এসময়ত তুলনা হৈছিল শচীন, লাৰাৰ সৈতে, এতিয়া স্থান নাই ঘৰুৱা ক্ৰিকেটতো...

এসময়ত তুলনা হৈছিল শচীন, লাৰাৰ সৈতে, এতিয়া স্থান নাই ঘৰুৱা ক্ৰিকেটতো...
এসময়ত তুলনা হৈছিল শচীন, লাৰাৰ সৈতে, এতিয়া স্থান নাই ঘৰুৱা ক্ৰিকেটতো...
Published on
Updated on

ডিজিটেল ডেস্কঃ হেৰাই যোৱাৰ উপক্ৰম হৈছে এক ক্ৰিকেট প্ৰতিভা। এসয়মত তেওঁক শচীন তেণ্ডুলকাৰৰ সৈতেও তুলনা কৰা হৈছিল। স্বপ্ৰতিভাৰে ঘৰুৱা ক্ৰিকেটৰ লগতে বিশ্ব ক্ৰিকেটৰো এক চিনাকী নাম হৈ পৰিছিল।

ভাৰতীয় দলৰ পৰৱৰ্তী তাৰকা বুলি তেওঁৰ নাম চৰ্চালৈ অহাৰ সময়তে ভাৰতীয় দলৰ পৰাও বাদ পৰিবলগীয়া হৈছিল। দুৰ্বল ফৰ্ম, ফিটনেছৰ বাবেই তেওঁ ভাৰতীয় ক্ৰিকেট দলৰ পৰা বাহিৰ হৈছিল।

এতিয়া পৰিস্থিতি এনে পৰ্যায় পালেগৈ যে তেওঁ ঘৰুৱা ক্ৰিকেটতো স্থান হেৰুৱাবলগীয়া হৈছে। পৃথ্বী শ্ব'ৰ কাহিনী এয়া। এসময়ত শচীন তেণ্ডুলকাৰ, ব্ৰায়ান লাৰাৰ সৈতে তুলনা হোৱা পৃথ্বী শ্ব’ৰ স্থান এতিয়া ঘৰুৱা ক্ৰিকেটতো নোহোৱা হৈছে।

মুম্বাই ৰঞ্জিত দলৰ পৰা তেওঁক বাদ দিয়া হৈছে। পৃথ্বীৰ বিৰুদ্ধে ফিটনেছ, দেহৰ অতিৰিক্ত ওজন আৰু নিয়মানুবৰ্তিতা নমনাৰ অভিযোগ উত্থাপন হৈছে। ৰঞ্জি ট্ৰফীত মুম্বাইৰ পৰৱৰ্তী মেচ আছে ত্ৰিপুৰাৰ বিৰুদ্ধে। ইয়াৰ বাবে মুম্বাই ক্ৰিকেট এছোচিয়েচনে দল ঘোষণা কৰিছে। এই দলত নাই পৃথ্বী শ্ব’ৰ নাম।

কেৱল সেয়াই নহয়, মুম্বাই ক্ৰিকেট এছোচিয়েচনে স্পষ্টকৈ উল্লেখ কৰিছে পৃথ্বী শ্ব’ক দলৰ পৰা বাদ দিয়া হৈছে। ইয়াৰ বিপৰীতে অৱশ্যে ক্ৰিকেটাৰগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলৰ ষ্ট’ৰীত বিশ্ৰাম লোৱা বুলিহে উল্লেখ কৰিছে।

জানিব পৰা মতে পৃথ্বীক দলৰ পৰা বাদ দিয়াৰ মূল কাৰণ হৈছে নিয়মানুবৰ্তিতাৰ অভাৱ। মূলতঃ এই সমস্যাৰ বাবেই তেওঁক দলত স্থান দিয়া হোৱা নাই। অৱশ্যে তেওঁৰ ফিটনেছক লৈয়ো সন্তুষ্টি নহয় এছোচিয়েচন।

উল্লেখ্য যে, ভাৰতীয় দলৰ জ্যেষ্ঠ খেলুৱৈ তথা মুম্বাইৰ অধিনায়ক আজিংক্য ৰাহানে, শ্ৰেয়াস আয়াৰ, ছাৰ্দুল ঠাকুৰৰ দৰে তাৰকা খেলুৱৈয়ে যিসময়ত নিয়মানুবৰ্তিতা পালন কৰি ধাৰাবাহিক অনুশীলনত অংশগ্ৰহণ কৰিছে সেই সময়ত পৃথ্বী শ্ব’ নিয়ম অনুসৰি নিয়মিতভাৱে অনুশীলনলৈ অহা নাই। অনুশীলনলৈ আহিলেও পলমকৈ হে আহে আৰু সোনকালেই অনুশীলন এৰি উভতি যায়।

শ্ব’য়ে অতিৰিক্ত ওজন হ্ৰাস কৰাৰ বাবে পৰিশ্ৰম কৰা নাই। শ্ব’ৰ এনে আচৰণত অসন্তুষ্ট মুম্বাই দলৰ মেনেজমেণ্ট। তাৰোপৰি ক্ৰিকেটাৰগৰাকীৰ বেটৰ পৰাও ৰাণ অহা নাই। ইৰাণি ট্ৰফীত এটা অৰ্ধশতক আহিলেও ৰঞ্জি ট্ৰফীৰ দুখন মেচত ব্যৰ্থ হৈছে।

অতি প্ৰতিভাৱান এই ক্ৰিকেটাৰগৰাকীৰ এনে আচৰণত অসন্তুষ্ট ক্ৰিকেট অনুৰাগীও। চৰ্চা হৈছে ক্ৰিকেটক পৃথ্বীয়ে গুৰুত্ব দিয়া নাই নেকি? বাধ্যত পৰিহে তেওঁ খেলিছে নেকি? ক্ৰিকেটতকৈ তেওঁ এতিয়া আন বিতৰ্কিত কামৰ বাবেহে চৰ্চাত আছে।

এসময়ত তুলনা হৈছিল শচীন, লাৰাৰ সৈতে, এতিয়া স্থান নাই ঘৰুৱা ক্ৰিকেটতো...
ভাগ্য আমাৰ সুপ্ৰসন্ন নাছিল....

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in