বিশ্বকাপ খেলিব পাৰিবনে ঋষভ পণ্টে? ক'লে কেতিয়া সম্পূৰ্ণৰূপে সুস্থ হ'ব...

বিশ্বকাপ খেলিব পাৰিবনে ঋষভ পণ্টে? ক'লে কেতিয়া সম্পূৰ্ণৰূপে সুস্থ হ'ব...
বিশ্বকাপ খেলিব পাৰিবনে ঋষভ পণ্টে? ক'লে কেতিয়া সম্পূৰ্ণৰূপে সুস্থ হ'ব...
Published on
Updated on

ডিজিটেল ডেস্কঃ কেতিয়া সুস্থ হৈ উঠিব ভাৰতীয় ক্ৰিকেট দলৰ উইকেট কীপাৰ বেটছমেন ঋষভ পণ্ট? এই প্ৰশ্ন হয়তো ক্ৰিকেটাৰগৰাকীৰ অনুৰাগীসকলৰ মনলৈ নিশ্চিয় আহে।

এক পথ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হোৱা ঋষভ এতিয়াও সম্পূৰ্ণ ৰূপে সুস্থ হৈ উঠা নাই। ষ্টিকৰ সহায় অবিহনে এতিয়াও ক্ৰিকেটাৰগৰাকীয়ে খোজ কাঢ়িব নোৱাৰে। অৱশ্যে হাতত ষ্টিক লৈয়ে আই পি এলৰ মেচ উপভোগ কৰিবলৈ আহিছিল পণ্ট।

দীৰ্ঘদিনৰ মূৰত ষ্টেডিয়ামত পণ্টক দেখি স্বাভাৱিকতে উৎসাহিত হৈ পৰিছে তেওঁৰ অনুৰাগীসকল। দিল্লীত নিজ দলৰ মেচ উপভোগ কৰিবলৈ আৰু দলটোক সমৰ্থন জনাবলৈ ঋষভ পণ্ট ষ্টেডিয়ামত উপস্থিত হোৱাৰ লগতে দলীয় সতীৰ্থৰ সৈতে ড্ৰেছিং ৰুমতো সময় পাৰ কৰিছিল।

চলিত ছিজনত এই পৰ্যন্ত ২ খন মেচ খেলা দিল্লীয়ে দুয়োখন মেচতে পৰাজিত হৈছে। এই বিষয়টোক লৈ বৰ বেছি চিন্তিত নহয় পণ্ট। অভিজ্ঞ ক্ৰিকেটাৰগৰাকীৰ মতে পৰৱৰ্তী মেচসমূহত দিল্লী কেপিটেলছ জয়ৰ ট্ৰেকলৈ উভতি আহিব।

এইগৰাকী আঘাতপ্ৰাপ্ত ক্ৰিকেটাৰক লৈ অৱশ্যে বহু কথাই চৰ্চালৈ আহিছে। দুৰ্ঘটনাৰ পিছত ঋষভ পণ্টক থিয় হ'বলৈ বহু সময়ৰ প্ৰয়োজন হ'ব বুলি চৰ্চা চলিছিল যদিও লাহে লাহে তেওঁ থিয় হোৱাই নহয়, খোজ কাঢ়িবলৈ আৰম্ভ কৰিছে।

উইকেট কীপাৰ বেটছমেনজনে আশা কৰিছে পৰৱৰ্তী চাৰি মাহৰ ভিতৰত সম্পূৰ্ণ ৰূপে তেওঁ সুস্থ হৈ উঠিব। দিল্লীৰ কেপিটেলছৰ কেইবাজনো সতীৰ্থক এই কথা কৈছে ঋষভ পণ্টে।

পণ্টে আশা কৰিছে বিশ্বকাপৰ পূৰ্বে তেওঁ সম্পূৰ্ণ সুস্থ হৈ উঠিব। যদি সেয়াই হয় তেন্তে ভাৰতীয় ক্ৰিকেটৰ বাবে তাতকৌ ভাল খবৰ আৰু একো নাই।    

বিশ্বকাপ খেলিব পাৰিবনে ঋষভ পণ্টে? ক'লে কেতিয়া সম্পূৰ্ণৰূপে সুস্থ হ'ব...
ভাৰতৰ কাষত আমেৰিকাঃ বেইজিঙক সকিয়নী দি হোৱাইট হাউচৰ বিবৃতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in