ডিজিটেল সংবাদ,মঙলদৈঃ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত এটাৰ পিছত আনটো পদক লাভ কৰিবলৈ সক্ষম হৈছে মঙলদৈৰ দুগৰাকী মাতৃ-কন্যাই। মুম্বাইৰ অৰিকা হোটেলত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় এছিয়ান আৰ্মৰেষ্টলিং কাপ পাঞ্জা প্ৰতিযোগিতাত মঙলদৈৰ ৰঞ্জু বৰুৱাই সোণৰ পদক লাভ কৰাৰ লগতে তেখেতৰ কন্যা ৰঞ্জিতা বৰুৱাই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।
মাতৃ ৰঞ্জু বৰুৱাই ৬০ কিলোগ্ৰাম শাখাত পাঞ্জা প্ৰতিযোগিতাত ভাগ লৈছিল আৰু কন্যা ৰঞ্জিতা বৰুৱাই ৫৫ কিলোগ্ৰাম শাখাত পাঞ্জা প্ৰতিযোগিতাত ভাগ লৈছিল। এছিয়াৰ প্ৰায় ১০ খন দেশে অংশগ্ৰহণ কৰা পাঞ্জা প্ৰতিযোগিতাত ৰঞ্জু বৰুৱাই প্ৰথম স্থান অধিকাৰ কৰি দৰঙলৈ গৌৰৱ কঢ়িয়াই আনিছে।
উল্লেখযোগ্য যে, সৰুৰেপৰাই ৰঞ্জু বৰুৱা পাঞ্জা খেলৰ প্ৰতি আগ্ৰহী আছিল। সেই অনুসৰি নিজ কন্যা ৰঞ্জিতাও পাঞ্জা খেলৰ প্ৰতি আগ্ৰহী হৈ আন্তঃৰাষ্ট্ৰীয় খেলখনত দুয়োৱে পদক লাভ কৰাত এতিয়া দৰংবাসী উৎফুল্লিত হৈ পৰিছে।
দেশৰ বাহিৰত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা মঙলদৈৰ দুই মাতৃ কন্যাই চৰকাৰ তথা স্থানীয় বিধায়ক সাংসদৰ ওচৰত হাত পাতিও কোনো সহাৰি লাভ নকৰাত হতাশাত ভোগিছে। পূৰ্বেও ৰঞ্জু বৰুৱা আৰু তেওঁৰ কন্যা ৰঞ্জিতা বৰুৱাই বহু কেইটা ৰাষ্ট্ৰীয় পদক লাভ কৰিবলৈ সক্ষম হৈছিল।
Also Read: একেদিনাই ১.৮১ লাখ পেঞ্চনাৰে গ্ৰহণ কৰিলে ডিজিটেল লাইফ চাৰ্টিফিকেট...