ইউ এছ অ'পেনৰ ছেমি ফাইনেলত ৰোহন বোপান্না...

ইণ্ডোনেছিয়াৰ আলিদাল ছুতদিয়াজিৰ সৈতে যুটি বান্ধি এই সাফল্য বোপান্নাৰ
ইউ এছ অ'পেনৰ ছেমি ফাইনেলত ৰোহন বোপান্না...
ইউ এছ অ'পেনৰ ছেমি ফাইনেলত ৰোহন বোপান্না...
Published on
Updated on

ডিজিটেল ডেস্কঃ ভাৰতৰ তাৰকা টেনিছ খেলুৱৈ ৰোহন বোপান্না আগবাঢ়িছে আন এখ সফলতাৰ দিশে। সদ্য সমাপ্ত পেৰিছ অলিম্পিকত ভাৰতীয় দলৰ হৈ অংশগ্ৰহণ কৰি অলিম্পিকৰ মঞ্চৰ পৰাই ভাৰতক জাৰ্ছিক বিদায় দিয়া ৰোহন বোপান্নাই ইউ এছ চলিত অ'পেনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে।

প্ৰতিযোগিতাখনৰ মিক্সড ডাৱলছত ইণ্ডোনেছিয়াৰ আলিদাল ছুতদিয়াজিৰ সৈতে যুটি বান্ধি ভাৰতীয় টেনিছ তাৰকাজনে এই সফলতা লাভ কৰিছে। কোৱাৰ্টাৰ ফাইনেলত বোপান্না আৰু ছুতদিয়াজিৰ যুটীৰ হাতত পৰাস্ত হয় মেথিউ এবডেন আৰু বাৰবোৰা ক্ৰেজিকোভাক। এক ঘণ্টা ৩৩ মিনিটৰ এই মেচখনৰ ফলাফল আছিল ৭-৬ (৭-৪), ২-৬, ১০-৭।

উল্লেখ্য যে, ছেমি ফাইনেলত বোপান্না আৰু ছুতদিয়াজিৰ যুটিয়ে খেলিব ডোনাল্ড ইয়ং আৰু টেইলৰ টাউনছেণ্ডেৰ বিৰুদ্ধে। ভাৰতীয় সময় অনুসৰি মঙ্গলবাৰে নিশা হ'ব সেই মেচ।

ইয়াৰ পূৰ্বে ২০১৭ চনত ৰোহান বোপান্নাই ফৰাচী অ'পেনৰ মিক্সড ডাৱলছ জয় কৰিছিল। এইবাৰ পুনৰ এক গ্ৰেণ্ড শ্লেম জয় কৰাৰ পূৰ্ণ সুযোগ লাভ কৰিছে। আৰু মাত্ৰ দুটা পৰ্যায় আগবাঢ়িব পাৰিলেই ভাৰত-ইণ্ডোনেছিয়াৰ এই যুটিয়ে ইউ এছ অ'পেনৰ মিক্স়ড ডাৱলছৰ গ্ৰেণ্ড শ্লেমত চুমা দিব পাৰিব।

মন কৰিবলগীয়া যে, ইউ এছ অ'পেনৰ পৰা ইতিমধ্যে বাহিৰ হৈছে নোভাক জকভিছ আৰু কাৰ্লোছ আলকাৰাজাৰ দৰে তাৰকা। সেইদৰে প্ৰতিযোগিতাখনৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে আন কেইবাজনো তাৰকা।

সেই অনুসৰি কোৱাৰ্টাৰ ফাইনেলত আন্দ্ৰে জেৰেভে খেলিব টেইলৰ ফ্ৰিতজেৰ বিৰুদ্ধে। গ্ৰিগৰ দিমিত্ৰভে খেলিব ফ্ৰান্সৰ টিয়াফোৰ বিৰুদ্ধে। জেক ড্ৰেপাৰে খেলিব এলেক্স ডি মিনাউৰ বিৰুদ্ধে। সেইদৰে ইয়ানিক ছিনাৰে খেলিব ডেনিয়েল মেদভেদভেৰ বিৰুদ্ধে।

মহিলাৰ ছিংগলছতো প্ৰৱেশ কৰিছে কেইবাজনো তাৰকা খেলুৱৈয়ে। সেইমতে ইগা শিয়েণ্টে খেলিব জেছিকা পেগুলাৰ বিৰুদ্ধে। কাৰোলিনা মুছোভাই খেলিব বিট্ৰিজ হাদ্দাদ মাইয়াৰ বিৰুদ্ধে। আৰিনা ছাবালেংকাই খেলিব কিংৱেন ঝেঙৰ বিৰুদ্ধে। পাওলা বাডোছাই খেলিব এমা নাভাৰোৰ বিৰুদ্ধে।

ইউ এছ অ'পেনৰ ছেমি ফাইনেলত ৰোহন বোপান্না...
গোৱালপাৰাৰ ৰে'ল পথত যুৱক-যুৱতীৰ ছিন্ন মৃতদেহ উদ্ধাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in