ভাৰতীয় বিশ্বকাপ দলে পালে পূৰ্ণতাঃ টীম ইণ্ডিয়াত চামিল হ'ল ৰবীচন্দ্ৰন অশ্বিন....

ভাৰতীয় বিশ্বকাপ দলে পালে পূৰ্ণতাঃ টীম ইণ্ডিয়াত চামিল হ'ল ৰবীচন্দ্ৰন অশ্বিন....
ভাৰতীয় বিশ্বকাপ দলে পালে পূৰ্ণতাঃ টীম ইণ্ডিয়াত চামিল হ'ল ৰবীচন্দ্ৰন অশ্বিন....
Published on
Updated on

ডিজিটেল ডেস্কঃ শুকুৰবাৰৰ পৰা বিশ্বকাপৰ প্ৰস্তুতি মেচ। এই প্ৰস্তুতি মেচৰ বাবে আজি বিয়লি গুৱাহাটীত আহি উপস্থিত হৈছেহি ভাৰতীয় ক্ৰিকেট দলটো। বিশ্বকাপৰ বাবে ঘোষিত ভাৰতীয় দলটোৰ সৈতে একেলগে গুৱাহাটীত আহি উপস্থিত হয় অফস্পীনাৰ ৰবীচন্দ্ৰন অশ্বিন।

অথচ এইগৰাকী অভিজ্ঞ স্পীনাৰ বিশ্বকাপৰ বাবে ঘোষিত ভাৰতীয় দলৰ অংশ নাছিল। বিশ্বকাপৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলটোৱে ঘৰৰ মাটিত যি ৩ খন এদিনীয়া খেলিছিল সেই এদিনীয়াৰ অন্যতম সদস্য আছিল অশ্বিন।

সেয়ে বিশ্বকাপৰ বাবে ঘোষিত ভাৰতীয় দলটোৰ অংশ নহ'লেও শেষ মুহূৰ্তত যে অশ্বিন দলত অন্তৰ্ভুক্ত হ'ব সেয়া প্ৰায় নিশ্চিত আছিল। তাৰ মাজতে এছিয়া কাপত অক্সৰ পেটেলে সন্মুখীন হোৱা আঘাতে অশ্বিনৰ বিশ্বকাপ দলত অন্তৰ্ভুক্তিৰ বাট মুকলি কৰিব বুলি সকলোৱেই ধাৰণা কৰিছিল।

সেই ধাৰণাই এতিয়া সত্য প্ৰমাণিত হ'ল। বিশ্বকাপৰ ১৫ জনীয়া দলৰ অংশ হৈ পৰিল অভিজ্ঞ ক্ৰিকেটাৰজন। বিশ্বকাপৰ দল ঘোষণা কৰাৰ সময়ত সাংবাদিকে অধিনায়ক ৰোহিত শৰ্মা আৰু মুখ্য নিৰ্বাচক অজিত আগাৰকাৰক অশ্বিন আৰু যুজবেন্দ্ৰ চাহালক দলত অন্তৰ্ভুক্ত নকৰা সন্দৰ্ভত প্ৰশ্ন কৰিছিল।

সেই প্ৰশ্নৰ উত্তৰত ৰোহিত শৰ্মা আৰু অজিত আগাৰকাৰে এই দুয়োগৰাকী খেলুৱৈৰ বাবে দলৰ দুৱাৰ বন্ধ হোৱা নাই বুলি কৈ পৰৱৰ্তী সময়ত দলত অন্তৰ্ভুক্তিৰ এক ইংগিত প্ৰদান কৰিছিল। কিন্তু তেওঁলোকক কাৰ স্থানত অন্তৰ্ভুক্ত কৰিব তাক লৈ সকলো বিবুধিত আছিল।

কিন্তু শেহতীয়াকৈ এছিয়া কাপত বাংলাদেশৰ বিৰুদ্ধে খেলা মেচত অক্সৰ পেটেলে আঘাতপ্ৰাপ্ত হয়। অৱশ্যে তেওঁৰ এই মেচখনত প্ৰদৰ্শন আছিল দৰ্শনীয়। অক্সৰৰ সেই আঘাতেই তেওঁৰ বিশ্বকাপৰ যাত্ৰাক বাধা প্ৰদান কৰিলে।

সদ্য সমাপ্ত অষ্ট্ৰেলিয়া ছিৰিজতো খেলাৰ পৰা বঞ্চিত হৈছিল ক্ৰিকেটাৰগৰাকী। তেওঁৰ স্থানত ৰবীচন্দ্ৰন অশ্বিনৰ প্ৰদৰ্শন আছিল অনবদ্য। উল্লেখ্য, পূৰ্বেও অশ্বিন বহুকেইখন গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাত খেলাৰ পৰা বঞ্চিত হৈছিল।

তেওঁৰ প্ৰদৰ্শন অতি উন্নত থকাৰ পাছতো বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত স্থান হেৰুৱাইছিল। যাৰ বাবে সমালোচিত হৈছিল বি চি চি আই। এইবাৰো তেওঁক বিশ্বকাপৰ বাবে ঘোষিত দলত স্থান নিদিয়াত সমালোচনাৰ সন্মুখীন হৈছিল বি চি চি আই।

কিন্তু অৱশেষত সৌভাগ্যৰ দুৱাৰ মুকলি হোৱাত অশ্বিনো অন্তৰ্ভুক্ত হ'ল ভাৰতীয় দলত। অশ্বিনৰ ভাৰতীয় দলত অন্তৰ্ভুক্তিয়ে দলটোক পূৰ্ণতা দিলে বুলি চৰ্চা আৰম্ভ হৈছে।

বিশ্বকাপৰ বাবে ঘোষিত ভাৰতীয় মূল দলটোঃ ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, বিৰাট কোহলি, কে এল ৰাহুল, হাৰ্দিক পাণ্ডিয়া (উপ-অধিনায়ক), ঈশান কিষাণ, শ্ৰেয়াস আয়াৰ, সূৰ্যকুমাৰ যাদৱ, ৰবীন্দ্ৰ জাদেজা, আৰ অশ্বিন, কুলদীপ যাদৱ, চাৰ্দুল ঠাকুৰ, মহম্মদ ছামি, মহম্মদ ছিৰাজ আৰু যশপ্ৰীত বুমৰাহ।

ভাৰতীয় বিশ্বকাপ দলে পালে পূৰ্ণতাঃ টীম ইণ্ডিয়াত চামিল হ'ল ৰবীচন্দ্ৰন অশ্বিন....
ৱৰ্ল্ড আৰ্ম ৰেষ্টলিং চেম্পিয়নশ্বিপত মৃন্ময় তালুকদাৰৰ সোণসহ দুটাকে পদক অৰ্জন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in