ডিজিটেল ডেস্ক : জাতীয় ক্ৰিকেট দলৰ পৰা বাদ পৰিলেও পুনৰ চৰ্চালৈ আহিছে সঞ্জু ছেমছনৰ নাম। এইবাৰ তেঁওৰ নাম ক্ৰিকেটৰ বাবে চৰ্চালৈ অহা নাই। আহিছে বিশেষ ভূমিকাৰ বাবেহে।
ফুটবল দল ক্ৰয় কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ সদস্য তথা ৰাজস্থান ৰয়েলছৰ অধিনায়ক ছেমছনে। তেঁও অলপতে কেৰালা ছুপাৰ লীগৰ মাল্লাপুৰম এফ চি নামৰ দলটো ক্ৰয় কৰে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে মঙলবাৰে ফৰ্চা কোচিক ২-১ গলত পৰাস্ত কৰিছিল মাল্লাপুৰমে। তাৰ পাছতে দলটোৰ কৰ্তৃপক্ষই অন্যতম স্বত্বাধিকাৰী হিচাপে সঞ্জু ছেমছনৰ নাম ঘোষণা কৰে।
উল্লেখযোগ্য যে সঞ্জু ছেমছন উক্ত দলটোৰ আন এগৰাকী স্বত্বাধিকাৰীহে, তেঁওৰ উপৰি দলটোত আছে আৰু ৩গৰাকী সহ স্বত্বাধিকাৰী। তেঁওলোক হৈছে- আজমল বিছমি, আনোৱাৰ আৰু বেবী মিলান্ত।
Also Read: থাইলেণ্ডত সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি দিছা ৰিছা কাশ্যপৰ কৃতিত্ব