য়নেক্স ছানৰাইজ অল ইণ্ডিয়া ছাব জুনিয়ৰ ৰেংকিং বেডমিণ্টন টুৰ্ণামেণ্টৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল

ডিব্ৰুগড়ত অনুষ্ঠিত এই টুৰ্ণামেণ্টে ৰাজ্যত উন্নতন মানৰ খেলুৱৈ সৃষ্টিত অৰহিণা যোগোৱাৰ আশা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱলৰ
য়নেক্স ছানৰাইজ অল ইণ্ডিয়া ছাব জুনিয়ৰ ৰেংকিং বেডমিণ্টন টুৰ্ণামেণ্টৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল
য়নেক্স ছানৰাইজ অল ইণ্ডিয়া ছাব জুনিয়ৰ ৰেংকিং বেডমিণ্টন টুৰ্ণামেণ্টৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল
Published on
Updated on

ডিজিটেল সংবাদ ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলা ক্রীড়া সন্থাৰ উদ্যোগত ২৫ ৰ পৰা ৩০ অক্টোবৰলৈ আয়োজিত য়'নেক্স ছানৰাইজ অল ইণ্ডিয়া ছাব জুনিয়ৰ ৰেংকিং বেডমিন্টন টুর্ণামেণ্টৰ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্রহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্রুগড় লোকসভা সমষ্টিৰ সাংসদ সর্বানন্দ সোণোৱালে। ১৩ বছৰ অনুৰ্ধৰ ল'ৰা আৰু ছোৱালী শাখাত অনুষ্ঠিত হৈ থকা এই প্রতিযোগিতাত সমগ্ৰ ভাৰতৰ বিভিন্ন খেলুৱৈ, বিষয়া আৰু প্ৰতিনিধিসকলে অংশগ্রহণ কৰিছে।

প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত এয়া সৰ্বভাৰতীয় ৰেংকিং বেডমিন্টন টুর্ণামেন্ট আয়োজন হোৱাটো অত্যন্ত আশা আৰু আনন্দৰ বতৰা বুলি সোণোৱালে উল্লেখ কৰে। সমগ্ৰ প্ৰতিযোগিতাৰ সৰ্বাংগীণ সফলতা আন্তৰিকতাৰে কামনা কৰি তেখেতে উদ্যোক্তাসকলৰ সবল ভূমিকাৰ শলাগ লয় আৰু খেলুৱৈসকলক আন্তৰিক শুভেচ্ছা জনায়।

এই টুর্ণামেন্টে ৰাজ্যখনত উন্নত মানৰ খেলুৱৈ সৃষ্টিত অৰিহণা যোগোৱাৰ লগতে ক্রীড়া আন্তঃগাঁথনিক শক্তিশালী কৰিব বুলিও সোণোৱালে মত পোষণ কৰে। সর্বানন্দ সোণোৱালে ভাষণ প্রসংগত কয়, "ক্রীড়াই মানৱ সমাজক যুগে যুগে একতাৰ ডোলেৰে বান্ধি আহিছে। ক্রীড়াত আছে সেই মহৎ শক্তি, যিয়ে সমন্বয়ৰ উপৰি মানুহৰ শাৰীৰিক-মানসিক উৎকর্ষ সাধনতো সহায় কৰে।

তেওঁ কয়, মাননীয় প্রধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত বিগত এটা দশকত অসমৰ লগতে সমগ্ৰ দেশৰে ক্রীড়া খণ্ডত আমূল পৰিৱৰ্তনৰ সূচনা হৈছে। অসমত বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ টুর্ণামেণ্টৰ সফল আয়োজনে অসমক দেশৰ ক্ৰীড়া মানচিত্ৰৰ অন্যতম প্রাণকেন্দ্র হিচাপে উজলাই তুলিছে। ক্রীড়া খণ্ডৰ সৰ্বাংগীণ উত্তৰণে এখন সুস্থ-সবল ভাৰত গঢ়াত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে।

বিগত এটা দশকত অসমৰ ক্ৰীড়াৰ পৰিৱেশৰ অভূতপূৰ্ব ৰূপান্তৰ সাধন হৈছে। এইখন অসমতে দীপাংকৰ ভট্টাচাৰ্যৰ দৰে প্ৰখ্যাত খেলুৱৈৰ সৃষ্টি হৈছিল, যিয়ে দুবাৰকৈ ভাৰতক অলিম্পিকত প্রতিনিধিত্ব কৰিছিল। অলিম্পিকত ভাৰতৰ পদকৰ সংখ্যা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল টার্গেট অলিম্পিক প'ডিয়াম শীর্ষক আঁচনিখনে।

মাননীয় প্রধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমি দেশৰ ক্ৰীড়ামন্ত্রী হৈ থকাৰ কালছোৱাত গ্ৰহণ কৰা টার্গেট অলিম্পিক প'ডিয়াম শীর্ষক আঁচনিখনে গুণগত প্রশিক্ষণ সামৰি উন্নত মানৰ খেলুৱৈ সৃষ্টিত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। অসমত অস্মিতা চলিহাৰ দৰে বহু যুৱ বেডমিন্টন খেলুৱৈৰ সৃষ্টি হৈছে, যিয়ে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ লগতে সমগ্ৰ দেশৰ সুনাম বৃদ্ধি কৰিছে।

আমাৰ চৰকাৰৰ দিনত এনেধৰণৰ উন্নত ক্ৰীড়াৰ পৰিৱেশ গঢ় দিয়াৰ বাবে নিৰন্তৰ প্ৰচেষ্টা গ্ৰহণ কৰি থকা হৈছে। ডিব্ৰুগড়ত অনুষ্ঠিত য়'নেক্স-ছানৰাইজ অল ইণ্ডিয়া চাব-জুনিয়ৰ ৰেংকিং বেডমিন্টন টুর্ণামেন্টে ক্ৰীড়াৰ সবলীকৰণৰ এই নিৰন্তৰ যাত্রাক এক নতুন গতি দিব বুলি আমি দৃঢ় বিশ্বাসী। এই মন্তব্য় কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ।

আজিৰ অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ সৈতে উপস্থিত থাকে বিধায়ক তেৰছ গোৱালা, চক্ৰধৰ গগৈ, তৰংগ গগৈ, অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱা, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ চৈকত পাত্র, উপ-মেয়ৰ উজ্জ্বল ফুকন প্রমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তিসকল।

য়নেক্স ছানৰাইজ অল ইণ্ডিয়া ছাব জুনিয়ৰ ৰেংকিং বেডমিণ্টন টুৰ্ণামেণ্টৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল
কাজলগাঁৱত শোকাবহ পথ দুৰ্ঘটনা:অচিনাক্ত বাহনৰ খুন্দাত নিহত বাইক আৰোহী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in