এটা নিশাত ১ কেজি ৯০০ গ্ৰাম ওজন হ্ৰাস কৰিও ব্যৰ্থ হ'ল যোগ্যতা অৰ্জনত...

এটা নিশাত ১ কেজি ৯০০ গ্ৰাম ওজন হ্ৰাস কৰিও ব্যৰ্থ হ'ল যোগ্যতা অৰ্জনত...

author-image
Asomiya Pratidin
New Update
এটা নিশাত ১ কেজি ৯০০ গ্ৰাম ওজন হ্ৰাস কৰিও ব্যৰ্থ হ'ল যোগ্যতা অৰ্জনত...

এটা নিশাত ১ কেজি ৯০০ গ্ৰাম ওজন হ্ৰাস কৰিও ব্যৰ্থ হ'ল যোগ্যতা অৰ্জনত...

ডিজিটেল ডেস্কঃ পেৰিছ অলিম্পিকৰ মল্লযুঁজৰ ফাইনেলত প্ৰৱেশ কৰি ইতিহাস ৰচনা কৰা বিনেশ ফোগাটক ফাইনেল মেচৰ পূৰ্বে অযোগ্য ঘোষণা কৰা হৈছে। মঙ্গলবাৰে প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত জাপানৰ শক্তিশালী প্ৰতিদ্বন্দি য়ু চুচাকিক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰা বিনেশ ফোগাটে আজি নিশা ১১-৪০ বজাত ফাইনেল খেলাৰ কথা আছিল।

কিন্ত ইয়াৰ পূৰ্বেই আহিল এই বেয়া খবৰ। প্ৰতিযোগিতাখনৰ ৫০ কেজি শাখাত প্ৰতিদ্বন্দিতা কৰা বিনেশৰ ওজন বৃদ্ধি হোৱাৰ বাবেই তেওঁক অযোগ্য ঘোষণা কৰা হ'ল।

এই সন্দৰ্ভত ইণ্ডিয়ান অলিম্পিক এছোচিয়েচনে এক বিবৃতিত দুখ প্ৰকাশ কৰি কয়, মহিলা মল্লযুঁজৰ ৫০ কিলোগ্ৰাম শ্ৰেণীৰ পৰা বিনেশ ফোগাটক অযোগ্য ঘোষণা কৰা হৈছে। তাৰোপৰি বিবৃতিটোত কৈছে, গোটেই নিশা দলটোৱে সকলোধৰণৰ প্ৰচেষ্টা চলোৱাৰ পাছতো পুৱা বিনেশ ফোগাটৰ ওজন ৫০ কেজিতকৈ অধিক আছিল। এই সময়ত দলটোৰ ফালৰ পৰা কোনো মন্তব্য দিয়া নহ’ব। ভাৰতীয় দলে সকলোকে বিনেশ ফোগাটৰ ব্যক্তিগত গোপনীয়তাক সন্মান কৰিবলৈ অনুৰোধ জনাইছে।

ভাৰতীয় অলিম্পিক সংস্থাৰ এই বিবৃতিৰ পূৰ্বে সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি বিনেশ ফোগাটৰ ওজন ৫০ কেজিতকৈ ১০০ গ্ৰাম অধিক আছিল।সেয়ে তেওঁক প্ৰতিযোগিতাৰ পৰা অযোগ্য ঘোষণা কৰা হৈছে। ফলত তেওঁ প্ৰতিযোগিতাৰ ফাইনেল খেলিব নোৱাৰিব।

তাৰোপৰি প্ৰতিযোগিতাৰ নিয়ম অনুসৰিয়েই তেওঁ আনকি ৰূপ আৰু ব্ৰঞ্জৰ পদকৰ পৰাও বঞ্চিত হ’ব। ৫০ কেজি শাখাত এতিয়া কেৱল থাকিব সোণ আৰু ব্ৰঞ্জৰ পদক।

জানিব পৰা মতে মঙ্গলবাৰে নিশা বিনেশৰ ওজন জোখতকৈ ২ কেজি অধিক আছিল। গোটেই নিশা টোপনি ক্ষতি কৰি ওজন হ্ৰাস কৰিবলৈ সকলোধৰণৰ প্ৰচেষ্টা চলাইছিল। স্কিপিং, চাইক্লিং সকলো কৰিছিল তেওঁ। তাৰ পাছতো তেওঁৰ ওজন যিমান হ্ৰাস পাব লাগিছিল সিমান হ্ৰাস নাপালে।

উল্লেখ্য যে, পূৰ্বে বিনেশ ফোগাটে ৫৩ কেজি শাখাত প্ৰতিদ্বন্দিতা কৰি আহিছিল। এইবাৰ তেওঁক এই কেটেগৰীত প্ৰতিদ্বন্দিতা কৰাত বাধা দিয়া হৈছিল। তেওঁৰ স্থানত অন্তিং পংঘালে ৫৩ কেজি শাখাত যোগ্যতা অৰ্জন কৰিছে।

সেয়ে বিনেশ সকলো প্ৰতিবন্ধকতা নেওচি অলিম্পিক পদক জয়ৰ আশাত নিজৰ ওজন হ্ৰাস কৰি ৫০ কেজি শাখাত যোগ্যতা অৰ্জন কৰিছিল। পূৰ্বে ৰিঅ’ অলিম্পিক আৰু টকিঅ’ অলিম্পিকত ৫৩ কেজি শাখাত কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হৈছিল বিনেশ ফোগাট।

Also Read: পেৰিছত ইতিহাস ৰচিলে বিনেশ ফোগাটে...

পেৰিছ অলিম্পিক বিনেশ ফোগাট