অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অশ্বিনৰ স্পীন যাদু

বৰ্তমানলৈকে অশ্বিনে আন্তঃৰাষ্ট্ৰীয় টেষ্ট কেৰিয়াৰত ৮৯খন মেচত ৪৭১ টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে

author-image
Asomiya Pratidin
New Update
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অশ্বিনৰ স্পীন যাদু

ডিজিটেল ডেস্কঃ যিমানে দিন গৈ আছে সিমানেই ভয়াৱহ হৈ উঠিছে অভিজ্ঞ স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিন। ৩৬ বছৰীয়া তাৰকা বলাৰগৰাকীৰ স্পীন যাদুত দিশহাৰা অষ্ট্ৰেলিয়া ক্ৰিকেট দল।

ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে সম্প্ৰতি ভাৰত ভ্ৰমণত আছে অষ্ট্ৰেলিয়া। ৯ মাৰ্চৰ পৰা নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে চতুৰ্থখন টেষ্ট মেচ। মেচখনত গড়ে মাত্ৰ ১.৯২ ৰান ব্যয় কৰি ৬টাকৈ উইকেট দখল কৰে।

ইয়াৰ পূৰ্বেও উক্ত শৃংখলাৰ বাকীসমূহ মেচত অশ্বিনৰ স্পীন যাদুত দিশহাৰা হৈছিল আলহী দল অষ্ট্ৰেলিয়া । বৰ্তমানলৈকে অশ্বিনে আন্তঃৰাষ্ট্ৰীয় টেষ্ট কেৰিয়াৰত ৮৯খন মেচত ৪৭১ টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে।

Also Read: শুভমন গীলৰ শতকেৰে আকৰ্ষণীয় স্থিতিত ভাৰত

ravichandran ashwin test cricket