ভাল খবৰ আহিল : টীম ইণ্ডিয়াত স্থান লাভ অসম সন্তান ৰিয়ান পৰাগৰ

ৰিয়ানৰ এই যাত্ৰা মধুৰ হওক, আন্তৰ্জাতিক পৰ্যায়ত উজলি উঠক ৰিয়ান নামৰ নক্ষত্ৰ
ভাল খবৰ আহিল : টীম ইণ্ডিয়াত স্থান লাভ অসম সন্তান ৰিয়ান পৰাগৰ
Published on
Updated on

ডিজিটেল ডেস্ক : সপোন পূৰণ হ’ল অসম তথা অসমবাসীৰ। দীৰ্ঘদিনীয়া আশা-প্ৰত্যাশাৰ অন্ত পেলাই অৱশেষত আহিল সেই খবৰটি। আশা আছিল- এদিন অসমৰ সন্তানে ভাৰতীয় জাতীয় ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰিব ! বছৰ বছৰ ধৰি এই সপোনে পোৱা নাছিল সাকাৰৰূপ।

কিন্তু আজি অসমৰ বাবে উল্লেখযোগ্য দিন। অম্বুবাচীৰ এই পবিত্ৰক্ষণত কামাখ্যাৰ ভূমি অসমে পালে ভাল খবৰ। যি খবৰে কঢ়িয়াই আনিছে আনন্দ-সুখ তথা সম্বৃদ্ধি।

প্ৰত্যাশা অনুসৰিয়েই অপেক্ষাৰ অন্ত পেলাই ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰিলে অসম সন্তান ৰিয়ান পৰাগ। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে ৰিয়ান পৰাগৰ নাম। অৱশ্যে কেইবাগৰাকী নতুন মুখে এইবাৰ জাতীয় দলত স্থান লাভ কৰিছে।

শেহতীয়াকৈ আই পি এল তথা ঘৰুৱা ছিজনত দেখুওৱা প্ৰদৰ্শনৰ ভিত্তিতেই জাতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে ৰিয়ানৰ নাম। আসন্ন জিম্বাব’ৱে ভ্ৰমণৰ বাবে ঘোষণা কৰা হৈছে দলটো। এই অনুসৰি ভাৰতীয় দলে জিম্বাব’ৱেৰ বিপক্ষে ৫খন টি-২০ মেচ খেলিব।

স্বাভাৱিকতে ৰিয়ানৰ অন্তৰ্ভূক্তিয়ে অসম তথা উত্তৰ-পূৰ্বঞ্চলক আনন্দিত কৰিছে। ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰতো উঠিছে আনন্দৰ লহৰ।

সপোন যেতিয়া বাস্তৱায়িত হয়, সেইক্ষণৰ অনুভৱ প্ৰকাশ কৰাৰ বাবে হয়তো অভাৱ হয় শব্দৰ। আজি অসমৰ ক্ষেত্ৰতো একে হৈছে। ৰিয়ানৰ এই আনন্দ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। মাথো এটা আশা- ৰিয়ানৰ এই যাত্ৰা মধুৰ হওক, আন্তৰ্জাতিক পৰ্যায়ত উজলি উঠক ৰিয়ান নামৰ নক্ষত্ৰ।

ভাল খবৰ আহিল : টীম ইণ্ডিয়াত স্থান লাভ অসম সন্তান ৰিয়ান পৰাগৰ
ভাৰত-অষ্ট্ৰেলিয়াৰ মেচৰ পূৰ্বে শোকত ভাগি পৰিছে প্ৰাক্তন ক্ৰিকেটাৰ ইৰফান পাঠান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in