দ্ৰুততম ১৩০০০ ৰাণঃ অভিলেখ সৃষ্টিকাৰী কোহলী

দ্ৰুততম ১৩০০০ ৰাণঃ অভিলেখ সৃষ্টিকাৰী কোহলী
Published on
Updated on

ডিজিটেল ডেস্কঃ সোমবাৰে ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত এছিয়া কাপ ২০২৩ৰ খেলখনত তাৰকা বেটাৰ বিৰাট কোহলীয়ে শচীন তেণ্ডুলকাৰক অতিক্ৰম কৰি এদিনীয়া ক্ৰিকেটত এক চাঞ্চল্যকৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়। ২৬৭ সংখ্যক ইনিংছত মাইলৰ খুঁটিত উপনীত হোৱাৰ লগে লগে এদিনীয়া ক্ৰিকেটত ১৩ হাজাৰ ৰান সংগ্ৰহ কৰা সৰ্বাধিক দ্ৰুত খেলুৱৈ হিচাপে পৰিগণিত হয় ৩৪ বছৰীয়া বিৰাট কোহলী।

ইয়াৰ পূৰ্বে এই বিশ্ব অভিলেখ ভাৰতৰ কিংবদন্তি বেটাৰ শচীন টেণ্ডুলকাৰৰ আছিল, যিয়ে ৩২১ ইনিংছত এই কৃতিত্ব অৰ্জন কৰিছিল যদিও কোহলীয়ে পাকিস্তানৰ বিৰুদ্ধে এক উজ্জ্বল ন’কেৰে বৰ্তমানৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছিল। অষ্ট্ৰেলিয়াৰ মহান খেলুৱৈ ৰিকি পণ্টিঙে ৩৪১টা ইনিংছ লৈ ১৩ হাজাৰ এদিনীয়া ৰান সংগ্ৰহ কৰি এই তালিকাৰ তৃতীয় স্থানত আছে।

বিৰাট কোহলীয়ে ৯৪টা বলত ১২২ ৰান কৰি অপৰাজিত হৈ থকাৰ বিপৰীতে কে এল ৰাহুলে ১০৬টা বলত অপৰাজিত ১১১ ৰান কৰি ইনিঙচৰ অন্ত পেলায় আৰু ভাৰতে ছুপাৰ ৪ৰ গুৰুত্বপূৰ্ণ মেচত পাকিস্তানৰ বিৰুদ্ধে ৫০ অভাৰত ৩৫৬/২ ৰান সংগ্ৰহ কৰে। অৱশেষত ভাৰতে ২২৮ ৰানৰ ব্যৱধানত অভিলেখ সৃষ্টিকাৰী জয়লাভ কৰে। উল্লেখ্য যে, ৰানৰ ক্ষেত্ৰত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ এইয়া সৰ্ববৃহৎ জয়।

কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত বিৰাট কোহলিৰ এইটো আছিল ক্ৰমাগত চতুৰ্থটো শতক। যোৱা তিনিখন মেচত প্ৰেমদাছা ষ্টেডিয়ামত তেওঁৰ স্ক’ৰ আছিল - ১২৮ অপৰাজিত ৰাণ(১১৯বল), ১৩১ ৰাণ(৯৬বল) আৰু ১১০ অপৰাজিত ৰাণ(১১৬বল)।

সোমবাৰে বিৰাট কোহলী আৰু কে এল ৰাহুলৰ যুটিয়ে এছিয়া কাপ (এদিনীয়া)ত ২৩৩ ৰাণ কৰি নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়। ২০১২ চনত ভাৰতৰ বিৰুদ্ধে ২২৪ ৰাণ অৰ্জন কৰা পাকিস্তানৰ মহম্মদ হাফিজ আৰু এন জামছেদৰ যুটিৰ অভিলেখ ভংগ কৰিলে বিৰাট কোহলী আৰু কে এল ৰাহুলে। সোমবাৰে অৰ্জন কৰা শতকৰ সৈতে বিৰাট কোহলী এতিয়া এছিয়া কাপত শ্ৰীলংকাৰ মহান খেলুৱৈ কুমাৰ ছাংগাকাৰাই কৰা চাৰিটা শতকৰ অভিলেখৰ সমপক্ষ হ'বলৈ সক্ষম হৈছে।

বিৰাট কোহলী আৰু কে এল ৰাহুলৰ যুটিটোৰ প্ৰশংসা কৰি উদীয়মান খেলুৱৈ শুভমন গিলে কয় যে, বিৰাট কোহলীয়ে নিজৰ শতক সম্পূৰ্ণ কৰি ১৩০০০ ৰাণত উপনীত হ'ল যিয়ে সকলোকে মহান প্ৰেৰণা দেখুৱাইছে। দলটোৰ বাবে ই অতিকৈ বিশেষ। লগতে তেওঁ কয় যে, কে এল ৰাহুলে আঘাতৰ পৰা উভতি অহাৰ পিছত প্ৰথমখন মেচ খেলিছিল আৰু এই পৰিস্থিতিত শতক অৰ্জন কৰিব পৰাটো যথেষ্ট মহৎ আছিল।

দ্ৰুততম ১৩০০০ ৰাণঃ অভিলেখ সৃষ্টিকাৰী কোহলী
শিলচৰত কনিষ্ঠ চিকিৎসকে আক্রমণ কৰিলে ৰোগীৰ পৰিচাৰকক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in