৪ অভাৰত ব্যয় মাত্ৰ ৮ ৰাণঃ এটা মেইডেনসহ ৭ টাকৈ উইকেট লাভ...

৪ অভাৰত ব্যয় মাত্ৰ ৮ ৰাণঃ এটা মেইডেনসহ ৭ টাকৈ উইকেট লাভ...
৪ অভাৰত ব্যয় মাত্ৰ ৮ ৰাণঃ এটা মেইডেনসহ ৭ টাকৈ উইকেট লাভ...
Published on
Updated on

ডিজিটেল ডেস্কঃ ক্ৰিকেটৰ চমু ফৰ্মেট টি-২০ ত সকলো সম্ভৱ। মাত্ৰ ২০ অভাৰৰ এই খেলত ইতিমধ্যে কেইবাজনো ক্ৰিকেটাৰে শতকীয় ইনিংছ খেলি খেলপথাৰত ৰাণৰ বৰষুণ আনিবলৈ সক্ষম হৈছে।

আজিৰ তাৰিখত টি-২০ত চেঞ্চুৰি এক সাধাৰণ কথা যেন হৈ পৰিছে। এফালৰ পৰা বলাৰক নিৰ্দয়ভাৱে প্ৰহাৰ কৰি যিদৰে বেটছমেনসকলে ৰাণৰ পাহাৰ গঢ়ি নতুন নতুন অভিলেখ গঢ়িছে ঠিক সেইদৰেই বলাৰসকলো পাছ পৰি থকা নাই।

তেওঁলোকেও ৰচনা কৰিছে নিত্য নতুন ইতিহাস। শেহতীয়াকৈ টি-২০ ক্ৰিকেটত নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে মালয়েছিয়াৰ বেগী বলাৰ ছিয়াজৰুল ইদ্ৰুছে। ফাষ্ট বলাৰজনে ক্ৰিকেটৰ এই চমু ফৰ্মেটত ৭ টাকৈ উইকেট দখল কৰি এক নতুন বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

এনে অভিলেখৰ অধিকাৰী হোৱা তেওঁ বিশ্বৰ প্ৰথমজন বেগী বলাৰ। কুৱালালামপুৰত চলি থকা টি-২০ বিশ্বকাপৰ কোৱালিফায়াৰৰ এখন মেচত চীনৰ বিৰুদ্ধে খেলি ইদ্ৰুছে ৭ টাকৈ উইকেট দখল কৰিছে।

তেওঁ মেচখনত মুঠ ৪ অভাৰ বলিং কৰি মাত্ৰ ৮ ৰাণ ব্যয় কৰি এটা মেইডেনসহ ৭ টা উইকেট দখল কৰিছে। এই সাতোজন বেটছমেনকে তেওঁ ব'ল্ড কৰিছে। আৰু ইয়াৰ লগে লগে বিশ্ব ক্ৰিকেটৰ চমু ফৰ্মেটত এয়াই হৈ পৰিল শ্ৰেষ্ঠ প্ৰদৰ্শন।

উল্লেখ্য, ইয়াৰ পূৰ্বে টি-২০ ক্ৰিকেটত ২০২১ত নাইজেৰিয়াৰ পিটাৰ আহোৰে এখন মেচত ৫ ৰাণ ব্যয় কৰি ৬ উইকেট লাভ কৰিছিল। ভাৰতীয় বলাৰ দীপক চাহৰে ২০১৯ ত বাংলাদেশৰ বিৰুদ্ধে খেলি ৭ ৰাণ ব্যয় কৰি ৬ টা উইকেট লাভ কৰিছিল।

৪ অভাৰত ব্যয় মাত্ৰ ৮ ৰাণঃ এটা মেইডেনসহ ৭ টাকৈ উইকেট লাভ...
মিজোৰামত জব্দ ৫৪ কোটি ৭৯ লাখ টকাৰ ড্ৰাগছঃ গ্ৰেপ্তাৰ অসমৰ সৰবৰাহকাৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in