কমনৱেলথ ভাৰত্তোলনত দুই অসম সন্তানৰ স্বৰ্ণ অৰ্জন...

কমনৱেলথ ভাৰত্তোলনত দুই অসম সন্তানৰ স্বৰ্ণ অৰ্জন...
কমনৱেলথ ভাৰত্তোলনত দুই অসম সন্তানৰ স্বৰ্ণ অৰ্জন...
Published on
Updated on

ডিজিটেল ডেস্কঃ ক্ৰীড়া ক্ষেত্ৰত পুনৰ উজলিল দুগৰাকীকৈ অসম সন্তান। কমনৱেলথ ভাৰত্তোলনত সিদ্ধান্ত গগৈ আৰু পপী হাজৰিকাই লাভ কৰিছে স্বৰ্ণ পদক।

উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ নয়দাত ১১ জুলাইৰ পৰা অনুষ্ঠিত হৈছে কমনৱেলথ ভাৰত্তোলন প্ৰতিযোগিতা। প্ৰতিযোগিতাখনত ৬১ কেজিৰ জুনিয়ৰ শাখাত সিদ্ধান্ত গগৈয়ে অৰ্জন কৰিছে স্বৰ্ণ পদক। সিদ্ধান্তই স্নেচত ১১২ কেজি আৰু ক্লিন এণ্ড জাৰ্কত ১৪৮ কেজি উত্তোলন কৰি এই সফলতা অৰ্জন কৰিছে।

আনহাতে মহিলাৰ ৫৯ কেজি ছিনিয়ৰ শাখাত পপী হাজৰিকাই লাভ কৰিছে স্বৰ্ণ পদক। পপীয়ে স্নেচত ৮৪ কেজি আৰু ক্লীন এণ্ড জাৰ্কত ১০৫ কেজি উত্তোলন কৰি এই সফলতা অৰ্জন কৰিছে।

স্মৰ্তব্য, নয়দাত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ সামৰণি পৰিব ১৬ জুলাইত। প্ৰতিযোগিতাখনৰ বাবে অসমৰ মুঠ ৪ গৰাকী ভাৰত্তোলকে যোগ্যতা অৰ্জন কৰিছিল। ছিনিয়ৰ মহিলাৰ ৫৯ কেজিত পপী হাজৰিকা, জুনিয়ৰ পুৰুষৰ ৬১ কেজিত সিদ্ধান্ত গগৈ, য়ুথ পুৰুষৰ ৬৭ কেজিত বেদব্ৰত ভৰালী আৰু য়ুথ ১০২ কেজিত কপিল সোণোৱালে যোগ্যতা অৰ্জন কৰিছিল ।

এই প্ৰতিযোগিতাখনত আন্তঃৰাষ্ট্ৰীয় কেটেগৰী ১ ৰ ৰেফাৰী তথা অসম ভাৰোত্তোলন সন্থাৰ সম্পাদক ভৱজ্যোতি গোস্বামীয়েও অংশগ্ৰহণ কৰিছে।

কমনৱেলথ ভাৰত্তোলনত দুই অসম সন্তানৰ স্বৰ্ণ অৰ্জন...
চাবুৱাত ড্ৰাগচসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in