ডিজিটেল ডেস্ক : ছেম্পিয়নছ লীগৰ ৰজা হৈছে ৰিয়েল মাদ্ৰিদ । ১৪টা কৈ খিতাপ দখেলৰে চেম্পিয়নছ লীগত অপ্ৰতিৰোধ্য ক্লাবটি । ক্লাবটিৰ এই পৰম্পৰা এইবাৰো অব্যাহত থাকিল চেম্পিয়নছ লীগত । দলটিয়ে ইতিমধ্যে কেইবাটাও ক্লাবৰ বিদায় নিশ্চিত কৰিলে লীগৰ পৰা ।
শেহতীয়াকৈ চেলছিৰ বিৰুদ্ধে সামগ্ৰিকভাৱে ৪-০ৰ ব্যৱধানত জয়লাভ কৰি চেলছিকো লীগৰ পৰা বিদায় দিলে ৰিয়েলে । ১৮ এপ্ৰিলত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেৰ দ্বিতীয় লেগত ৰিয়েলে ২-০- গ'লত পৰাস্ত কৰে চেলছিক । ইতিমধ্যেই প্ৰথম লেগত ২-০ৰ অগ্ৰগতিত থকা ৰিয়েলে ইয়াৰ পাছত ৪-০ৰ ব্যৱধানত জয় লাভ কৰি চেলছিক পৰাস্ত কৰাৰ পাছতেই ছেমি ফাইনেলত প্ৰৱেশ ৰিয়েলৰ । ৰিয়েলৰ এই বিজয়ৰ মুখ্য কৃতিত্ব গ'লৰক্ষক কৰ্টোৱাৰ হে । চেলছিৰ প্ৰতিটো আক্ৰমণকেই প্ৰচণ্ড আত্মবিশ্বাসেৰে প্ৰতিহত কৰিছিল কৰ্টোৱাই ।
ইফালে প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশৰ আশা অপূৰ্ণ হৈয়ে ৰয় নেপ'লিৰ । দ্বিতীয় লেগৰ মেচখন ১-১ গ'লত ড্ৰ কৰি ১৬ বছৰৰ মূৰত ছেমি ফাইনেলত প্ৰৱেশ কৰিলে এ চি মিলানে ।
Also Read: নলবাৰীত পথ দুৰ্ঘটনা, বৃদ্ধাৰ দেহৰৰ ওপৰেৰে পাৰ হৈ গ’ল বাছৰ চকা