ডিজিটেল সংবাদ যোৰহাটঃ যোৰহাট জিলা ক্ৰীড়া সন্থাৰ পঞ্জীয়নভূক্ত উত্তৰ যোৰহাট উপ-ক্ৰীড়া সন্থাৰ আন্তঃক্লাৱ ফুটবল লীগ প্ৰতিযোগিতাত পঞ্চৰত্ন সমাজ কল্যাণ কেন্দ্ৰই চেম্পিয়ন খিতাপ অৰ্জন কৰিছে। প্ৰতিযোগিতাখনৰ আজি অনুষ্ঠিত চূড়ান্ত খেলত পঞ্চৰত্ন সমাজ কল্যাণ কেন্দ্ৰই অসমী সমাজ কল্যাণ কেন্দ্ৰ লক্ষিমীঘাটক ট্ৰাইবেকাৰৰ সহায়ত সামগ্ৰিক ভাৱে ৫-৪ গ'লৰ ব্যৱধানত পৰাজিত কৰে।
প্ৰথামাৰ্ধৰ খেলৰ ৫ মিনিটতে অসমী সমাজ কল্যাণ কেন্দ্ৰৰ নিৰ্ভৰযোগ্য ফৰৱাৰ্ড আচুৎ দত্ত গ'লৰ সহায়ত অসমী সমাজ কল্যাণ কেন্দ্ৰ ১-০ গ'লত অগ্ৰগতি লাভ কৰে যদিও ৬ মিনিটত পঞ্চৰত্ন সমাজ কল্যাণ কেন্দ্ৰৰ মনোজ বৰাৰ ফ্ৰি কিকৰ গ'ল সহায়ত ১-১ গ'লৰ সমতা স্থাপন কৰে আৰু প্ৰথামাৰ্ধত খেল ড্ৰ হিচাপে সম্পন্ন হয় যদিও দ্বিতীয়ৰ্ধৰ দুয়োটা দলে গ'ল দিবলৈ আপ্ৰাণ চেষ্টা কৰে যদিও দুৰ্বল ফিনিছিঙৰ বাবে গ'ল দিয়াত দুয়োটা দলেই ব্যৰ্থ হয়।
নিৰ্ধাৰিত সময়ত ড্ৰ হিচাপে সমাপ্ত ঘটাত ৰেফাৰী ট্ৰাইবেকাৰৰ সহায় লৈ ফলাফল নিৰ্ধাৰিত কৰে। ট্ৰাইবেকাৰত পঞ্চৰত্ন সমাজ কল্যাণ কেন্দ্ৰই চাৰিটা গ'ল দিবলৈ সক্ষম হোৱাৰ বিপৰীতে অসমী সমাজ কল্যাণ কেন্দ্ৰই তিনিটা গ'ল দিবলৈ সক্ষম হয়। যাৰ ফলত সামগ্ৰিক ভাৱে ৫-৪ গ'লত পঞ্চৰত্ন জয়ী হয়।
আজি খেলৰ প্ৰাক্ ক্ষণত উদ্বোধক প্ৰাক্তন খেলুৱৈ নৰেন্দ্ৰ চন্দ্ৰ দত্ত আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকি যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰীয়ে খেলুৱৈসকলক উদ্দেশ্য কৰি বক্তব্য প্ৰদান কৰাৰ লগতে দুয়ো দলৰ খেলুৱৈসকলৰ লগত পৰিচয় কৰাই দিয়ে।
উত্তৰ যোৰহাট উপ-ক্ৰীড়া সন্থাৰ জয়ন্ত দত্ত মেধিয়ে আঁতধৰা বঁটা বিতৰণী সভাত সভাপতিত্ব কৰে উপ ক্ৰীড়া সন্থাৰ সভাপতি জগজিৎ শইকীয়াই। সমাজকৰ্মী গংগাধৰ দত্ত, ৩৬ নং নাওঁবৈছা গাঁও পঞ্চায়তৰ উপ-সভাপতি প্ৰসন্ন কলিতা, নৰেন্দ্ৰ নাথ দত্ত, প্ৰবিত্ৰ দত্ত, লক্ষী বড়া আৰু প্ৰদীপ নেওঁগ উপস্থিত থাকে।
চেম্পিয়ন দল পঞ্চৰত্ন সমাজ কল্যাণ কেন্দ্ৰই লাভ কৰে প্ৰয়াত পূৰ্ণ কান্ত দত্ত চলন্ত ট্ৰফী। অসমী সমাজ কল্যাণ কেন্দ্ৰই লাভ কৰে প্ৰয়াত বিমান শইকীয়া সোঁৱৰণী চলন্ত ট্ৰফী।
প্ৰয়াত জীৱন দত্ত মেধি সোঁৱৰণী চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰে পঞ্চৰত্ন সমাজ কল্যাণ কেন্দ্ৰৰ খেলুৱৈ মনোজ বড়াই। প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ গ'ল ৰক্ষকৰ বঁটা লাভ কৰে পঞ্চাৰত্ন সমাজ কল্যাণ কেন্দ্ৰৰ খেলুৱৈ অনাগ্ৰীপ শইকীয়াই। আজিৰ খেলখন পৰিচালনা কৰে ৰাজীৱ শইকীয়া।
Also Read: বিশ্বজিৎ মজুমদাৰক "ভাৰতীয় নৃত্যগুৰু শিৰোমণি সন্মান প্ৰদান"...