ডিজিটেল সংবাদ, যোৰহাটঃ ক্ৰিকেটাৰ্ছ অব যোৰহাটৰ উদ্যোগত যোৰহাট ষ্টেডিয়ামত চলি থকা প্ৰথম বাৰ্ষিক যোৰহাট প্ৰীমিয়াৰ লীগ (ছিজন-১)ৰ আজিৰ খেলখনত ৰক্তোপাল মহন্তৰ অৰ্ধশতকৰ সহায়ত কাইনেটিক কিংছ দলে মৰিয়নি টাইটানছ দলক ৯ ৰাণত পৰাজিত কৰে। খেলখনত টছত জিকি কাইনেটিক কিংছে প্ৰথমে বেটিং কৰিবলৈ আহি ৰক্তোপাল মহন্তৰ ৫৬ আৰু অনন্ত বৰাৰ ১১ ৰাণৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত আটাইকেইটা উইকেটত হেৰুৱাই ১১৭ ৰাণ সংগ্ৰহ কৰে।
মৰিয়নি টাইটানছৰ হৈ শান্তনু শইকীয়া আৰু বিল্টু মজুমদাৰে দুটাকৈ উইকেট লাভ কৰে। প্ৰত্যুত্তৰত মৰিয়নি টাইটানছে ঠাকুৰ জিতেন্দ্ৰ সিঙৰ ২৯ আৰু বিল্টু মজুমদাৰৰ ১৩ ৰাণৰ সহায়ত ৭ উইকেটত হেৰুৱাই ১০৮ ৰাণ সংগ্ৰহ কৰোতেই নিৰ্ধাৰিত অভাৰ সমাপ্ত হোৱাত ৯ ৰাণত পৰাজয় স্বীকাৰ কৰে।
কাইনেটিক কিংছৰ হৈ অলকেশ শৰ্মা আৰু ৰক্তোপাল মহন্তই দুটাকৈ উইকেট লাভ কৰে। আজিৰ খেলখনত মেন অব দ্যা মেছ সন্মান লাভ কৰে কাইনেটিক কিংছৰ ৰক্তোপাল মহন্তই।
Also Read: ৰাষ্ট্ৰীয় যোগ ক্ৰীড়া প্ৰতিযোগিতাত অসম দলৰ এটা ৰূপ, দুটা ব্ৰঞ্জৰ পদক অৰ্জন...