ভাৰতৰ টেনিছ তাৰকা ৰোহন বোপান্নাৰ অৱসৰ ঘোষণা...

পেৰিছ অলিম্পিকত পৰাস্ত হোৱাৰ পিছতে এই সিদ্ধান্ত
ভাৰতৰ টেনিছ তাৰকা ৰোহন বোপান্নাৰ অৱসৰ ঘোষণা...
ভাৰতৰ টেনিছ তাৰকা ৰোহন বোপান্নাৰ অৱসৰ ঘোষণা...
Published on
Updated on

ডিজিটেল ডেস্কঃ পেৰিছ অলিম্পিকত প্ৰথম ৰাউণ্ডত পৰাস্ত হোৱাৰ পিছতে আন্তৰ্জাতিক টেনিছৰ পৰা অৱসৰ ঘোষণা কৰিলে ভাৰতীয় টেনিছ তাৰকা ৰোহন বোপান্নাই। বোপান্নাই স্পষ্টকৈ জনালে ভাৰতৰ জাৰ্চীত তেওঁক আৰু কেতিয়াও দেখা পোৱা নাযাব। অৱশ্যে আৰু কিছুদিনলৈ তেওঁ টেনিছ ক’ৰ্টত দেখিবলৈ পাব অনুৰাগীয়ে।

পেৰিছ অলিম্পিকত ফ্ৰান্সৰ এডুৱাৰ্ড ভেছেলিন আৰু গেল মনফিলছৰ যুটিৰ হাতত পৰাস্ত হয় ভাৰতীয় টেনিছ যুটি ৰোহন বোপান্না আৰু শ্ৰীৰাম বালাজি। ফলত এইবাৰো ভাৰতীয় টেনিছ দলটোৱে অলিম্পিকৰ পৰা খালী হাতেই স্বদেশলৈ ঘূৰি আহিব লাগিব।

এই পৰাজয়ৰ পাছতেই ৰোহন বোপান্নাই কয়, দেশৰ হৈ এয়াই মোৰ শেষ ইভেণ্ট। মই এতিয়া কি পৰ্যায়ত আছোঁ ভালকৈয়ে জানোঁ। যি কেইটা দিন বাকী আছে টেনিছক উপভোগ কৰিব বিচাৰোঁ।

ডেভিছ কাপৰ পৰা ইতিমধ্যে অৱসৰ লৈছে বোপান্নাই। তেওঁ কয়, ইমান দূৰলৈ আহিম বুলি কেতিয়াও ভবাই নাছিলোঁ। মোৰ বাবে এয়াই বৃহৎ প্ৰাপ্তি। দুই দশক ধৰি ভাৰতক প্ৰতিনিধিত্ব কৰিম বুলি কল্পনাও কৰা নাছিলোঁ। ২০০২ চনত আত্মপ্ৰকাশ কৰিছিলোঁ।তেতিয়াৰ পৰা ২২ বছৰ ধৰি ভাৰতৰ হৈ খেলিছোঁ। মই গৌৰৱান্বিত।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা অৱসৰ ঘোষণা কৰাৰ সময়ত বোপান্নাই কয়, ২০১০ চনত ডেভিছ কাপত ব্ৰাজিলৰ ফেলিপে মেলোক পৰাস্ত কৰাটো দেশৰ জাৰ্চীত তেওঁৰ শ্ৰেষ্ঠতম মেচ আছিল। তেওঁ সেই মুহূৰ্তক তেওঁৰ কেৰিয়াৰ অন্যমত শ্ৰেষ্ঠ মুহূৰ্ত বুলি উল্লেখ কৰিছে।

ভাৰতৰ টেনিছ তাৰকা ৰোহন বোপান্নাৰ অৱসৰ ঘোষণা...
চৰাইদেউত উদঙীয়া গৰুৱে প্ৰাণ ল'লে এজনৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in