IBA আৰু অলিম্পিক কমিটীৰ বিবাদ ! ইমেনে খেলিফৰ বিৰুদ্ধে পৰাস্ত এঞ্জেলাক দিব ৫০ হাজাৰ ডলাৰৰ প্ৰাইজমানী

মহিলা বক্সাৰৰ বিৰুদ্ধে পুৰুষ বক্সাৰ ৰিঙত নমা বিতৰ্কই লৈছে নতুন ৰূপ
IBA আৰু অলিম্পিক কমিটীৰ বিবাদ ! ইমেনে খেলিফৰ বিৰুদ্ধে পৰাস্ত এঞ্জেলাক দিব ৫০ হাজাৰ ডলাৰৰ প্ৰাইজমানী
IBA আৰু অলিম্পিক কমিটীৰ বিবাদ ! ইমেনে খেলিফৰ বিৰুদ্ধে পৰাস্ত এঞ্জেলাক দিব ৫০ হাজাৰ ডলাৰৰ প্ৰাইজমানী
Published on
Updated on

ডিজিটেল ডেস্কঃ পেৰিছ অলিম্পিকত এক বিতৰ্কিত পৰিস্থিতিত প্ৰথম ৰাউণ্ডতে পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱা ইটালীৰ বক্সাৰ এঞ্জেলা কেৰিনীৰ পক্ষত থিয় দিছে আন্তঃৰাষ্ট্ৰীয় বক্সিং এছোচিয়েচন। কেৱল সেয়াই নহয় বক্সিং সংস্থাটোৱে লোৱা এক সিদ্ধান্তই আন্তৰ্জাতিক অলিম্পিক কমিটীৰ সৈতেও বিবাদ স্পষ্ট কৰি তুলিছে।

বক্সিং সংস্থাটোৱে ইটালীৰ এই বক্সাৰগৰাকীক অলিম্পিকৰ সোণৰ পদক অৰ্জন কৰিলে যিমান পৰিমাণৰ ধনৰ পুৰস্কাৰ প্ৰদান কৰা হয় সেই সম পৰিমাণৰ ধন দিব বুলি ঘোষণা কৰিছে। সংস্থাটোৱে এঞ্জেলাক ৫০ হাজাৰ ডলাৰৰ প্ৰাইজমানী ঘোষণা কৰি বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰা ইমেনে খেলিফ নামৰ বিক্সাৰগৰাকীৰ যোগ্যতাক লৈ পুনৰ এবাৰ প্ৰশ্ন উত্থাপন কৰিছে।

উল্লেখ্য যে, পেৰিছ অলিম্পিকত ইটালীৰ এঞ্জেলা কেৰিনীয়ে ৱেল্টাৰৱেইট কেটেগৰীৰ ৰাউণ্ড অফ -১৬ত আলজেৰিয়ান বক্সাৰ ইমেনে খেলিফৰ বিৰুদ্ধে মাত্ৰ ৪৬ ছেকেণ্ডতে পৰাস্ত হৈছিল। ইয়াৰ পিছতে আৰম্ভ হৈছিল বিতৰ্ক।

অভিযোগ অনুসৰি ইমেনে খেলিফ নামৰ এই বক্সাৰগৰাকী জন্মগতভাৱে পুৰুষ। তেওঁৰ দেহৰ গঠনো পুৰুষৰ দৰেই। তাৰ পাছতো তেওঁ নিজকে মহিলা হিচাপে জ্ঞান কৰে আৰু মহিলা হিচাপেই বক্সিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে।

পেৰিছ অলিম্পিকত এঞ্জেলা আৰু খেলিফ ৰিঙত নমাৰ পাছতেই খেলিফৰ এটা ঘোঁচাতেই ৰিঙৰ পৰা বাহিৰ হৈছিল এঞ্জেলা। তেওঁ এই সন্দৰ্ভত কৈছে জীৱনত তেওঁ কেতিয়াও ইমান প্ৰচণ্ড জোৰে ঘোঁচা খোৱা নাই।

আন্তঃৰাষ্ট্ৰীয় বক্সিং এছোচিয়েচনৰ মতে যিসকল এথলিটৰ ক্ৰমজম XY তেওঁলোকক মহিলাৰ ইভেণ্টত খেলিবলৈ অনুমতি প্ৰদান কৰা নহয়। কিয়নো পুৰুষৰ ক্ৰমজম XY আৰু মহিলাৰ ক্ৰমজম XX। কিন্তু অলিম্পিকত এই নিয়ম কাৰ্যকৰী হোৱা নাই।

বক্সিং সংস্থাটোৰ অধ্যক্ষ উমৰ ক্ৰেমলেভে ইমেনে খেলিফক ল’ৰা বুলিয়েই উল্লেখ কৰি এই সন্দৰ্ভত কয়, সি কেৰিনীৰ চকুপানী উলিয়াই ৰিঙৰ পৰা বাহিৰ কৰি দিছে। বক্সিং সংস্থাই সেয়ে সিদ্ধান্ত লৈছে কেৰিনীক অলিম্পিকৰ সম পৰ্যায়ৰ প্ৰাইজমানী ৫০ হাজাৰ ইউ এছ ডলাৰ দিয়াৰ।

বক্সিং সংস্থাটোৰ অধ্যক্ষগৰাকীয়ে কয়, মই কেৰিনীৰ চকুলো দেখিছোঁ। তেনে পৰিস্থিতিত ময়ো পৃথক নহওঁ। মই সকলো বক্সাৰকে আস্বস্ত কৰিব বিচাৰো আমি সকলো বক্সাৰে সুৰক্ষা প্ৰদান কৰিম। মই বুজি পোৱা নাই কিয় তেওঁলোকে মহিলা বক্সিঙক ধ্বংস কৰিব ওলাইছে। সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কেৱল যোগ্য এথলিটকহে ৰিঙত নামি প্ৰতিযোগিতাত অংশ ল'বলৈ দিয়া উচিত।

উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় বক্সিং এছোচিয়েচনে পূৰ্বেই ইমেনে খেলিফক পৰীক্ষা কৰি তেওঁক অযোগ্য ঘোষণা কৰিছিল। অলিম্পিক প্ৰতিযোগিতা যিহেতু আন্তৰ্জাতিক অলিম্পিক কমিটীয়ে অনুষ্ঠিত কৰে সেয়ে এই প্ৰতিযোগিতাত বক্সিং সংস্থাৰ সকলো সিদ্ধান্ত গ্ৰহণ কৰা নহয়।

অলিম্পিক কমিটীয়ে খেলুৱৈৰ ভিছা, পাছপোৰ্ট আদি চায়েই খেলুৱৈৰ লিংগ নিৰ্ণয় কৰে। যিহেতু খেলিফৰ পাছপ’ৰ্টত তেওঁক মহিলা বুলি উল্লেখ কৰা হৈছে সেয়ে তেওঁক মহিলা বুলিয়েই ধৰিছে।

ইফালে এই বিতৰ্কই এতিয়া বিশ্বজুৰি নানান প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰো ই এক বিষয় হৈ পৰিছে। বহুতেই Woke Culture ৰ বিৰুদ্ধে মাত মাতি শীঘ্ৰেই মহিলা খেলুৱৈৰ সুৰক্ষা নিশ্চিত কৰা দাবী তোলাৰ বিপৰীতে আন একাংশই ইমেনে খেলিফৰ সপক্ষে অৱস্থান কৰিছে।

IBA আৰু অলিম্পিক কমিটীৰ বিবাদ ! ইমেনে খেলিফৰ বিৰুদ্ধে পৰাস্ত এঞ্জেলাক দিব ৫০ হাজাৰ ডলাৰৰ প্ৰাইজমানী
পেৰিছতেই ল'লে সংকল্প, লছ এঞ্জেলেছ অলিম্পিকত অধিক সফলতা আৰ্জিব মনুৱে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in