ভাৰতৰ পতাকা হাতত তুলি ল'লে পাকিস্তানী খেলুৱৈয়েঃ ডবা অলিম্পিয়াডৰ মনোৰম দৃশ্য

ভাইৰেল ভিডিঅ' দেখি অভিভূত ক্ৰীড়ানুৰাগী

author-image
Asomiya Pratidin
New Update
ভাৰতৰ পতাকা হাতত তুলি ল'লে পাকিস্তানী খেলুৱৈয়েঃ ডবা অলিম্পিয়াডৰ মনোৰম দৃশ্য

ভাৰতৰ পতাকা হাতত তুলি ল'লে পাকিস্তানী খেলুৱৈয়েঃ ডবা অলিম্পিয়াডৰ মনোৰম দৃশ্য

ডিজিটেল ডেস্কঃ ক্ৰীড়া শান্তিৰ প্ৰাংগন, ক্ৰীড়াই দিয়ে শান্তিৰ বাৰ্তা। ক্ৰীড়া ক্ষেত্ৰৰ যুঁজ কেৱল শ্ৰেষ্ঠত্ব অৰ্জনৰহে। এই যুঁজত হিংসা নাথাকে। থাকে এজন ক্ৰীড়াবিদৰ আন এজনৰ প্ৰতি সন্মান।

ভাৰত-পাকিস্তানৰ মাজৰ কূটনৈতিক সম্পৰ্ক দীৰ্ঘদিনৰ পৰা ভাল নহয়। দুয়ো দেশৰ মাজত ক্ৰিকেটকে ধৰি আন খেলৰো কোনো দ্বিপাক্ষীক প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাই। আনকি ভাৰতে পাকিস্তানলৈ কোনো খেলুৱৈ প্ৰেৰণ নকৰাৰো সিদ্ধান্ত গ্ৰহণ কৰি আহিছে।

ভাৰতৰ এনে সিদ্ধান্তৰ বাবে পূৰ্বে এছিয়া কাপ পাকিস্তানে হাইব্ৰিড পদ্ধতিৰে শ্ৰীলংকাৰ সৈতে অনুষ্ঠিত কৰিছিল। এইবাৰ চেম্পিয়নছ ট্ৰফীক লৈয়ো অব্যাহত আছে অনিশ্চয়তা।

ভাৰতৰ পাকিস্তানৰ ওচৰত একমাত্ৰ চৰ্ত হৈছে সন্ত্ৰাসবাদ নিৰ্মূল। কিন্তু দেশখনে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতাহে কৰি আহিছে। সেয়ে দুয়ো দেশৰ সম্পৰ্ক উন্নত হোৱাৰ পৰিবৰ্তে অবনমিতহে হৈছে।

তাৰ মাজতেই অৱশ্যে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া মঞ্চত দুয়ো দেশৰ খেলুৱৈয়ে সুযোগ পালেই দেখুৱাই আহিছে আত্মিয়তা। অলিম্পিকৰ মঞ্চত নীৰজ চোপ্ৰা আৰু আৰ্ছাদ নাদিমৰ মাজৰ বন্ধুত্ব সকলোৰে জ্ঞাত। অলিম্পিকৰ মঞ্চত নাদিমে হাততে পাকিস্তানৰ পতাকা নোপোৱাত নীৰজ চোপ্ৰাৰ লগত ভাৰতীয় পতাকা লৈয়ে ষ্টেডিয়াম পৰিভ্ৰমণ কৰিছিল।

সেই দৃশ্যই আকৌ এবাৰ যেন পুনৰাবৃত্তি ঘটিল বুডাপেষ্টৰ ডবা অলিম্পিয়াডত। ভাৰতৰ ডবাৰু প্ৰজ্ঞানন্দ-গুকেশহঁতৰ সৈতে একেলগে ভাৰতীয় পতাকা হাতত তুলি ল'লে পাকিস্তানৰ ডবাৰু দলটোৱেও। ইতিমধ্যে এই দৃশ্যৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

এইবাৰ ডবা অলিম্পিয়াডত ইতিহাস গঢ়িছে ভাৰতে। ভাৰতীয় পুৰুষ আৰু মহিলা দুয়োটা দলেই এইবাৰ সোণৰ পদক লাভ কৰিছে। ইয়াৰ আগৰবাৰ ভাৰতে কেৱল ব্ৰঞ্জতে সন্তুষ্ট হৈছিল।

প্ৰতিযোগিতাখনত ভাৰতৰ এনে বিজয়ৰ পাছতেই ফটোৰ বাবে ভাৰতীয় দলটোৰ সৈতে থিয় দিছিল পাকিস্তানৰ ডবাৰু দলটোৱেও। সেই সময়তেই ভাৰতীয় দলটোৰ সৈতে একেলগে ভাৰতীয় জাতীয় পতাকা হাতত তুলি ল'লে পাকিস্তানৰ দলটোৱে।

এই দৃশ্যই এতিয়া দুয়ো দেশৰ ক্ৰীড়ানুৰাগীক আনন্দিত কৰি তুলিছে। অৱশ্যে মাত্ৰ কিছুদিনৰ আগে এছিয়ান চেম্পিয়নশ্বিপত চীনৰ লগত পাকিস্তান পৰাজিত হোৱাৰ পিছতো প্ৰতিযোগিতাৰ ফাইনেলত ভাৰতৰ প্ৰতিদ্বন্দি চীনকেই সমৰ্থন কৰিছিল পাকিস্তানৰ হকী দলটোৱে।

ফাইনেলত পাক দলটোৱে হাতত চীনৰ পতাকা লৈ ষ্টেডিয়ামত উপস্থিত আছিল। যি দৃশ্যই ভাৰত আৰু পাকিস্তাৰ মাজৰ শত্ৰুতা পুনৰ এবাৰ চৰ্চাৰ মাজলৈ টানি আনিছিল।

কিন্তু তাৰ পাছতেই পাকিস্তানৰ ডবাৰু দলটোৱে ভাৰতীয় জাতীয় পতাকাৰ প্ৰতি দেখুওৱা এনে আন্তৰিকতাই খেলত যে শত্ৰুতাৰ পৰিৱৰ্তে আন্তৰিকতাৰহে গুৰুত্ব অধিক সেই কথাকেই প্ৰমাণ কৰিলে।

Also Read: বিদ্যালয়ত বৰ্ধিত অপৰাধৰ বাবে কামৰূপ মহানগৰ জিলাত সুৰক্ষামূলক ব্যৱস্থা...

পাকিস্তান ডবা