তা আৰু লাভালাভৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই দিৱস পালন কৰি অহা হৈছে।
আন্তঃৰাষ্ট্ৰীয় হকীৰ ক্ষেত্ৰখনত ধ্যানচান্দে নিজকে প্ৰতিষ্ঠিত কৰি দেশক কেইবাবাৰো সাফল্যৰ উচ্চ শিখৰত আৰোহণ কৰাইছিল। এই খেলুৱৈগৰাকীয়ে ভাৰতৰ হৈ ১৯২৮, ১৯৩২ আৰু ১৯৩৬ ত অলিম্পিকত সোণৰ পদক লাভ কৰিছিল।তেওঁৰ আত্মজীৱনীত উল্লেখ থকা মতে, তেওঁ ১৯২৬ ৰ পৰা ১৯৪৯ লৈকে মুঠ ৫৭০টা গল কৰিছিল।
এই মহান খেলুৱৈগৰাকীৰ স্মৃতিত প্ৰদান কৰা মেজৰ ধ্যানচান্দ বঁটা ক্ৰীড়া জগতত জীৱনজোৰা সাফল্যৰ বাবে আগবঢ়োৱা সৰ্বোচ্চ সন্মান। মেজৰ ধ্যানচান্দক ভাৰত চৰকাৰে ১৯৫৬ চনত পদ্মবিভূষণ বঁটা প্ৰদান কৰে। ১৯৭৯ চনত ভাৰতীয় ডাক বিভাগে এইগৰাকী কিংবদন্তীক সন্মান জনোৱাৰ বাবে বিশেষ ষ্টাম্পও (ডাকটিকট) জাৰি কৰে।
উল্লেখ্য যে, ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস ২০১২ৰ পৰা পালন কৰি অহা হৈছে। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত দেশৰ নাম উৎকৃষ্ট খেলুৱৈসকলক অৰ্জুন বঁটা, ধ্যানচান্দ বঁটা, ৰাজীৱ গান্ধী খেলৰত্ন আৰু দ্ৰোণাচাৰ্য বঁটা আদিৰে সন্মানিত কৰা হয়।এই দিনটোত ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত বিশেষ অনুষ্ঠানত ভাৰতৰ বঁটাপ্ৰাপকসকলক এই বঁটাসমূহ প্ৰদান কৰে। ১৯০৫ চনৰ ১৯ আগষ্টত জন্মগ্ৰহণ কৰা মেজৰ ধ্যানচান্দে ব্ৰিটিছ ইণ্ডিয়ান আৰ্মি ৰেজিমেন্টেল দলৰ সৈতে খেলি তেওঁৰ খেল জীৱনৰ আৰম্ভণি কৰিছিল।
মন কৰিবলগীয়া যে, ভাৰতৰ লগতে বিশ্বৰ আন আন দেশসমূহতো ক্ৰীড়া দিৱস পালন কৰা হয়।ইৰাণত ১৭ অক্টোবৰৰ দিনটোক শাৰীৰিক শিক্ষা আৰু ক্ৰীড়া দিৱস আৰু ১৭ অক্টোবৰৰ পৰা ২৩ অক্টোবৰলৈ গোটেই সপ্তাহটোক শাৰীৰিক শিক্ষা আৰু ক্ৰীড়া সপ্তাহ হিচাপে পালন কৰা হয়। ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে ব্যক্তিৰ ব্যক্তিগত আৰু সামাজিক জীৱনত ব্যায়ামৰ গুৰুত্বৰ সন্দৰ্ভত আলোকপাত কৰা আৰু সংবিধানৰ তিনি নং অনুচ্ছেদত গুৰুত্ব আৰোপ কৰা।
জাপানত অক্টোবৰৰ দ্বিতীয় সোমবাৰে স্বাস্থ্য আৰু ক্ৰীড়া দিৱস পালন কৰা হয়। ১৯৬৬ৰ ১০ অক্টোবৰত এই দিৱস প্ৰথমবাৰৰ বাবে পালন কৰা হৈছিল আৰু ২০০০ চনৰ পৰা ইয়াক অক্টোবৰ মাহৰ দ্বিতীয় সোমবাৰে পালন কৰি অহা হৈছে।
মালয়েছিয়াত এক স্বাস্থ্যকৰ জীৱনশৈলীৰ প্ৰচলনৰ উদ্দেশ্যে ২০১৫ চনৰ পৰা অক্টোবৰ মাহৰ দ্বিতীয় শনিবাৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰি অহা হৈছে।
কাটাৰতো প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় মঙ্গলবাৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰা হয়। জনসাধাৰণৰ মাজত এক স্বাস্থ্যকৰ জীৱনশৈলীৰ প্ৰচলনেই এই দিৱসৰ পালনৰ প্ৰধান উদ্দেশ্য। কাটাৰত এই দিৱস ২০১২ চনত প্ৰথমবাৰৰ বাবে উদযাপিত কৰা হৈছিল।
Also Read: Traditional Assamese Attire: অসমৰ জনগোষ্ঠীয় সাজ-পাৰ