ফাইনেলৰ দুৱাৰডলিৰ পৰাই বিদায় ৰাজস্থান ৰয়েলছৰ, হায়দৰাবাদৰ ৰাজকীয় প্ৰৱেশ

ফাইনেলৰ দুৱাৰডলিৰ পৰাই বিদায় ৰাজস্থান ৰয়েলছৰ, হায়দৰাবাদৰ ৰাজকীয় প্ৰৱেশ
Published on
Updated on

ডিজিটেল ডেস্ক : খিতাপ দখলৰ আশাত চেচাঁপানী পৰিল ৰাজস্থান ৰয়েলছৰ। অৱশেষত ফাইনেলৰ দুৱাৰডলিৰ পৰাই টালি-টোপোলা বান্ধি ঘৰমূৱা হ'ব লগা হ'ল সঞ্জু ছেমছন নেতৃত্বাধীন দলটো। চেন্নাইত অনুষ্ঠিত দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত শোচনীয়ভাৱে পৰাস্ত হয় ২০০৮ৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছ।

বিপৰীতে বিশাল ব্যৱধানত ৰাজস্থানক পৰাস্ত কৰি ফাইনেললৈ ৰাজকীয় প্ৰৱেশ কৰে পেট কামিন্স নেতৃত্বাধীন ছানৰাইজাৰ্ছ হায়দৰাবাদে। শুকুৰবাৰে অনুষ্ঠিত গুৰুত্বপূৰ্ণ মেচখনত পোনতে বেট ধৰি হায়দৰাবাদে ১৭৫ ৰান সংগ্ৰহ কৰে।

ইফালে বিজয় লক্ষ্য আগতলৈ খেলপথাৰত নমা ৰাজস্থানে ১৩৯ ৰান সংগ্ৰহ কৰি পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হয়। কিয়নো প্ৰতিপক্ষ হায়দৰবাদৰ বলিঙত প্ৰত্যাহ্বান জনাব পৰা ক্ষমতা ৰাজস্থানৰ বেটাৰসকলৰ মাজত দেখিবলৈ পোৱা নগ'ল। কাৰ্যতঃ চলিল পেভিলিয়নমুখী হোৱাৰ প্ৰতিযোগিতা।

অৱশ্যে অ'পেনাৰ যশস্বী জয়ছোৱাল ৪২ আৰু মিডল অৰ্ডাৰ ধ্ৰুৱ জুৰেল ৫৬ স্বাভাৱিক ছন্দৰে খেলি উল্লেখযোগ্য বৰঙণি যোগায়। বিপৰীতে বাকীসকল বেটাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হয়। অধিনায়ক ছঞ্জু ছেমছনে ১০, টম কোহলাৰ ১০ আৰু বিগত মেচৰ তাৰকা তথা অসম সন্তান ৰিয়ান পৰাগে মাত্ৰ ৬ৰান কৰি বিদায় লয়।

উল্লেখযোগ্য যে ফাইনেলত কলকাতাৰ মুখামুখী হ'ব ছানৰাইজাৰ্ছ হায়দৰাবাদ।

ফাইনেলৰ দুৱাৰডলিৰ পৰাই বিদায় ৰাজস্থান ৰয়েলছৰ, হায়দৰাবাদৰ ৰাজকীয় প্ৰৱেশ
ভাৰত-ম্যানমাৰৰ সৈতে শান্তি আলোচনা কৰাৰ পৰিকল্পনা এন এছ চি এন-কেৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in