বৰ্ষাপাৰাত ৰাজস্থান-কলকাতাৰ মেচ : এইকেইটা পথেৰে প্ৰৱেশ কৰিব পাৰিব ষ্টেডিয়ামৰ ভিতৰত...

সন্ধিয়া ৭-৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব হাইভ’ল্টেজ মেচখন

author-image
Asomiya Pratidin
New Update
বৰ্ষাপাৰাত ৰাজস্থান-কলকাতাৰ মেচ : এইকেইটা পথেৰে প্ৰৱেশ কৰিব পাৰিব ষ্টেডিয়ামৰ ভিতৰত...

ডিজিটেল ডেস্ক : দেওবাৰে বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মেচ। সন্ধিয়া ৭-৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব হাইভ’ল্টেজ মেচখন। ইতিমধ্যে এই মেচখনকলৈ অনুৰাগীসকলৰ মাজত ব্যাপক চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে।

এনে সময়তে দৰ্শকৰ বাবে ষ্টেডিয়ামৰ ভিতৰত প্ৰৱেশ কৰাৰ বাবে শনিবাৰে জাৰি কৰা হৈছে গেটৰ নিৰ্দেশনা।  ১৯ মে’ দেওবাৰে আই পি এলৰ খেল উপভোগৰ বাবে ষ্টেডিয়ামৰ গেটৰ নিৰ্দেশনা তলত উল্লেখ কৰা হ’ল-

  • ৬খন গেটেৰে দৰ্শকে প্রৱেশ কৰিব পাৰিব ষ্টেডিয়ামৰ ভিতৰত।  

  • বৰ্ষাপাৰা পথৰ ২ নম্বৰ গেটলৈ বৰ্ষাপাৰা তিনিআলি হৈ আহিব পাৰিব।

  • আৰ জি বৰুৱা পথৰ ৩ নং গেটলৈ ৰোলিং মিল তিনিআলি হৈ আহিব পাৰিব।

  • গড্রেজ গ’লি হৈ ৰোলিং তিনিআলি, আৰ জি বৰুৱা পথলৈ আহিব পাৰিব।

  • ৰোলিং মিল পথৰ ৪নং গেটলৈ গড্রেজ গ’লিহৈ আহিব পাৰিব।

  • ভূপেন হাজৰিকা পথৰ ৫নং গেটলৈ এ কে দেৱ পথেৰে ৰঘুনাথ পথ হৈ আহিব পাৰিব।

  • ভূপেন হাজৰিকা পথৰ ৬নং গেটলৈ এ কে দেৱ পথেৰে ৰঘুনাথ পথ হৈ আহিব পাৰিব।

  • ৭নং গেটলৈ বৰ্ষাপাৰা তিনিআলি আৰু ধীৰেণপাৰা তিনিআলি পথেৰে আহিব পাৰিব।

Also Read: বৰ্ষাপাৰাত ৰাজস্থান-কলকাতাৰ হাইভ'ল্টেজ মেচ উপভোগ কৰিব শ্বাহৰুখ খানে !

IPL 2024 BARSHAPARA