মৰক্কোৰ হাতত পৰাস্ত আৰ্জেণ্টিনাঃ খেল পথাৰলৈ বটল, কাপ দলিয়ালে দৰ্শকে, Video

দুঘণ্টা স্থগিত ৰখাৰ পিছত খালী ষ্টেডিয়মাত সম্পূৰ্ণ কৰিলে মেচ
মৰক্কোৰ হাতত পৰাস্ত আৰ্জেণ্টিনাঃ খেল পথাৰলৈ বটল, কাপ দলিয়ালে দৰ্শকে...
মৰক্কোৰ হাতত পৰাস্ত আৰ্জেণ্টিনাঃ খেল পথাৰলৈ বটল, কাপ দলিয়ালে দৰ্শকে...
Published on
Updated on

ডিজিটেল ডেস্কঃ ২৬ জুলাই, শুকুৰবাৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব পেৰিছ অলিম্পিক। ইয়াৰ পূৰ্বে ২৫ জুলাইৰ পৰাই আৰম্ভ হৈছে অলিম্পিকৰ ফুটবল প্ৰতিযোগিতাৰ মেচসমূহ।

আজি প্ৰথমখন মেচত মৰক্কো আৰু আৰ্জেণ্টিনা মুখামুখী হয়। মাত্ৰ কেইটামান দিনৰ পূৰ্বে কোপা আমেৰিকাৰ জয় কৰা আৰ্জেণ্টিনাক মেচখনত পৰাস্ত কৰে মৰক্কোৱে। ইয়াৰ লগে লগে মেচখনক লৈ আৰম্ভ হৈছে চৰ্চা।

অৱশ্যে এই মেচখন চৰ্চালৈ অহাৰ আন এক কাৰণো আছে। মেচখনত দেখিবলৈ পোৱা গ'ল দুয়োটা দলৰ অনুৰাগীৰ মাজৰ প্ৰচণ্ড সংঘাত। এই সংঘাত ইমান গুৰুতৰ আৰু ভয়ংকৰ আছিল যে মেচখন দুঘণ্টা পৰ্যন্ত স্থগিত ৰাখিবলগীয়া এক পৰিস্থিতিৰ সূচনা হয়। পৰৱৰ্তী সময়ত দৰ্শক শূন্যভাবে অনুষ্ঠিত কৰিবলগীয়া হয় এই মেচখন।

উল্লেখ্য যে, মেচখনত মৰক্কোৱে আৰ্জেণ্টিনাক ২-১ গ'লত পৰাস্ত কৰে। পিছে মৰক্কোৰ এই বিজয়ক এতিয়া আকৌ বহুতেই সমালোচনা কৰিছে। বিবাদৰ মাজলৈ সোমাই পৰিছে এই মেচখন। মেচখনত যদিও মৰক্কো ২-১ ব্যৱধানত জয়ী হৈছে তথাপিও এসময়ত দুয়োটা দলৰে স্ক'ৰ হৈছিলগৈ ২-২। কিন্তু বি এ আৰ ৰিভিউৰ আধাৰত আৰ্জেণ্টিনাৰ এটা গ'ল বাদ দিয়া হয় আৰু মৰক্কো বিজয়ী হয়।

মেচখন অন্ত পৰাৰ সময়লৈকে মৰক্কো ২-১ ব্যৱধানত আগবাঢ়ি আছিল। ৯০ মিনিট অন্ত পৰাৰ পিছত ৰেফাৰীয়ে অতিৰিক্ত ১৫ মিনিট সময় খেলখনত সংযোগ কৰে। তাৰ পিছতেই আৰ্জেণ্টিনাৰ ক্ৰিষ্টিয়ন মেডিনাই সমতাসূচক গ'লটো কৰে।

লগে লগে দলটোৰ খেলুৱৈসকলে এই গ'লটো উদযাপন কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছতেই দৰ্শকৰ মাজৰ পৰা আৰ্জেণ্টিনাৰ দলটোৰ ওপৰত পানীৰ বটল, কাপ আদি দলিয়াবলৈ আৰম্ভ কৰে। ইয়াৰে কিছুমান বটল, কাপ আৰ্জেণ্টিনাৰ খেলুৱৈ আৰু ষ্টাফৰ ওপৰতো পৰেগৈ।

মৰক্কোৰ জাৰ্ছি পৰিধান কৰা একাংশ দৰ্শকে আকৌ খেল পথাৰৰ মাজলৈ দৌৰি আহিবলৈও চেষ্টা কৰা পৰিলক্ষিত হয়। অৱশ্যে তেওঁলোকক খেল পথাৰৰ পৰা বাহিৰ কৰি দিয়ে।

সমান্তৰালকৈ ৰেফাৰীয়েও দুয়োটা দলৰ খেলুৱৈকে খেল পথাৰৰ পৰা বাহিৰলৈ পঠিয়াই দিয়ে। ইয়াৰ পিছতে ষ্টেডিয়ামৰ সকলো দৰ্শককে বাহিৰ কৰি সম্পূৰ্ণ ষ্টেডিয়াম খালী কৰাৰ অন্তত পুনৰ অৱশিষ্ট মেচ আৰম্ভ কৰে।

মেচখন পুনৰ আৰম্ভ হোৱাৰ সময়তে বি এ আৰ ৰিভিউ আধাৰত আৰ্জেণ্টিনাই দিয়া সমতাসূচক গ'লটো বাতিল কৰে। যাৰ ফলত মৰক্কো ২-১ ব্যৱধানত মেচখনত বিজয়ী হয়।

মৰক্কোৰ হৈ দুয়োটা গ'লেই কৰে ছোফিয়ান ৰহিমীয়ে। তেওঁ প্ৰথমটো গ'ল প্ৰথম হাল্ফ অন্ত পৰাৰ ঠিক আগতে আৰু দ্বিতীয় গ'লটো দ্বিতীয় হাল্ফৰ ঠিক আৰম্ভণিতে পেনাল্টিৰ ৰূপত দ্বিতীয় গ'ল কৰে।

মৰক্কোৰ হাতত পৰাস্ত আৰ্জেণ্টিনাঃ খেল পথাৰলৈ বটল, কাপ দলিয়ালে দৰ্শকে...
পেৰিছ অলিম্পিকৰ পৰা নীতা আম্বানীয়ে দিলে আন এক ভাল খবৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in