পেৰা অলিম্পিকৰ বেডমিণ্টনৰ ছিংগলছত চেম্পিয়ন নীতিশ কুমাৰ...

দুটা সোণৰ পদকেৰে ভাৰতৰ পদকৰ সংখ্যা ৯ টালৈ বৃদ্ধি
পেৰা অলিম্পিকৰ বেডমিণ্টনৰ ছিংগলছত চেম্পিয়ন নীতিশ কুমাৰ...
পেৰা অলিম্পিকৰ বেডমিণ্টনৰ ছিংগলছত চেম্পিয়ন নীতিশ কুমাৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ পেৰিছত অব্যাহত থকা পেৰা অলিম্পিকত ভাৰতৰ আন এক বৃহৎ সফলতা। প্ৰতিযোগিতাখনত ভাৰতে সোমবাৰে অৰ্জন কৰিলে দ্বিতীয়টো ব্যক্তিগত সোণৰ পদক।

প্ৰতিযোগিতাৰ পুৰুষৰ বেডমিণ্টনৰ ছিংগলছৰ এছ এল থ্ৰী ইভেণ্টত সোণৰ পদক অৰ্জন কৰিছে নীতুশ কুমাৰে। ইয়াৰ লগে লগে প্ৰতোযগিতাখনত ভাৰতে বেডমিণ্টনত প্ৰথমটো আৰু সামগ্ৰীকভাৱে ৯ টা পদক অৰ্জন কৰিলে।

চূড়ান্ত মেচখনত নীতিশ কুমাৰৰ প্ৰতিদ্বন্দি আছিল গ্ৰেইট ব্ৰিটেইনৰ ডেমিয়েল বেথেল। নীতিশে বেথেলক ২১-১৪, ১৮-২১ আৰু ২৩-২১ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়।  

উল্লেখ্য যে, ভাৰতীয় শ্বাটলাৰ নীতিশ কুমাৰে এইবাৰ প্ৰতিযোগিতাখনৰ অন্যতম স্বৰ্ণ পদকৰ দাবীদাৰ আছিল। প্ৰতিযোগিতাৰ প্ৰথমৰ পৰাই তেওঁক লৈ আশাবাদী আছিল সকলো। নীতিশক লৈ চলি আছিল চৰ্চা।

নীতিশ আছিল পেৰা অলিম্পিকৰ এছ এল থ্ৰী বিভাগৰ ভাৰতীয় শীৰ্ষ বে়ডমিণ্টন খেলুৱৈ। ফাইনেলত তেওঁৰ প্ৰতিদ্বন্দি ব্ৰিটেইনৰ দ্বিতীয় বাছনিৰ বেথেলে অৱশ্যে শক্তিশালী প্ৰতিদ্বন্দিতা আগবঢ়ায়।

কিন্তু প্ৰথমৰে পৰা আক্ৰমণাত্মক খেল খেলা নীতিশে প্ৰথম ছেট নিজৰ নাম কৰাৰ পিছত দ্বিতীয় ছেটতো সুন্দৰ আৰম্ভণি কৰিছিল। দ্বিতীয় ছেটো নীতিশৰ নামতে আছিল যদিও ১৬-১৩ ব্যৱধানৰ পৰা দ্বিতীয় ছেট অন্ত পৰালৈ দুয়োৰে মাজৰ পইণ্ট ব্যৱধান হয়গৈ ১৮-২১।

বেথেলৰ এই শক্তিশালী প্ৰত্যাৱৰ্তনৰ বাবেই তৃতীয় ছেট অধিক আকৰ্ষণীয় হৈ পৰিছিল। দুয়োৱে ২১-২১ পইণ্ট অৰ্জন কৰি সোণৰ পদকৰ যোগ্য দাবীদাৰ হিচাপে নিজকে প্ৰক্ষেপ কৰে।

অৱশ্যে পাছত দুটা পইণ্ট অধিক অৰ্জন কৰে নীতিশে সোণৰ পদক নিজৰ নাম কৰে। ইয়াৰ ফলত প্ৰতিযোগিতাখনত এই পৰ্যন্ত ভাৰতৰ ২ টা সোণ, ৩ টা ৰূপ আৰু ৪ টা ব্ৰঞ্জ পদক তালিকাত সন্নিৱিষ্ট হৈছে।

পেৰা অলিম্পিকৰ বেডমিণ্টনৰ ছিংগলছত চেম্পিয়ন নীতিশ কুমাৰ...
পেৰিছ পেৰালিম্পিকত ভাৰতৰ পদকৰ সংখ্যা ৭টা লৈ বৃদ্ধি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in