একেই কাহিনী, জীৱন সংগ্ৰামঃ ব্ৰঞ্জ জয় কৰা স্বপ্নীলে ক'লে ধোনীয়েই তেওঁৰ আদৰ্শ

৫০ মিটাৰ এয়াৰ ৰাইফল শ্বুটিঙত ব্ৰঞ্জৰ পদ জয়েৰে ইতিহাস
একেই কাহিনী, জীৱন সংগ্ৰামঃ ব্ৰঞ্জ জয় কৰা স্বপ্নীলে ক'লে ধোনীয়েই তেওঁৰ আদৰ্শ
একেই কাহিনী, জীৱন সংগ্ৰামঃ ব্ৰঞ্জ জয় কৰা স্বপ্নীলে ক'লে ধোনীয়েই তেওঁৰ আদৰ্শ
Published on
Updated on

ডিজিটেল ডেস্কঃ 'থালা ফৰ এ ৰিজন'- ক্ৰিকেটত এই বাক্যশাৰীৰ ব্যৱহাৰ নতুন কথা নহয়। মহেন্দ্ৰ সিং ধোনীৰ জনপ্ৰিয়তা তেওঁৰ দক্ষতাৰ কথা ক'লেই ক্ৰিকেট অনুৰাগী, বিশেষজ্ঞ অথবা ক্ৰিকেটাৰ সকলোৰে মুখত কেৱল এশাৰীয়েই বাক্য- 'থালা ফৰ এ ৰিজন'। আনকি মেচৰ জয়, পৰাজয়, ৰাণ, উইকেটৰ ৰেকৰ্ড আদিৰ ধোনীৰ জাৰ্ছি নম্বৰ ৭ ৰ সৈতে যোগসূত্ৰ স্থাপন কৰিও এই বাক্যশাৰী ব্যৱহাৰ কৰা হয়।

এইবাৰ পেৰিছ অলিম্পিকত ভাৰতৰ এগৰাকী শ্বুটাৰে ব্ৰঞ্জৰ পদক জয় কৰাৰ পিছত এতিয়া পুনৰ সকলোৰে মুখলৈ আকৌ আহিছে সেই একেশাৰী বাক্য- থালা ফৰ এ ৰিজন। দৰাচলতে ভাৰতৰ পুৰুষ শ্বুটাৰ স্বপ্নীল কুছালে ৫০ মিটাৰ এয়াৰ ৰাইফল শ্বুটিঙত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। এই পদক পোৱাৰ পিছতেই তেওঁ মুখত শুনিবলৈ পোৱা গ'ল মহেন্দ্ৰ সিং ধোনীৰ প্ৰসংগ।

স্বপ্নীল কুছালে কেতিয়াও মহেন্দ্ৰ সিং ধোনীক লগ পোৱা নাই। অথচ তেওঁৰ জীৱন মহেন্দ্ৰ সিং ধোনীতকৈ পৃথক নহয়। এটা অতি সাধাৰণ পৰিয়ালৰ সন্তান সপ্নীল। এই সাধাৰণ পৰিয়ালটোৰ পৰাই আহি তেওঁ আজি বিশ্ব ক্ৰীড়াৰ সৰ্বোচ্চ মঞ্চত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

এয়া কোনো সাধাৰণ কথা নহয়। ধোনীও তেনেই এটা সাধাৰণ পৰিয়ালৰ পৰা আহি বিশ্ব ক্ৰিকেটৰ নয়নৰ মণি হৈ পৰিবলৈ সক্ষম হৈছে। এসময়ত ধোনী খৰগপুৰ ৰে'লৱে ষ্টেচনত টিকট কালেক্টৰ হিচাপে কৰ্মত নিয়োজিত হৈছিল। ধোনীৰ দৰেই স্বপ্নীলো এগৰাকী টিকট কালেক্টৰ। অৱশ্যে ধোনীয়ে সেই চাকৰি ত্যাগ কৰিলে যদিও স্বপ্নীলে এতিয়াও সেই চাকৰি কৰি আছে।

১৯৯৫ চনৰ ৬ আগষ্টত মহাৰাষ্ট্ৰৰ কোলাপুৰৰ কাষৰ কম্বলৱাড়িত জন্মগ্ৰহণ কৰিছিল স্বপ্নীলে। তেওঁৰ পিতৃ এগৰাকী শিক্ষক। মাতৃ আকৌ গাওঁ প্ৰধান। শৈশৱৰ পৰাই শ্বুটিঙৰ প্ৰতি আগ্ৰহ আছিল স্বপ্নীলৰ।

সেয়ে পিতৃয়ে তেওঁক ভৰ্তি কৰি দিছিল এখন শ্বুটিং একাডেমীত। তাৰ পৰাই আৰম্ভ হৈছিল তেওঁৰ যাত্ৰা। শৈশৱতেই তেওঁ জয় কৰিছিল এটাৰ পিছত এটাকৈ খিতাপ। ২০১৫ ত তেওঁ এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপত ৫০ মিটাৰ ৰাইফলত প্ৰথমবাৰৰ বাবে সোণৰ পদক অৰ্জন কৰিছিল। ৰাষ্ট্ৰীয় শ্বুটিং প্ৰতিযোগিতাত দুবাৰকৈ তেওঁ চেম্পিয়ন হৈছে।

আন ভাৰতীয় শিশুৰ দৰেই স্বপ্নীলো ধোনীৰ ক্ৰিকেট চায়েই ডাঙৰ হৈছে। ধোনীৰ এজন ডাঙৰ অনুৰাগী স্বপ্নীল। আনকি ধোনীকেই তেওঁ আদৰ্শ হিচাপে লৈছে। এক সাক্ষাতকাৰত তেওঁ কয়, শ্বুটিং ক্ষেত্ৰখনৰ কোনো মোৰ আদৰ্শ নহয়। মোৰ আদৰ্শ মহেন্দ্ৰ সিং ধোনী। কোনোদিন তেওঁক সাক্ষাত কৰা নাই। কিন্তু তেওঁক চাই বহু কথা শিকিছোঁ। তেওঁ মেচত যিদৰে শান্ত থাকে ময়ো শ্বুটিং ৰেঞ্জত তেনেকৈয়ে নিজকে শান্ত কৰি ৰখাৰ চেষ্টা কৰোঁ। তেনে কৰিলে লক্ষ্য পূৰণ কৰা সহজ হয়। তেওঁ টিকট কালেক্টৰ আছিল। ময়ো সেই একেই চাকৰি কৰোঁ।

২০১৫ চনৰ পৰাই টিকট কালেক্টৰৰ চাকৰি কৰি আছে স্বপ্নীলে। তাৰ মাজতেই চলাই আহিছে শ্বুটিঙৰ অনুশীলন। অলিম্পিকৰ ইতিহাসত এতিয়ালৈকে কোনো এজন ভাৰতীয় শ্বুটাৰেই ৫০ মিটাৰ ৰাইফলৰ ফাইনেল খেলিব পৰা নাছিল।

স্বপ্নীলে আজি ব্ৰঞ্জৰ পদক জয় কৰি এক নতুন ইতিহাস ৰচনা কৰিলে। অৱশ্যে ফাইনেলৰ আৰম্ভণি বৰ এটা ভাল নহ'ল স্বপ্নীলৰ। প্ৰথমে 'নিলিঙ'ত প্ৰথম ছিৰিজত মুঠ ৫০.৮ পইণ্ট অৰ্জন কৰে। ফলত তেওঁ সপ্তম স্থানলৈ অৱনমিত হয়। পাছৰ ছিৰিজত তেওঁ মুঠ পইণ্ট হয়গৈ ৫০.৯। তৃতীয় ছিৰিজত মুঠ পইণ্ট হয়গৈ ৫১.৬।

ইয়াৰ পাছত আৰম্ভ হয় 'প্ৰোন'। 'প্ৰোন'ৰ প্ৰতিটো ছিৰিজতে তেওঁ যথেষ্ট ভাল স্ক'ৰ কৰিবলৈ সক্ষম হয়। তিনিটা ছিৰিজত তেওঁ ক্ৰমে ৫২.৭, ৫২.২ আৰু ৫১.৯ পইণ্ট অৰ্জন কৰে আৰু চতুৰ্থ স্থানলৈ আহে। 'ষ্টেণ্ডিং ৰাউণ্ড'ৰ দুটা ছিৰিজত স্বপ্নীলে ৫১.১ আৰু ৫০.৪ পইণ্ট অৰ্জন কৰে। ইয়াৰ লগে লগে তেওঁ তৃতীয় স্থান অৰ্জন কৰি পদকৰ আশা সজীৱ কৰি তোলে।

'এলিমিনেচন' ৰাউণ্ডত স্বপ্নীলে পদকৰ আশা সজীৱ কৰি ৰাখিবলৈ তৃতীয় স্থান ধৰি ৰখাটো আছিল তেওঁৰ বাবে মূল প্ৰত্যাহ্বান। এই ৰাউণ্ডত তেওঁ ক্ৰমে ১০.৪, ৯.৪ আৰু ৯.৯ পইণ্ট অৰ্জন কৰে।

২০০৭ চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপত ভাৰতীয় দলক নেতৃত্ব প্ৰদান কৰি বিশ্ব কাপ জয়ৰ সোৱাদ দিছিল ধোনিয়ে। সেয়াই আছিল আৰম্ভণি। ইয়াৰ পিছত ধোনিয়ে তেওঁৰ সময়ত আই চি চিৰ সকলো মেগা ইভেণ্ট জয় কৰিছে।

১৯৮৩ চনৰ পাছত ধোনিৰ নেতৃত্বতে ভাৰতে ২০১১ বিশ্বকাপ জয় কৰিলে। ২০২৪ ত স্বপ্নীলে তেওঁৰ প্ৰথমটো অলিম্পিক পদক জয় কৰিলে। এয়া কেৱল তেওঁৰ আৰম্ভণিহে। ইয়াৰ পাছতো তেওঁ আৰু বহুদূৰ আগুৱাই যাব লাগিব।

ধোনিক আদৰ্শ হিচাপে লোৱা স্বপ্নীলে পৰৱৰ্তী অলিনম্পিকত সোণৰ পদক কঢ়িয়াই আনিব লাগিব। ধোনিয়ে ২০০৭ ৰ টি-২০ বিশ্বকাপ জয়ৰ পিছত ২০১১ ত এদিনীয়া বিশ্বকাপ জয়ৰ দৰেই। সমাজাকি মাধ্যমত এতিয়া এনেদৰেই চলিছে চৰ্চা।

একেই কাহিনী, জীৱন সংগ্ৰামঃ ব্ৰঞ্জ জয় কৰা স্বপ্নীলে ক'লে ধোনীয়েই তেওঁৰ আদৰ্শ
পেৰিছত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলীনাঃ ৪ আগষ্টত পৰৱৰ্তী মেচ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in