ডিজিটেল ডেস্কঃ মোডীৰ ৰাজ্য গুজৰাটেই এতিয়া ক্ৰিকেটৰ ৰাজধানী ! ৰাজনৈতিক হাতোৰাত বন্দী ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড চমুকৈ বি চি চি আই। এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ সময়সূচী ঘোষণা হোৱাৰ পাছতেই এতিয়া এনেকৈয়ে আৰম্ভ হৈছে সমালোচনা।
আনকি ৰাজ্যিক ক্ৰিকেট ব'ৰ্ডেও এতিয়া বি চি চি আই বিজেপিৰ দ্বাৰা পৰিচালিত হোৱাৰ পৰোক্ষ অভিযোগ উত্থাপিত কৰিছে। বি চি চি আই গেৰুৱাকৰণ হোৱা বুলি চৰ্চা চলা বিষয়টো নতুন কথা নহয়।
বি চি চি আইৰ সচিবৰ দায়িত্ব লোৱা জয় শ্বাহৰ এই পদৰ বাবে একমাত্ৰ আৰু গুৰুত্বপূৰ্ণ যোগ্যতাই আছিল গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্ৰ। অমিত শ্বাহৰ পুত্ৰ হোৱাৰ যোগ্যতাৰ বাবেই তেওঁ বি চি চি আইৰ সচিবৰ দায়িত্ব লাভ কৰিছিল।
তেতিয়াৰে পৰা বি চি চি আইত ৰাজনৈতিক হস্তক্ষেপ চলি আহিছে বুলি মুকলি চৰ্চা চলিছে। তাৰ মাজতেই এতিয়া বিশ্বকাপৰ সূচী প্ৰকাশ পোৱাত পুনৰ সেই বিষয়টোৱে চৰ্চা লাভ কৰিছে।
মোডী, শ্বাহৰ ৰাজ্য গুজৰাটে এইবাৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচ অনুষ্ঠিত কৰাৰ লগতে ফাইনেল মেচখনো অনুষ্ঠিত কৰিব। আহমেদাবাদত থকা নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই দুয়োখন মেচ।
অথচ এই প্ৰতিযোগিতাৰ মেচ অনুষ্ঠিত কৰাৰ পৰা বঞ্চিত কৰা হৈছে ইণ্ডোৰ, মোহালি, কেৰালাৰ ষ্টেডিয়াম। একেদৰেই আশা দিও নিৰাশ কৰিলে অসমকো। ঘোষণা হোৱা সময় সূচী অনুসৰি এইবাৰ মুঠ ১০ খন ষ্টেডিয়ামত অনুষ্ঠিত হ'ব বিশ্বকাপৰ মেচ।
উদ্বোধনী আৰু ফাইনেল মেচ আহমেদাবাদত অনুষ্ঠিত হোৱাৰ বিপৰীতে দুখন ছেমি ফাইনেলৰ এখন মুম্বাইত আৰু আনখন কলকাতাত অনুষ্ঠিত হ'ব। ইয়াৰোপৰি আন আন মেচসমূহ অনুষ্ঠিত হ'ব বেংগালুৰু, চেন্নাই, দিল্লী, ধৰ্মশালা, হায়দৰাবাদ, লক্ষ্ণৌ আৰু পুনেত।
বহু কেইখন গুৰুত্বপূৰ্ণ ষ্টেডিয়ামক এইবাৰ গুৰুত্বহীন কৰাক লৈ আৰম্ভ হোৱা বিতৰ্কৰ মাজতে ১৯৮৭ ৰ বিশ্বকাপ অনুষ্ঠিত হোৱা ইণ্ডোৰত এখনো মেচ অনুষ্ঠিত কৰাৰ সুযোগ নিদিয়াত মধ্যপ্ৰদেশ ক্ৰিকেট সন্থাৰ সভাপতিগৰাকীয়ে আক্ষেপ প্ৰকাশ কৰিছে। সন্থাৰ সভাপতি অভিলাশ খাণ্ডেকৰে কয়, ১৯৮৭ ইণ্ডোৰে বিশ্বকাপ অনুষ্ঠিত কৰিছিল। কিন্তু এইবাৰ এই চহৰে এখনো মেচ নাপালে।
একেদৰে বিশ্বকাপৰ মেচ অনুষ্ঠিত কৰাৰ সুযোগ নাপালে মোহালিয়ে। ২০১১ বিশ্বকাপত ভাৰত-পাকিস্তানৰ হাইভল্টেজ মেচ অনুষ্ঠিত হৈছিল মোহালিত। এইবাৰ এখনো মেচ মোহালিয়ে নোপোৱাত পঞ্জাৱ ক্ৰিকেট সন্থাই পৰোক্ষ ভাৱে বি চি চি আইক পক্ষপাতদুষ্ট বুলি অভিযোগ কৰিছে।
তিৰুৱন্তপুৰমেও এইবাৰ বিশ্বকাপৰ মেচ অনুষ্ঠিত কৰিব নোৱাৰিব। যাৰ বাবে কংগ্ৰেছ নেতা শশী ঠাৰুৰে ক'লে, মোডীৰ জামানাত আহমেদাবাদেই যেন ক্ৰিকেটৰ ৰাজধানী হৈ উঠিছে।
অৱশ্যে এনে অভিযোগৰ মাজতে বি চি চি আইৰ ফালৰ পৰা জনাইছে ভেন্যু নিৰ্বাচন তেওঁলোকৰ হাতত নাছিল। সকলো পৰিস্থিতি পৰ্যবেক্ষণ কৰি এই সিদ্ধান্ত লৈছে আই চি চিয়ে।
বি চি চি আইৰ এই চাফাইত সন্তুষ্ট হোৱা নাই কোনো। কিয়নো শেহতীয়াকৈ দ্বিপাক্ষিক ছিৰিজেই হওক অথবা আই পি এলেই হওক সকলোতে আহমেদাবাদক যিদৰে অধিক গুৰুত্ব দিয়া হৈছে সেই সকলোবোৰ ক্ৰিকেট অনুৰাগীয়ে লক্ষ্য কৰি আছে।
আগন্তুক সময়ত যে আহমেদাবাদত গুৰুত্বপূৰ্ণ মেচ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বি চি চি আই অধিক সমালোচিত হ'ব সেয়া নিশ্চিত।
Also Read: মৰণত শৰণ দি নৌকাৰে ভৰুণ নদী পাৰ হৈ ঘিলামৰাত বিদ্যালয়লৈ যাব লাগে শিক্ষাৰ্থী...