ছানিয়া মিৰ্জাৰ মহম্মদ ছামিৰে বিয়া ! কিমান সত্য এই খবৰ?

ছানিয়াৰ পিতৃয়ে দিলে স্পষ্টিকৰণ
ছানিয়া মিৰ্জাৰ মহম্মদ ছামিৰে বিয়া ! কিমান সত্য এই খবৰ?
ছানিয়া মিৰ্জাৰ মহম্মদ ছামিৰে বিয়া ! কিমান সত্য এই খবৰ?
Published on
Updated on

ডিজিটেল ডেস্কঃ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এক খবৰ। প্ৰাক্তন টেনিছ তাৰকা ছানিয়া মিৰ্জা আৰু ভাৰতী ক্ৰিকেট দলৰ বেগী বলাৰ মহম্মদ ছামি আৱদ্ধ হ’ব বিবাহপাশত। পাকিস্তানৰ ক্ৰিকেটাৰ শ্বৈব মালিকৰ সৈতে বিগত বছৰত বিবাহ বিচ্ছেদ হৈছিল ছানিয়া মিৰ্জাৰ। একেদৰেই মহম্মদ ছামিৰো পত্নী হাছিন জাহানৰ সৈতে বিবাহ বিচ্ছেদ হৈছে।

এনে পৰিস্থিতিত এই দুয়োগৰাকী তাৰকা খেলুৱৈৰ মাজত বিবাহৰ খবৰ ভাইৰেল হৈ পৰাত স্বাভাৱিকতে সৰ্বত্ৰে বিষয়টোৱে চৰ্চা লাভ কৰিছে। কিন্তু প্ৰকৃততে এই খবৰ কিমান সত্য? ভাইৰেল হোৱা এই খবৰ সন্দৰ্ভত ছানিয়া মিৰ্জা অথবা মহম্মদ ছামিয়ে মুখ খোলা নাই যদিও ছানিয়া মিৰ্জাৰ পিতৃয়ে এই খবৰ অসত্য বুলি জানিবলৈ দিছে।

ছানিয়াৰ পিতৃয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম এনডিটিভিৰ আগত কয় যে, এয়া সম্পূৰ্ণ ভুৱা খবৰ। বিয়া দূৰৰে কথা আনকি ছানিয়াই মহম্মদ ছামিক লগেই পোৱা নাই।

উল্লেখ্য যে, ভাৰতীয় বেগী বলাৰ মহম্মদ ছামিয়ে ২০২৩ ৰ এদিনীয়া বিশ্বকাপত কৰা প্ৰদৰ্শনে তেওঁক বিশ্ব ক্ৰিকেটৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ বেগী বলাৰ হিচাপে প্ৰতিষ্ঠিত কৰিছে। ছামিৰ দূৰন্ত প্ৰদৰ্শনৰ বাবেই ভাৰতীয় দলটো প্ৰতিযোগিতাখনৰ ফাইনেলত উপনীত হৈছিল।

আঘাতৰ বাবে বৰ্তমান খেল পথাৰৰ পৰা বাহিৰত আছে এইগৰাকী ক্ৰিকেটাৰ। এনে সময়তে ছানিয়া মিৰ্জাৰ সৈতে তেওঁৰ বিবাহৰ খবৰ ভাইৰেল হৈছে। এই খবৰ অস্বীকাৰ কৰি ছানিয়াৰ দেউতাকে স্পষ্ট কৰিছে ছানিয়া আৰু ছামিৰ মাজৰ বিয়াৰ খবৰ সামাজিক মাধ্যম ব্যহাৰকাৰীৰ কল্পনাপ্ৰসূত খবৰহে।

ছবাৰৰ গ্ৰেণ্ড শ্লাম বিজয়ী ছানিয়াই হজ যাত্ৰা আৰম্ভ কৰিছে। এটা বছৰ পূৰ্বে ছানিয়াই প্ৰফেচনেল টেনিছৰ পৰা অৱসৰ ঘোষণা কৰিছে। অৱশ্যে তেওঁ এগৰাকী বিশেষজ্ঞ হিচাপে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰি আহিছে।

ছানিয়া আৰু ছামিৰ মাজত বিবাহৰ এই ভুৱা খবৰ বিয়পাৰ আঁৰত অৱশ্যে কাৰণ নথকাও নহয়। দুয়োৰে বিবাহৰ পোচাকত থকা ভুৱা ফটো সামাজিক মাধ্যমত বিয়পি পৰিছিল। এই ফটোখন প্ৰকৃততে এটা দশকৰো পুৰণি।

২০১০ চনত ছানিয়া আৰু শ্বৈব মালিকৰ মাজত বিবাহৰ সময়ত তোলা ফটো আছিল এইখন। এই ফটোখনকে কোনোৱে এডিট কৰি শ্বৈব মালিকৰ স্থানত মহম্মদ ছামিক লগাই প্ৰচাৰ কৰিছে।

ছানিয়া মিৰ্জাৰ মহম্মদ ছামিৰে বিয়া ! কিমান সত্য এই খবৰ?
বেটে - বলে পৰাক্ৰম টীম ইণ্ডিয়াৰ, ৪৭ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত আফগানিস্তান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in