নৱমবাৰৰ বাবে ভাৰতৰ দখলত ছাফ চেম্পিয়নশ্বিৰ খিতাপ...

নৱমবাৰৰ বাবে ভাৰতৰ দখলত ছাফ চেম্পিয়নশ্বিৰ খিতাপ...

author-image
Asomiya Pratidin
New Update
নৱমবাৰৰ বাবে ভাৰতৰ দখলত ছাফ চেম্পিয়নশ্বিৰ খিতাপ...

নৱমবাৰৰ বাবে ভাৰতৰ দখলত ছাফ চেম্পিয়নশ্বিৰ খিতাপ...

ডিজিটেল ডেস্কঃ স্বপ্নৰ দৌৰত ভাৰতীয় ফুটবল। ইতিহাস সৃষ্টি কৰি দ্বিতীয়বাৰৰ বাবে ইণ্টাৰ কণ্টিনেণ্টেল কাপৰ খিতাপ জয় কৰাৰ পাছতেই এইবাৰ নৱমবাৰৰ বাবে ভাৰতে অৰ্জন কৰিলে ছাফ চেম্পিয়নশ্বিপৰ খিতাপ।

ছাফ চেম্পিয়নশ্বিপ ফুটবলৰ মঙ্গলবাৰে অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত কুৱেইটক ৫-৪ ব্যৱধানত পৰাস্ত কৰি এই খিতাপ অৰ্জন কৰে। দৰ্শকেৰে ভৰি থকা কান্তিৰাভা ষ্টেডিয়ামত অনুষ্ঠিত মেচখন প্ৰথমে নিৰ্ধাৰিত সময়ত ১-১ গ'লত অমীমাংসিত হয়।

প্ৰথমাৰ্ধত মেচখনৰ ১৪ মিনিটত কুৱেইটৰ আল খালিদিয়ে প্ৰথমটো গ'ল কৰি কুৱেইটক অগ্ৰগতি দিয়ে। ইয়াৰ পিছত ভাৰতৰ হৈ ৩৮ মিনিটত চাংটেই ভাৰতৰ হৈ এটা গ'ল কৰি সমতা স্থাপন কৰে।

প্ৰথম আৰু দ্বিতীয়াৰ্ধত ভাৰতে গ'ল কৰাৰ কেইবাটাও সুযোগ লাভ কৰে যদিও সফল নহয়। ইয়াৰ পাথত অতিৰিক্ত সময়লৈ মেচখন লৈ যোৱা হয় যদিও তাতো কোনো ফলাফল নোলোৱাত টাইব্ৰেকাৰৰ সহায় লোৱা হয়।

ট্ৰাইবেকাৰত ভাৰত আৰু কুৱেইটে এটাকৈ গ'ল কৰাত ব্যৰ্থ হয়। ছাডেন ডেথত ভাৰতে সফলতা লাভ কৰে।

Also Read: কাছাৰত ডকাইতৰ দুই গেঙৰ মাজত তুমুল মাৰপিটঃ গুলীচালনাৰ ঘটনা...

ফুটবল