নীৰজৰ সংগ এৰিলে হাই প্ৰফাইল প্ৰশিক্ষক বাৰ্টনিৎজে...

এথলেটিকছ ফেডাৰচন অফ ইণ্ডিয়াই বিচাৰিছে অধিক সময়
নীৰজৰ সংগ এৰিলে হাই প্ৰফাইল প্ৰশিক্ষক বাৰ্টনিৎজে...
নীৰজৰ সংগ এৰিলে হাই প্ৰফাইল প্ৰশিক্ষক বাৰ্টনিৎজে...
Published on
Updated on

ডিজিটেল ডেস্কঃ অলিম্পিক পদক বিজয়ী তাৰকা জেভলীন থ্ৰ'ৱাৰ নীৰজ চোপ্ৰাৰ সংগ ত্যাগ কৰিলে তেওঁৰ হাইপ্ৰফাইল প্ৰশিক্ষক ক্ল'ছ বাৰ্টনিৎজে। নীৰজে টকিঅ' অলিম্পিকত সোণৰ পদক আৰু পেৰিছ অলিম্পিকত ৰূপৰ পদক জয় কৰাৰ ক্ষেত্ৰত এইগৰাকী প্ৰশিক্ষকৰ আছিল গুৰুত্বপূৰ্ণ ভূমিকা।

বাৰ্টনিৎজে সুদীৰ্ঘ দিন ধৰি ভাৰতত থাকি নীৰজক প্ৰশিক্ষণ প্ৰদান কৰি আহিছিল। ২০১৯ ত ভাৰতীয় এথলেটিক ফেডাৰচনৰ দ্বাৰা চুক্তিবদ্ধ কৰা হৈছিল এইগৰাকী হাই প্ৰফাইল প্ৰশিক্ষকক।

অৱশ্যে সেই সময়ত তেওঁ এগৰাকী বায়মেকানিকেল বিশেষজ্ঞ হিচাপেহে ভাৰতলৈ আহিছিল। এথলেটিকছ ফেডাৰেচনৰ দ্বাৰা চুক্তিবদ্ধ হোৱাৰ পাছতে তেওঁ নীৰজৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰে।

এইগৰাকী প্ৰশিক্ষকৰ অধীনতে নীৰজে বিশ্ব চেম্পিয়নশ্বিপত দুটাকৈ সোণৰ পদক, অলিম্পিকত সোণ আৰু ৰূপৰ পদক, এছিয়ান গেমছ আৰু ডায়মণ্ড লীগত সোণৰ পদক অৰ্জন কৰিছে। পেৰিছ অলিম্পিকৰ পাছতে আঘাতৰ সমস্যাত ভূগি আছে নীৰজ চোপ্ৰা।

ফলত তেওঁ এতিয়া খেল পথাৰৰ পৰা বাহিৰত আছে। এনে এক জটিল সময়তে নীৰজ চোপ্ৰাক এৰি যাবলৈ ওলাইছে বাৰ্টনিৎজ। অৱশ্য তেওঁ পেৰিছ অলিম্পকৰ পূৰ্বেই নীৰজৰ সংগ ত্যাগ কৰিব বুলি তেওঁক জনাই দিছিল।

তেওঁ পৰিয়ালৰ সৈতে সময় পাৰ কৰিবলৈ স্বদেশলৈ উভতি যোৱাৰ কথা অৱগত কৰিছিল। সেই মতেই ডায়মণ্ড লীগৰ পিছতে তেওঁৰ চু্ক্তি শেষ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

এথলেটিকছ ফেডাৰচনেও এই বিষয়ে উল্লেখ কৰিছে। অক্টোবৰৰ মাজ ভাগতেই তেওঁ স্বদেশলৈ উভতিব। নীৰজ চোপ্ৰাৰ উপৰিও তেওঁ ভাৰতৰ আন কেইবাজনো খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰিছিল।

এনে পৰিস্থিতিত এতিয়া এথলেটিকছ ফেডাৰচনে নতুন প্ৰশিক্ষকৰ সন্ধান কৰিছে। কিন্তু কোনে বাৰ্টনিৎজৰ স্থান ল'ব সেয়া এতিয়াও নিশ্চিত হোৱা নাই। জানিব পৰা মতে ভাৰতীয় এথলেটিকছ ফেডাৰচনে বাৰ্টনিৎজক সম্পূৰ্ণ ৰূপে এৰিব বিচৰা নাই।

তৰুণ খেলুৱৈসকলক প্ৰশিক্ষণৰ বাবে বাৰ্টনিৎজক পুনৰ চুক্তিবদ্ধ কৰিবলৈ কথা পাতিছে। যদি সেয়াই হয় তেন্তে তেওঁ বছৰৰ কিছু সময় পৰিয়ালৰ সৈতে সময় পাৰ কৰিব পাৰিব।

বাকী সময় তেওঁ তৰুণ খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰিব পাৰিব। যেতিয়া প্ৰয়োজন হয় তেওঁ তেতিয়া ভাৰতলৈ আহিলেই হ'ব। প্ৰয়োজনত তৰুণ খেলুৱৈক তেওঁৰ কাষলৈ প্ৰেৰণ কৰা হ'ব।

নীৰজৰ সংগ এৰিলে হাই প্ৰফাইল প্ৰশিক্ষক বাৰ্টনিৎজে...
গভীৰ নিশা বাবৰ আজমৰ ডাঙৰ ঘোষণাঃ পাকিস্তানত অস্থিৰতা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in