ডিজিটেল ডেস্কঃ পেৰিছ অলিম্পিকত মহিলা বক্সাৰৰ প্ৰতিযোগিতাত নামিছে পুৰুষ ! সমগ্ৰ বিশ্বজুৰি ইয়াকে লৈ আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। অলিম্পিকত এঞ্জেলা কেৰিনিয়া নামৰ বক্সাৰগৰাকীক মাত্ৰ ৪৫ ছেকেণ্ডতে পৰাস্ত কৰাৰ পাছতে আলজেৰিয়াৰ ইমান খেলিফ নামৰ বক্সাৰগৰাকীৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ।
বিতৰ্কিত মেচখনত মাত্ৰ ৪৫ ছেকেণ্ডতে পৰাজয় স্বীকাৰ কৰি লোৱা এঞ্জেলা কেৰিনিয়ে কয়, তেওঁক কেতিয়াও কোনো প্ৰতিদ্বন্দিয়ে ইমান জোৰকৈ আঘাত কৰা নাছিল। এই ঘটনাৰ পিছতে এতিয়া নেটিজেনসকলে সমালোচনা কৰাৰ লগতে উচিত ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপন কৰিছে।
উল্লেখ্য যে, ২০২৩ ৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপকৰ ফাইনেলৰ পূৰ্বে বহিষ্কাৰৰ সন্মুখীন হৈছিল ইমান খেলিফ। প্ৰতিযোগিতাখনত XY ক্ৰ'মজমৰ এথলিটে মহিলাসকলৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৰাবি বুলি যুক্তি দি তেওঁক প্ৰতিযোগিতাখনৰ পৰা বাদ দিয়া হৈছিল।
তাৰ পাছতো কিদৰে এই বক্সাৰগৰাকীয়ে পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। উল্লেখ্য যে পেৰিছ অলিম্পিক অনুষ্ঠিত কৰিছে আন্তৰ্জাতিক অলিম্পিক কমিটীয়ে। এই কমিটীয়ে খেলিফক প্ৰতিযোগিতাত অংশগ্ৰহণৰ অনুমতি দিছে।
খেলিফে প্ৰতিযোগিতাখনলৈ যোগ্যতা অৰ্জন কৰাৰ পাছৰে পৰাই এই বিষয়ক লৈ বিতৰ্ক আৰম্ভ হৈছিল। তাৰ মাজতে ইটালীৰ বক্সাৰ এঞ্জেলা কেৰেনিয়াই মেচৰ আধাতে বক্সিং ৰিং এৰি যোৱাত এতিয়া সেই বিতৰ্ক বিশ্বজনীন হৈ পৰিছে।
এনে পৰিস্থিতিত আন্তৰ্জাতিক অলিম্পিক কমিটীয়ে এক প্ৰেছ বিবৃতি জাৰি কৰিছে। সেই বিবৃতিত স্পষ্টকৈ উল্লেখ কৰা হৈছে এথলিটসকলৰ পাছপোৰ্টৰ ভিত্তিতে তেওঁলোকৰ লিংগ আৰু বয়স নিৰ্ধাৰণ কৰা হয়। ২০২০ ৰ টকিঅ’ অলিম্পিকতো এই নিয়মেই আছিল।
বিবৃতিত কোৱা হৈছে যিদৰে মহিলা বক্সাৰগৰাকীক কঠগড়াত তোলা হৈছে সেয়া অতি নিন্দনীয়। ২০২৩ চনৰ যিদৰে বক্সাৰগৰাকীৰ লিংগ পৰীক্ষা কৰা হৈছিল আৰু সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল সেয়া আছিল একপক্ষীয় সিদ্ধান্ত। সেই একপক্ষীয় সিদ্ধান্তৰ বাবেই এতিয়া এই মহিলা বক্সাৰগৰাকী সমালোচনাৰ সন্মুখীন হৈছে বুলিও অলিম্পিক কমিটীয়ে বিবৃতিত উল্লেখ কৰিছে।
অলিম্পিক কমিটীৰ মতে কেৱল খেলিফে নহয় টাইৱানৰ বক্সাৰ লিন ইউ-তিং নামৰ বক্সাৰগৰাকীও এনে সমস্যাৰ সন্মুখীন হৈছে। এইদৰে বক্সাৰসকলক সমালোচনা কৰাৰ তীব্ৰ বিৰোধী বুলিও আন্তৰ্জাতিক অলিম্পিক কমিটীয়ে জনাইছে।
অলিম্পিক কমিটীয়ে এইদৰেই খেলিফৰ সপক্ষে অৱস্থান কৰাত এতিয়া প্ৰশ্ন উঠিছে মহিলাৰ প্ৰতিযোগিতাত কি পুৰুষে এইদৰে অংশগ্ৰহণ কৰিব পাৰে নেকি? প্ৰশ্ন উত্থাপন হৈছে Woke culture ক লৈ।
উল্লেখ্য যে, ইমান খেলিফ নামৰ এই বক্সাৰগৰাকী জন্মগতভাৱে পুৰুষ। তেওঁৰ দেহৰ সকলো অংগই প্ৰকৃতিগতভাৱেই পুৰুষৰ। তেওঁৰ দেহৰ গঠন, তেওঁৰ কাম-কাজ সকলো পুৰুষৰ দৰেই। কিন্তু তাৰ পাছতো এতিয়া তেওঁ মহিলা।
২৫ বৰ্ষীয় এই বক্সাৰগৰাকী UNICEF ৰো ব্ৰেণ্ড এম্বেছাডৰ। ১৯ বছৰ বয়সৰ পৰ বক্সিং কেৰিয়াৰ আৰম্ভ কৰা খেলিফে টকিঅ' অলিম্পিকত কোৱাৰ্টাৰ ফাইনেল খেলিছিল। ২০২২ ত খেলিফে বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক জয় কৰিছিল। ২০২২ তে আকৌ তেওঁ আফ্ৰিকান চেম্পিয়নশ্বিপত সোণৰ পদক জয় কৰিছিল। ২০২৩ ৰ ভূমধ্যসাগৰীয় খেলতো সোণৰ পদক জয় কৰিছিল।
আই বি এৰ অধ্যক্ষ উমৰ ক্ৰেমলিয়ে এই বিতৰ্কৰ সন্দৰ্ভত ব্যাখ্যা আগবঢ়াইছে। তেওঁ কৈছে ডিএনএ পৰীক্ষাৰ ওপৰত আধাৰ কৰি, কেইবাজনো খেলুৱৈক চিনাক্ত কৰা হৈছিল যিয়ে মহিলা হিচাপে প্ৰমাণ কৰিবলৈ প্ৰৱঞ্চনাৰ আশ্ৰয় লৈছিল। কিন্তু পৰীক্ষাত এইটো স্পষ্ট হৈছিল যে তেওঁলোক XY ক্ৰমজমৰ। এনে খেলুৱৈক মহিলাৰ প্ৰতিযোগিতাৰ পৰা বাদি দিয়া হয়। সেই অনুসৰিয়েই ২০২৩ ত বিশ্ব বক্সিং সন্থাই খেলিফক প্ৰতিযোগিতাৰ পৰা বাহিৰ কৰিছিল।
Absolutely https://t.co/twccUEOW9e
— Elon Musk (@elonmusk) August 1, 2024
Also Read: ভাৰত-শ্ৰীলংকাৰ আজি প্ৰথমখন এদিনীয়াঃ মূল একাদশ গঠনত প্ৰত্যাহ্বান...