শ্ৰীলংকা ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে জয়সূৰ্যক নিযুক্তি...

২০২৬ ৰ ৩১ মাৰ্চলৈকে তেওঁ থাকিব এই দায়িত্বত
শ্ৰীলংকা ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে জয়সূৰ্যক নিযুক্তি...
শ্ৰীলংকা ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে জয়সূৰ্যক নিযুক্তি...
Published on
Updated on

ডিজিটেল ডেস্কঃ শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰ ছনথ জয়সূৰ্যক দেশখনৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডৰ কাৰ্যকৰী কমিটীয়ে সোমবাৰে জয়সূৰ্যক দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডে এক্স হেণ্ডেলত এই সিদ্ধান্তৰ কথা ৰাজহুৱা কৰিছে। তেওঁ ২০২৬ ৰ ৩১ মাৰ্চলৈকে এই দায়িত্ব পালন কৰিব। ক্ৰিকেট ব’ৰ্ডে উল্লেখ কৰা মতে শেহতীয়াকৈ শ্ৰীলংকা দলটোৱে ভাৰত, ইংলেণ্ড, নিউজিলেণ্ডৰ বিৰুদ্ধে দেখুওৱা উন্নত প্ৰদৰ্শনৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

এই সময়ছোৱাত তেওঁ দলটোৰ অন্তৱৰ্তীকালীন মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্বত আছিল। উল্লেখ্য যে, ৫৫ বৰ্ষীয় জয়সূৰ্য শ্ৰীলংকাৰ প্ৰাক্তন অধিনায়ক। কেৱল শ্ৰীলংকাৰে নহয়, ক্ৰিকেট বিশ্বৰে তেওঁ এগৰাকী অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে।

তেওঁক সৰ্বকালৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ অলৰাউণ্ডাৰ হিচাপেও বিবেচনা কৰা হয়। ১৯৯৬ চনৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপ জয়ী দলৰ সদস্য জয়সূৰ্য ২০০২ ৰ চেম্পিয়নছ ট্ৰফী বিজয়ী দলৰ অধিনায়ক আছিল। সেইবাৰ ভাৰতৰ সৈতে শ্ৰীলংকাক যুটীয়া ভাৱে চেম্পিয়ন হিচাপে ঘোষণা কৰা হৈছিল।

উইকিপিডিয়াৰ তথ্য অনুসৰি কেৰিয়াৰত তেওঁ ১১০ খন টেষ্ট খেলি ৬,৯৭৩ ৰাণ, ৪৪৫ খন এদিনীয়ে খেলি ১৩,৪৩০ ৰাণ আৰু ১১১ খন টি-২০ত ২৩১৭ ৰাণ কৰিবলৈ সক্ষম হৈছিল। তাৰোপৰি তেওঁ টেষ্টত ১৪ টা শতক ৩১ টা অৰ্ধশতক, এদিনীয়াত ২৮ টা শতক আৰু ৬৮ টা অৰ্ধশতক কৰিছে।

শ্ৰীলংকা ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে জয়সূৰ্যক নিযুক্তি...
Inter IIT Aquatics Meet ত ভাৰ্গৱ ফুকনৰ স্বৰ্ণসহ তিনিটা পদক অৰ্জন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in