জেভলিন থ্ৰ’ত গল্ডেন বয় নীৰজ চোপ্ৰাই অৰ্জন কৰিলে পদক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনালে অভিনন্দন
জেভলিন থ্ৰ’ত গল্ডেন বয় নীৰজ চোপ্ৰাই অৰ্জন কৰিলে পদক
Published on
Updated on

ডিজিটেল ডেস্ক : পেৰিছ অলিম্পকৰ পৰা আহিল আন এটা পদক। এই পদকেৰে ভাৰতৰ পদকৰ সংখ্যা ৫টালৈ বৃদ্ধি হয়। ব্ৰঞ্জৰ পাছত এইবাৰ ভাৰতে লাভ কৰিলে ৰূপৰ পদক।

পেৰিছ অলিম্পিকৰ জেভ’লিন থ্ৰ’ত গল্ডেন বয় নীৰজ চোপ্ৰাই অৰ্জন কৰিলে ৰূপৰ পদক। নীৰজে ৮৯.৪৫ মিটাৰ জেভ’লিন দলিয়াই ৰূপৰ পদক অৰ্জন কৰে।

আনহাতে পাকিস্তানৰ প্ৰতিদ্বন্দ্বী আৰ্শ্বাদে লাভ কৰে সোণৰ পদক। তেঁও ৯২. ৯৭ মিটাৰ জেভ’লিন দলিয়াই স্বৰ্ণ পদক অৰ্জন কৰে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে নীৰজ চোপ্ৰাৰ এয়া আছিল দ্বিতীয়টো সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। ইয়াৰ পূৰ্বে টকিঅ’ অলিম্পিকত স্বৰ্ণ পদক লাভ কৰিছিল গল্ডেন বয় নীৰজে।

ইয়াৰোপৰি পেৰিছ অলিম্পিকত এতিয়ালৈকে ভাৰতে ৪টা ব্ৰঞ্জসহ এটা ৰূপৰ পদকৰে সৰ্বমুঠ ৫টা পদক অৰ্জন কৰিছে।

দেশবাসীৰ শিৰত ৰূপৰ পদক পিন্ধাই দিয়া নীৰজ চোপ্ৰাৰ এই সাফল্যত আনন্দ প্ৰকাশ কৰিছে দেশবাসীৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। মোডীয়ে সামাজিক মাধ্যমযোগে নীৰজক উষ্ম প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়- নীৰজ চোপ্ৰা এগৰাকী উত্তম ব্যক্তিত্বৰ অধিকাৰী। তেঁও বাৰে বাৰে নিজৰ উজ্জ্বলতা দেখুৱাইছে। ভাৰত আজি উৎফুল্লিত যে তেওঁ আন এক অলিম্পিকত সফলতা অৰ্জন কৰিছে। ৰূপ জয় কৰাৰ বাবে তেওঁক অভিনন্দন।

জেভলিন থ্ৰ’ত গল্ডেন বয় নীৰজ চোপ্ৰাই অৰ্জন কৰিলে পদক
অভিনন্দন ভাৰতঃ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন পুৰুষ হকী দলৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in