টুপিয়া খেলপথাৰত কুংফু আৰু কিক বক্সিং প্ৰতিযোগিতাৰ প্ৰমাণ পত্ৰ বিতৰণ

টুপিয়া খেলপথাৰত কুংফু আৰু কিক বক্সিং প্ৰতিযোগিতাৰ প্ৰমাণ পত্ৰ বিতৰণ
Published on
Updated on

ডিজিটেল সংবাদ,জামুগুৰিহাট : শোণিতপুৰ জিলা কিক বক্সিং একাডেমিৰ সৌজন্যত গুৱাহাটীত অনুষ্ঠিত কৰা হৈছিল ২০২৩ বৰ্ষৰ কুংফু আৰু কিক বক্সিং প্ৰতিযোগিতা। অসম তথা উত্তৰ পূৰ্ব্বাঞ্চল ভিত্তিত অনুষ্ঠিত এই প্ৰতিযোগিতাত বহু প্ৰতিযোগিৱে অংশগ্ৰহণ কৰিছিল ।

এই প্ৰতিযোগিতাত স্থানপ্ৰাপ্তসকলক বুধবাৰে বিয়লি জামুগুৰিহাটৰ টুপিয়া খেলপথাৰত আয়োজিত অভিনন্দন অনুষ্ঠানত প্ৰমানপত্ৰ প্ৰদান কৰা হয়৷ শোনিতপুৰ,ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ প্ৰতিযোগীসকলৰ মাজৰ মুঠ ৪০ গৰাকী স্থানপ্ৰাপ্ত প্ৰতিযোগীৰ ভিতৰত ১৯ গৰাকীয়ে প্ৰথম স্থান অধিকাৰ কৰি সোঁনৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। বাকী ১৭ গৰাকীয়ে দ্বিতীয় স্থান অধিকাৰ কৰি ৰূপৰ পদক লাভ কৰাৰ লগতে ৪ গৰাকীয়ে তৃতীয় স্থান অধিকাৰ কৰি ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷

প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত সকলক বৃহস্পতিবাৰে অভিনন্দন জনাই প্ৰমানপত্ৰ প্ৰদান কৰে শোনিতপুৰ জিলা কিক বক্সিং একাডেমিৰ উদ্যোক্তা তথা মূখ্য প্ৰশিক্ষকদ্বয় নাৰায়ণ শৰ্মা আৰু সীমা শৰ্মাই৷

উল্লেখ্য যে, কিক বক্সিং একাডেমীৰ দলটিয়ে ২০২৩ বৰ্ষৰ এই প্ৰতিযোগিতাত শ্ৰেষ্ঠ দলৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয়। অনুস্থানটিৰ এই সফলতাত উৎফুলিত হৈ পৰা প্ৰশিক্ষকদ্বয়ে কয় যে এই কুংফু আৰু কিক বক্সিং প্ৰশিক্ষণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভৱিষ্যতে চৰকাৰী চাকৰি লাভত যথেষ্ট সহায়ক হ'ব। লগতে এই প্ৰশিক্ষণে তেওঁলোকৰ বৌদ্ধিক,শাৰিৰিক,মানসিক উৎকৰ্ষ সাধনত যথেষ্ট সহায় কৰে। বিশেষকৈ যুৱতীসকলৰ নিৰাপত্তাৰ দিশতো এই প্ৰশিক্ষণ যথেষ্ট সহায়ক হয়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in